--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰায়সংখ্যক লোকেই কমলা খাই ভালপায়। পিছে বহু কমসংখ্যক লোকেহে জানে যে কমলাতকৈ উপকাৰী কমলাৰ বাকলি। কমলাৰ বাকলিৰ উপকাৰিতাই আপোনাকো আচৰিত কৰি তুলিব। ভিটামিন ‘চি’ৰে পৰিপূৰ্ণ এইবিধে ফল স্বাস্থ্যৰ বাবে অতি আৱশ্যক। ৰূপচৰ্চাৰ পৰা আৰম্ভ কৰি স্বাস্থ্যৰক্ষালৈকে কমলাৰ লগতে বাকলিৰ আছে বহু অৱদান।

যদি আপুনিও কমলাৰ বাকলি খোৱাৰ পাছত পেলাই দিয়ে, তেন্তে এই অভ্যাস সলনি কৰক।কাৰণ কমলাৰ লগতে বাকলিৰ উপকাৰিতাৰ বিষয়ে জানিলে আপুনিও আচৰিত হ’ব। ভিটামিন-চিৰ দৰে পুষ্টিকৰ উপাদানৰে সমৃদ্ধ কমলা স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়।

কমলাৰ বাকলিৰ উপকাৰিতা-
(১) বহু লোকৰে মুখৰ পৰা দুৰ্গন্ধ ওলায়। এই সমস্যাৰ পৰা হাত সাৰিবলৈ ছুইংগাম ব্যৱহাৰ কৰে। তাৰ পৰিৱৰ্তে কমলাৰ বাকলি চোবাই খাওক আৰু এই সমস্যাৰ পৰা অতি সহজেই হাত সাৰিব পাৰি।
(২) ৰেফ্রিজাৰেটৰ সতেজ কৰি ৰাখিবলৈও কমলাৰ বাকলি ব্যৱহাৰ কৰিব পাৰি।
(৩) শীতকালৰ মহৰ উপদ্রৱৰ পৰা ৰক্ষা পাবলৈ মহ খেদাৰৰ বাবে ব্যৱহাৰ কৰা ধোঁৱা, কইল আদি কমলাৰ বাকলিও ব্যৱহাৰ কৰিব পাৰে। কাৰণ কমলাৰ বাকলিৰ হাইট্ৰাছ গোন্ধই মহ দূৰত ৰখাত সহায় কৰে
(৪) মধুমেহ ৰোগত কমলাৰ বাকলি উপকাৰী। ইয়াত পেক্টিন থাকে যিয়ে তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
(৫) কমলাৰ বাকলি গুড়ি কৰি নাৰিকল তেলৰ লগত মিহলাই চুলিত ব্যৱহাৰ কৰিলে চুলিৰ সমস্যা বহুখথিনি দূৰ কৰিব পাৰি। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ