--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শৰীৰত প্ৰভাৱ পেলোৱা বহু ৰোগৰ লক্ষণ প্ৰায়ে জিভাত দেখা যায়। ৰোগীয়ে যেতিয়া শাৰীৰিক পৰীক্ষা কৰিবলৈ যায় তেতিয়া চিকিৎসকে প্ৰথমে জিভা দেখুৱাবলৈ কয়। কাৰণ জিভাই বহুতো স্বাস্থ্যজনিত সমস্যাৰ কথা ক’ব পাৰে। জিভাৰ ৰঙৰ পৰিৱৰ্তন চাই চিকিৎসকে আপোনাৰ স্বাস্থ্য ভাল নে নাই আৰু আপোনাৰ সমস্যা কি সেই বিষয়ে এটা ধাৰণা ল’ব পাৰে। আহক জানো আপোনাৰ স্বাস্থ্যৰ লগত জড়িত কি কি গোপন কথা জিভাই উদঙাই দিব পাৰে।

জিভাই মুকলি কৰিব স্বাস্থ্যৰ লগত জড়িত বহু গোপনীয়তা-

১) বাৰ্নিং মাউথ চিণ্ড্ৰম : এইটো এনেকুৱা এটা সমস্যা, য’ত জিভা আৰু তালুকে ধৰি সমগ্ৰ মুখত জ্বলা-পোৰা অনুভৱ কৰা হয়। ইয়াৰ বাবেই ডিঙিৰ বিষ আৰু ৰুচিৰ পৰিৱৰ্তনৰ সমস্যাৰ সৃষ্টি হয়।

২) মুখৰ ভিতৰত বগা দাগ: জিভাত বগা দাগ দেখা পোৱাটো ভেঁকুৰ সংক্ৰমণৰ লক্ষণ হ’ব পাৰে। এই সমস্যা সাধাৰণতে শিশু আৰু বৃদ্ধৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়। জিভাত বগা দাগ থাকিলেও লিউকোপ্লেকিয়া সমস্যাৰ সংকেত দিয়ে। বেছিভাগ লিউকোপ্লাকিয়া পেচ কেন্সাৰ নহয়। যদিও কিছুমান কেন্সাৰ আৰম্ভ হোৱাৰ লক্ষণ হ’ব পাৰে। ধঁপাত খোৱা লোকৰ ক্ষেত্ৰত এই সমস্যা অধিক বৃদ্ধি পায়।

৩) জিভাত চুলি: বহু লোকৰ জিভাত ক’লা ডাঠ তৰপ থাকে আৰু চুলিৰ বৃদ্ধিৰ দৰে সমস্যাও দেখা যায়। এই ৰোগক Black Hairy Tongue Syndrome বুলি কোৱা হয়। ক’লা চুলিৰ জিভা চিনড্ৰম এটা বিৰল অৱস্থা। ছালত মৃত কোষ ওলাবলৈ আৰম্ভ কৰিলে এনে হয়। যাৰ বাবে জিভাত ক’লা ডাঠ তৰপ এটা সোমাই যায়।

৪) ক’লা জিভা: এন্টাচিড টেবলেট খোৱা লোক আৰু ডায়েবেটিছ ৰোগীৰ এই সমস্যা হ’ব পাৰে। এই টেবলেটবোৰত বিচমুথ ধাতু থাকে। এই ধাতু চালফাৰৰ লগত মিলি যায়, যিটো মুখ আৰু পাচনতন্ত্ৰত থাকে। এই দুটাৰ সংমিশ্ৰণৰ বাবে কেতিয়াবা জিভাখন ক’লা হৈ পৰে। সঠিক চিকিৎসাৰ দ্বাৰা ইয়াৰ আৰোগ্য লাভ কৰিব পাৰি।

৫) জিভা ৰঙা পৰাঃ জিভা ৰঙা পৰা কাৱাছাকি ৰোগৰ লক্ষণ হ’ব পাৰে। এই ৰোগে ৰক্তবাহী নলীৰ বেৰত প্ৰদাহ আৰু সমগ্ৰ শৰীৰত ভেছকুলাইটিছৰ সৃষ্টি কৰে। কাৱাছাকি ৰোগত আক্ৰান্ত বেছিভাগ শিশুৰ বয়স ১ৰ পৰা ৫ বছৰৰ ভিতৰত। কিন্তু এই ৰোগে কেঁচুৱা আৰু শিশুৰ লগতে কিশোৰ-কিশোৰীকো আক্ৰান্ত কৰিব পাৰে। স্কাৰলেট জ্বৰ ৰোগীৰ ক্ষেত্ৰতো ৰঙা জিভাৰ সমস্যা বহুবাৰ দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ