--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃশেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি চৰকাৰৰ যেন কোপদৃষ্টিতহে পৰিছে  জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিক। সত্যপালে শেহতীয়াকৈ অভিযোগ কৰিছিল যে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ ঠিক আগতে পুলৱামাত চিআৰপিএফৰ কনভয়ত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত মোদীয়ে তেওঁক এই বিষয়ত মুখ বন্ধ ৰাখিবলৈ কৈছিল । উক্ত আক্ৰমণত  ৪০ জন জোৱান নিহত হৈছিল।

পুলৱামা আক্ৰমণক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লক্ষ্য কৰি লোৱাৰ পিছতে তেওঁ চিবিআইৰ জাননী লাভ কৰিছিল। এনে সময়তে  দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ (আপ) নেতা অৰবিন্দ কেজৰিৱালে মোদীৰ শাসনকালত জম্মু-কাশ্মীৰকে ধৰি কেইবাখনো ৰাজ্যৰ ৰাজ্যপাল হৈ থকা সত্যপাল মালিকৰ সমৰ্থনত ওলাই আহিছে।

কেজৰিৱালে কয় "জম্মু-কাশ্মীৰৰ ৰাজ্যপালে সমগ্ৰ দেশতে ভয়ৰ  পৰিৱেশৰ মাজতে  অভূতপূৰ্ব সাহস দেখুৱাইছে। সমগ্ৰ দেশ তেওঁৰ সৈতে আছে। কেজৰিৱালে লগতে কয় "যিসকলে চিবিআইৰ আঁৰলৈ  লুকাই আছে, তেওঁলোক কাপুৰুষ। তেওঁলোক অশিক্ষিত, দুৰ্নীতিগ্ৰস্ত, বিশ্বাসঘাতক। তেওঁলোকে আপোনাৰ সৈতে মোকাবিলা কৰিব নোৱাৰে। আপুনি আগবাঢ়ি যাওক। ''

মোদীৰ শাসনকালত জম্মু-কাশ্মীৰকে ধৰি চাৰিখন ৰাজ্যৰ ৰাজ্যপালৰ পদত অধিষ্ঠিত বিজেপি নেতা সত্যপাল মালিকে শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিযোগ কৰিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ ঠিক আগতে পুলৱামাত চিআৰপিএফৰ কনভয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত তেওঁক মুখ বন্ধ ৰাখিবলৈ কৈছিল।  তেওঁ লগতে কৈছিল  যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অৱহেলা আৰু নিৰাপত্তাৰ ত্ৰুটিৰ বাবেই কনভয়টোত সন্ত্ৰাসবাদীয়ে  আক্ৰমণ চলাব পাৰিছিল।

 একেটা সাক্ষাৎকাৰতে সত্যপালে ইংগিত দিছিল যে পুলৱামাত জোৱানসকলৰ হত্যা ৰাজনৈতিক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হ'ব পাৰে। ঘটনাক্ৰমে, যোৱা লোকসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ ভোটাৰসকলক কৈছিল, "মই প্ৰথমবাৰৰ বাবে ভোটাৰসকলক কৈছো যে আপোনাৰ প্ৰথম ভোট পুলৱামাত শ্বহীদ হোৱা বীৰ শ্বহীদসকলক উৎসৰ্গা কৰিব পাৰি!"

পুলৱামা আক্ৰমণৰ সময়ত জম্মু-কাশ্মীৰৰ ৰাজ্যপাল হৈ থকা বিজেপিৰ প্ৰাক্তন সাংসদ সত্য পালে দাবী কৰিছিল যে গৃহ মন্ত্ৰালয়ে জম্মুৰ পৰা শ্ৰীনগৰলৈ জোৱানসকলক লৈ যোৱাৰ বাবে বিমানৰ ব্যৱস্থা কৰা নাছিল। সাক্ষাৎকাৰটোৰ পিছতে চিবিআইয়ে জম্মু আৰু কাশ্মীৰত সংঘটিত  বীমা কেলেংকাৰীৰ গোচৰ এটাত মালিকলৈ চমন জাৰি কৰিছে।  অহা সপ্তাহত তেওঁক মাতি পঠিয়াইছে। চিবিআইৰ চমনসন্দৰ্ভত সত্যপালে টুইট কৰি কয়, "মই সঁচা কথা কৈ কিছুমান লোকৰ পাপ উন্মোচন কৰিছো। মই ভাবো সেইকাৰণে চমন  আহিছে। মই এজন কৃষকৰ পুত্ৰ, ভয় নকৰো। মই সত্যৰ পক্ষত থিয় দিম। ''

সাক্ষাৎকাৰটোত, সত্যপালে বীমা কেলেংকাৰীৰ গোচৰটোও উল্লেখ কৰিছিল য'ত তেওঁক চিবিআইয়ে মাতি পঠিয়াইছে। মালিকে কয় যে বিজেপি আৰু আৰ এছ এছ নেতা ৰাম মাধৱে জম্মু-কাশ্মীৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা ব্যক্তিগত কোম্পানীৰ বীমা আঁচনিৰ বাবে ওকালতি কৰিবলৈ তেওঁৰ ওচৰলৈ আহিছিল। ব্যক্তিগত কোম্পানীৰ স্বাস্থ্য বীমা আঁচনিৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে বছৰি ৮,৫০০ টকা আৰু অৱসৰপ্ৰাপ্ত সকলে ২০,০০০ টকা পৰিশোধ কৰিব লগা হৈছিল। সকলোৱে সেয়ে  অসন্তুষ্ট হৈ পৰিছিল। মালিকে সেয়ে এই আঁচনি খন বাতিল কৰি দিছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন