--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুঠ ৮০০টা ভাৰতীয় শব্দ অক্সফৰ্ড অভিধানত শেহতীয়াকৈ অন্তৰ্ভুক্ত কৰা হৈছে। সেই তালিকাত ‘দেশ’, ‘বিন্দাস’, ‘দিয়া’, 'বাচ্ছা’ৰ দৰে বহু ভাৰতীয় শব্দ সন্নিবিষ্ট কৰা হৈছে। ব্ৰিটিছ অভিধান অনুসৰি, ইংলেণ্ড আৰু আমেৰিকাৰ পিছত ভাৰতীয় ইংৰাজীক তেওঁলোকে গুৰুত্ব দিয়ে। কিন্তু লিখিত অভিধানখন নহয়, অডিঅ’ অভিধানতহে ভাৰতীয় শব্দই স্থান পাইছে। ভাৰতৰ বাহিৰেও মুঠ ১৬টা ইংৰাজী শব্দ এই অক্সফৰ্ডৰ অডিঅ’ অভিধানত ৰখা হৈছে।

এই অডিঅ’ অভিধানখন ২০১৬ চনৰ পৰা অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছে আৰম্ভ কৰিছিল। ব্ৰিটেইন আৰু আমেৰিকাৰ উপৰিও অক্সফৰ্ডে উদ্যোগ লৈ মানুহে ইংৰাজী কোৱা সকলো দেশৰ শব্দভাণ্ডাৰ নিজৰ অভিধানত অন্তৰ্ভুক্ত কৰে। এই সংস্থাৰ সম্পাদিকা কেথেৰিন চেংষ্টাৰে কয়, "আমেৰিকা আৰু ব্ৰিটেইনৰ লগতে ভাৰতীয় ইংৰাজী আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ।"

অডিঅ’ অভিধানৰ বাবে ভাৰতীয় ইংৰাজী শব্দ বাছনি কৰাটো যথেষ্ট কঠিন আছিল বুলি কেথাৰিনে কয়। কিন্তু অৱশেষত অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছৰ কৰ্তৃপক্ষই ইমানবোৰ ভাৰতীয় শব্দ একেলগে অভিধানত স্থান দি অতি আনন্দিত হয়। 

ভাৰতৰ বাহিৰেও এই অভিধানত নিউজিলেণ্ড, ৱেষ্ট ইণ্ডিজৰ দৰে দেশৰ পৰাও স্থানীয় শব্দ লোৱা হৈছে। এই শব্দৰ জৰিয়তে ইংৰাজী ভাষাই অধিক লোকৰ কাষ চাপিব বুলি আশা কৰিছে অক্সফৰ্ড কৰ্তৃপক্ষই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক