--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ বজাৰত উপলব্ধ হ’ল আটাইতকৈ কম দামৰ বৈদ্যুতিক মাইক্ৰ কাৰখন। মুম্বাইৰ ষ্টাৰ্টআপ পাৰ্চনেল মোবিলিটি ভেহিকেলে বুধবাৰে দেশৰ আটাইতকৈ সস্তা বৈদ্যুতিক মাইক্ৰ’ কাৰ পিএমভি ইএএছ-ই মুকলি কৰে।

চাৰিখন দুৱাৰ আৰু দুখন আসন থকা এই সৰু বৈদ্যুতিক গাড়ীখনৰ প্ৰাৰম্ভিক মূল্য মাত্ৰ ৪.৭৯ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে।
 বৰ্তমান, কোম্পানীটোৱে ইয়াক এক পৰিচয় মূল্যৰ সৈতে প্ৰৱৰ্তন কৰিছে। এই পৰিচয় মূল্যত প্ৰাৰম্ভিক ১০,০০০ গ্ৰাহকৰ বাবে উপলব্ধ হ’ব।

কোম্পানীটোৱে ইতিমধ্যে গাড়ীখনৰ প্ৰাক-বুকিং আৰম্ভ কৰিছে। কোম্পানীৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে মাত্ৰ ২০০০ টকাতে ইয়াক বুক কৰিব পাৰি।

কোম্পানীটোৱে দাবী কৰিছে যে এই মাইক্ৰ’কাৰখন মুকলি কৰাৰ আগতেই এতিয়ালৈকে ইয়াৰ বাবে ৬০০০ ইউনিটৰ বুকিং নথিভুক্ত কৰা হৈছে।

মুঠ তিনিটা পৃথক ড্ৰাইভিং ৰেঞ্জৰ সৈতে বৈদ্যুতিক গাড়ীখন বহুতো ৰঙত উপলব্ধ হ’ব। পিএমভি ইলেক্ট্ৰিকৰ দ্বাৰা প্ৰাপ্ত তথ্য অনুসৰি, দৈনিক যাতায়তৰ কথা মনত ৰাখি এই দুখন আসনৰ বৈদ্যুতিক গাড়ীখন প্ৰস্তুত কৰা হৈছে।

গাড়ীখনত দুজন লোকক বহাৰ ব্যৱস্থা কৰা হৈছে। য’ত এজন ব্যক্তি সন্মুখত বহিব আৰু আনজন ব্যক্তি পিছফালে বহিব। ইয়াৰ দৈৰ্ঘ্য ২,৯১৫ মিমি,প্ৰস্থ ১,১৫৭ মিমি আৰু উচ্চতা ১,৬০০ মিমি।

এই গাড়ীখনৰ মুঠ ওজন মাত্ৰ ৫৫০ কিলোগ্ৰাম। সুবিধাবোৰৰ ভিতৰত আছে ডিজিটেল ইনফোটেইনমেণ্ট চিষ্টেম, এটা ইউএছবি চাৰ্জিং পোৰ্ট,এয়াৰ কণ্ডিচনিং,ৰিম’ট কীলেছ এণ্ট্ৰি আৰু ৰিম’ট পাৰ্ক সহায়,ক্ৰুজ নিয়ন্ত্ৰণ,এয়াৰবেগ আৰু লগতে চিট বেল্ট।

এই বৈদ্যুতিক মাইক্ৰ’ কাৰখন এবাৰ চাৰ্জত দিলেই ২০০কিলোমিটাৰ পৰ্যন্ত চলাব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক