--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃশেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি চৰকাৰৰ যেন কোপদৃষ্টিতহে পৰিছে  জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিক। সত্যপালে শেহতীয়াকৈ অভিযোগ কৰিছিল যে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ ঠিক আগতে পুলৱামাত চিআৰপিএফৰ কনভয়ত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত মোদীয়ে তেওঁক এই বিষয়ত মুখ বন্ধ ৰাখিবলৈ কৈছিল । উক্ত আক্ৰমণত  ৪০ জন জোৱান নিহত হৈছিল।

পুলৱামা আক্ৰমণক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লক্ষ্য কৰি লোৱাৰ পিছতে তেওঁ চিবিআইৰ জাননী লাভ কৰিছিল। এনে সময়তে  দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ (আপ) নেতা অৰবিন্দ কেজৰিৱালে মোদীৰ শাসনকালত জম্মু-কাশ্মীৰকে ধৰি কেইবাখনো ৰাজ্যৰ ৰাজ্যপাল হৈ থকা সত্যপাল মালিকৰ সমৰ্থনত ওলাই আহিছে।

কেজৰিৱালে কয় "জম্মু-কাশ্মীৰৰ ৰাজ্যপালে সমগ্ৰ দেশতে ভয়ৰ  পৰিৱেশৰ মাজতে  অভূতপূৰ্ব সাহস দেখুৱাইছে। সমগ্ৰ দেশ তেওঁৰ সৈতে আছে। কেজৰিৱালে লগতে কয় "যিসকলে চিবিআইৰ আঁৰলৈ  লুকাই আছে, তেওঁলোক কাপুৰুষ। তেওঁলোক অশিক্ষিত, দুৰ্নীতিগ্ৰস্ত, বিশ্বাসঘাতক। তেওঁলোকে আপোনাৰ সৈতে মোকাবিলা কৰিব নোৱাৰে। আপুনি আগবাঢ়ি যাওক। ''

মোদীৰ শাসনকালত জম্মু-কাশ্মীৰকে ধৰি চাৰিখন ৰাজ্যৰ ৰাজ্যপালৰ পদত অধিষ্ঠিত বিজেপি নেতা সত্যপাল মালিকে শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিযোগ কৰিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ ঠিক আগতে পুলৱামাত চিআৰপিএফৰ কনভয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত তেওঁক মুখ বন্ধ ৰাখিবলৈ কৈছিল।  তেওঁ লগতে কৈছিল  যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অৱহেলা আৰু নিৰাপত্তাৰ ত্ৰুটিৰ বাবেই কনভয়টোত সন্ত্ৰাসবাদীয়ে  আক্ৰমণ চলাব পাৰিছিল।

 একেটা সাক্ষাৎকাৰতে সত্যপালে ইংগিত দিছিল যে পুলৱামাত জোৱানসকলৰ হত্যা ৰাজনৈতিক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হ'ব পাৰে। ঘটনাক্ৰমে, যোৱা লোকসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ ভোটাৰসকলক কৈছিল, "মই প্ৰথমবাৰৰ বাবে ভোটাৰসকলক কৈছো যে আপোনাৰ প্ৰথম ভোট পুলৱামাত শ্বহীদ হোৱা বীৰ শ্বহীদসকলক উৎসৰ্গা কৰিব পাৰি!"

পুলৱামা আক্ৰমণৰ সময়ত জম্মু-কাশ্মীৰৰ ৰাজ্যপাল হৈ থকা বিজেপিৰ প্ৰাক্তন সাংসদ সত্য পালে দাবী কৰিছিল যে গৃহ মন্ত্ৰালয়ে জম্মুৰ পৰা শ্ৰীনগৰলৈ জোৱানসকলক লৈ যোৱাৰ বাবে বিমানৰ ব্যৱস্থা কৰা নাছিল। সাক্ষাৎকাৰটোৰ পিছতে চিবিআইয়ে জম্মু আৰু কাশ্মীৰত সংঘটিত  বীমা কেলেংকাৰীৰ গোচৰ এটাত মালিকলৈ চমন জাৰি কৰিছে।  অহা সপ্তাহত তেওঁক মাতি পঠিয়াইছে। চিবিআইৰ চমনসন্দৰ্ভত সত্যপালে টুইট কৰি কয়, "মই সঁচা কথা কৈ কিছুমান লোকৰ পাপ উন্মোচন কৰিছো। মই ভাবো সেইকাৰণে চমন  আহিছে। মই এজন কৃষকৰ পুত্ৰ, ভয় নকৰো। মই সত্যৰ পক্ষত থিয় দিম। ''

সাক্ষাৎকাৰটোত, সত্যপালে বীমা কেলেংকাৰীৰ গোচৰটোও উল্লেখ কৰিছিল য'ত তেওঁক চিবিআইয়ে মাতি পঠিয়াইছে। মালিকে কয় যে বিজেপি আৰু আৰ এছ এছ নেতা ৰাম মাধৱে জম্মু-কাশ্মীৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা ব্যক্তিগত কোম্পানীৰ বীমা আঁচনিৰ বাবে ওকালতি কৰিবলৈ তেওঁৰ ওচৰলৈ আহিছিল। ব্যক্তিগত কোম্পানীৰ স্বাস্থ্য বীমা আঁচনিৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে বছৰি ৮,৫০০ টকা আৰু অৱসৰপ্ৰাপ্ত সকলে ২০,০০০ টকা পৰিশোধ কৰিব লগা হৈছিল। সকলোৱে সেয়ে  অসন্তুষ্ট হৈ পৰিছিল। মালিকে সেয়ে এই আঁচনি খন বাতিল কৰি দিছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইন্ধনৰ সংকট অব্যাহত; সলনি হোৱা নাই চিলিণ্ডাৰ বুকিঙৰ নির্দেশনা
১ জুলাইৰ পৰা বলৱৎ হ’ব ‘ভি বি-জি ৰাম জি’
দেশ বচাও, ইন্ধন বচাও! মোদীৰ ‘হাফ কনভয় মডেল’ক লৈ দেশজুৰি চৰ্চা
ইৰানৰ শান্তি প্ৰস্তাৱ প্রত্যাখ্যান ড’নাল্ড ট্রাম্পৰ
গণিত অলিম্পিয়াডত দেশৰ ভিতৰত শীৰ্ষ স্থান দখল ডিব্ৰুগড়ৰ নিখিলেশ গগৈৰ
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই