--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ বজাৰত উপলব্ধ হ’ল আটাইতকৈ কম দামৰ বৈদ্যুতিক মাইক্ৰ কাৰখন। মুম্বাইৰ ষ্টাৰ্টআপ পাৰ্চনেল মোবিলিটি ভেহিকেলে বুধবাৰে দেশৰ আটাইতকৈ সস্তা বৈদ্যুতিক মাইক্ৰ’ কাৰ পিএমভি ইএএছ-ই মুকলি কৰে।

চাৰিখন দুৱাৰ আৰু দুখন আসন থকা এই সৰু বৈদ্যুতিক গাড়ীখনৰ প্ৰাৰম্ভিক মূল্য মাত্ৰ ৪.৭৯ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে।
 বৰ্তমান, কোম্পানীটোৱে ইয়াক এক পৰিচয় মূল্যৰ সৈতে প্ৰৱৰ্তন কৰিছে। এই পৰিচয় মূল্যত প্ৰাৰম্ভিক ১০,০০০ গ্ৰাহকৰ বাবে উপলব্ধ হ’ব।

কোম্পানীটোৱে ইতিমধ্যে গাড়ীখনৰ প্ৰাক-বুকিং আৰম্ভ কৰিছে। কোম্পানীৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে মাত্ৰ ২০০০ টকাতে ইয়াক বুক কৰিব পাৰি।

কোম্পানীটোৱে দাবী কৰিছে যে এই মাইক্ৰ’কাৰখন মুকলি কৰাৰ আগতেই এতিয়ালৈকে ইয়াৰ বাবে ৬০০০ ইউনিটৰ বুকিং নথিভুক্ত কৰা হৈছে।

মুঠ তিনিটা পৃথক ড্ৰাইভিং ৰেঞ্জৰ সৈতে বৈদ্যুতিক গাড়ীখন বহুতো ৰঙত উপলব্ধ হ’ব। পিএমভি ইলেক্ট্ৰিকৰ দ্বাৰা প্ৰাপ্ত তথ্য অনুসৰি, দৈনিক যাতায়তৰ কথা মনত ৰাখি এই দুখন আসনৰ বৈদ্যুতিক গাড়ীখন প্ৰস্তুত কৰা হৈছে।

গাড়ীখনত দুজন লোকক বহাৰ ব্যৱস্থা কৰা হৈছে। য’ত এজন ব্যক্তি সন্মুখত বহিব আৰু আনজন ব্যক্তি পিছফালে বহিব। ইয়াৰ দৈৰ্ঘ্য ২,৯১৫ মিমি,প্ৰস্থ ১,১৫৭ মিমি আৰু উচ্চতা ১,৬০০ মিমি।

এই গাড়ীখনৰ মুঠ ওজন মাত্ৰ ৫৫০ কিলোগ্ৰাম। সুবিধাবোৰৰ ভিতৰত আছে ডিজিটেল ইনফোটেইনমেণ্ট চিষ্টেম, এটা ইউএছবি চাৰ্জিং পোৰ্ট,এয়াৰ কণ্ডিচনিং,ৰিম’ট কীলেছ এণ্ট্ৰি আৰু ৰিম’ট পাৰ্ক সহায়,ক্ৰুজ নিয়ন্ত্ৰণ,এয়াৰবেগ আৰু লগতে চিট বেল্ট।

এই বৈদ্যুতিক মাইক্ৰ’ কাৰখন এবাৰ চাৰ্জত দিলেই ২০০কিলোমিটাৰ পৰ্যন্ত চলাব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু