--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শৰীৰত প্ৰভাৱ পেলোৱা বহু ৰোগৰ লক্ষণ প্ৰায়ে জিভাত দেখা যায়। ৰোগীয়ে যেতিয়া শাৰীৰিক পৰীক্ষা কৰিবলৈ যায় তেতিয়া চিকিৎসকে প্ৰথমে জিভা দেখুৱাবলৈ কয়। কাৰণ জিভাই বহুতো স্বাস্থ্যজনিত সমস্যাৰ কথা ক’ব পাৰে। জিভাৰ ৰঙৰ পৰিৱৰ্তন চাই চিকিৎসকে আপোনাৰ স্বাস্থ্য ভাল নে নাই আৰু আপোনাৰ সমস্যা কি সেই বিষয়ে এটা ধাৰণা ল’ব পাৰে। আহক জানো আপোনাৰ স্বাস্থ্যৰ লগত জড়িত কি কি গোপন কথা জিভাই উদঙাই দিব পাৰে।

জিভাই মুকলি কৰিব স্বাস্থ্যৰ লগত জড়িত বহু গোপনীয়তা-

১) বাৰ্নিং মাউথ চিণ্ড্ৰম : এইটো এনেকুৱা এটা সমস্যা, য’ত জিভা আৰু তালুকে ধৰি সমগ্ৰ মুখত জ্বলা-পোৰা অনুভৱ কৰা হয়। ইয়াৰ বাবেই ডিঙিৰ বিষ আৰু ৰুচিৰ পৰিৱৰ্তনৰ সমস্যাৰ সৃষ্টি হয়।

২) মুখৰ ভিতৰত বগা দাগ: জিভাত বগা দাগ দেখা পোৱাটো ভেঁকুৰ সংক্ৰমণৰ লক্ষণ হ’ব পাৰে। এই সমস্যা সাধাৰণতে শিশু আৰু বৃদ্ধৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়। জিভাত বগা দাগ থাকিলেও লিউকোপ্লেকিয়া সমস্যাৰ সংকেত দিয়ে। বেছিভাগ লিউকোপ্লাকিয়া পেচ কেন্সাৰ নহয়। যদিও কিছুমান কেন্সাৰ আৰম্ভ হোৱাৰ লক্ষণ হ’ব পাৰে। ধঁপাত খোৱা লোকৰ ক্ষেত্ৰত এই সমস্যা অধিক বৃদ্ধি পায়।

৩) জিভাত চুলি: বহু লোকৰ জিভাত ক’লা ডাঠ তৰপ থাকে আৰু চুলিৰ বৃদ্ধিৰ দৰে সমস্যাও দেখা যায়। এই ৰোগক Black Hairy Tongue Syndrome বুলি কোৱা হয়। ক’লা চুলিৰ জিভা চিনড্ৰম এটা বিৰল অৱস্থা। ছালত মৃত কোষ ওলাবলৈ আৰম্ভ কৰিলে এনে হয়। যাৰ বাবে জিভাত ক’লা ডাঠ তৰপ এটা সোমাই যায়।

৪) ক’লা জিভা: এন্টাচিড টেবলেট খোৱা লোক আৰু ডায়েবেটিছ ৰোগীৰ এই সমস্যা হ’ব পাৰে। এই টেবলেটবোৰত বিচমুথ ধাতু থাকে। এই ধাতু চালফাৰৰ লগত মিলি যায়, যিটো মুখ আৰু পাচনতন্ত্ৰত থাকে। এই দুটাৰ সংমিশ্ৰণৰ বাবে কেতিয়াবা জিভাখন ক’লা হৈ পৰে। সঠিক চিকিৎসাৰ দ্বাৰা ইয়াৰ আৰোগ্য লাভ কৰিব পাৰি।

৫) জিভা ৰঙা পৰাঃ জিভা ৰঙা পৰা কাৱাছাকি ৰোগৰ লক্ষণ হ’ব পাৰে। এই ৰোগে ৰক্তবাহী নলীৰ বেৰত প্ৰদাহ আৰু সমগ্ৰ শৰীৰত ভেছকুলাইটিছৰ সৃষ্টি কৰে। কাৱাছাকি ৰোগত আক্ৰান্ত বেছিভাগ শিশুৰ বয়স ১ৰ পৰা ৫ বছৰৰ ভিতৰত। কিন্তু এই ৰোগে কেঁচুৱা আৰু শিশুৰ লগতে কিশোৰ-কিশোৰীকো আক্ৰান্ত কৰিব পাৰে। স্কাৰলেট জ্বৰ ৰোগীৰ ক্ষেত্ৰতো ৰঙা জিভাৰ সমস্যা বহুবাৰ দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন