--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুঠ ৮০০টা ভাৰতীয় শব্দ অক্সফৰ্ড অভিধানত শেহতীয়াকৈ অন্তৰ্ভুক্ত কৰা হৈছে। সেই তালিকাত ‘দেশ’, ‘বিন্দাস’, ‘দিয়া’, 'বাচ্ছা’ৰ দৰে বহু ভাৰতীয় শব্দ সন্নিবিষ্ট কৰা হৈছে। ব্ৰিটিছ অভিধান অনুসৰি, ইংলেণ্ড আৰু আমেৰিকাৰ পিছত ভাৰতীয় ইংৰাজীক তেওঁলোকে গুৰুত্ব দিয়ে। কিন্তু লিখিত অভিধানখন নহয়, অডিঅ’ অভিধানতহে ভাৰতীয় শব্দই স্থান পাইছে। ভাৰতৰ বাহিৰেও মুঠ ১৬টা ইংৰাজী শব্দ এই অক্সফৰ্ডৰ অডিঅ’ অভিধানত ৰখা হৈছে।

এই অডিঅ’ অভিধানখন ২০১৬ চনৰ পৰা অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছে আৰম্ভ কৰিছিল। ব্ৰিটেইন আৰু আমেৰিকাৰ উপৰিও অক্সফৰ্ডে উদ্যোগ লৈ মানুহে ইংৰাজী কোৱা সকলো দেশৰ শব্দভাণ্ডাৰ নিজৰ অভিধানত অন্তৰ্ভুক্ত কৰে। এই সংস্থাৰ সম্পাদিকা কেথেৰিন চেংষ্টাৰে কয়, "আমেৰিকা আৰু ব্ৰিটেইনৰ লগতে ভাৰতীয় ইংৰাজী আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ।"

অডিঅ’ অভিধানৰ বাবে ভাৰতীয় ইংৰাজী শব্দ বাছনি কৰাটো যথেষ্ট কঠিন আছিল বুলি কেথাৰিনে কয়। কিন্তু অৱশেষত অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছৰ কৰ্তৃপক্ষই ইমানবোৰ ভাৰতীয় শব্দ একেলগে অভিধানত স্থান দি অতি আনন্দিত হয়। 

ভাৰতৰ বাহিৰেও এই অভিধানত নিউজিলেণ্ড, ৱেষ্ট ইণ্ডিজৰ দৰে দেশৰ পৰাও স্থানীয় শব্দ লোৱা হৈছে। এই শব্দৰ জৰিয়তে ইংৰাজী ভাষাই অধিক লোকৰ কাষ চাপিব বুলি আশা কৰিছে অক্সফৰ্ড কৰ্তৃপক্ষই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভূটানত পুনাটছাংচু-২ জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ, শক্তি ক্ষমতা ৪০ শতাংশলৈ বৃদ্ধি
ড° ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া ৰূপৰ মুদ্ৰাৰ সবিশেষ প্রকাশ
'বনতাৰা'ৰ তদন্তৰ বাবে SIT গঠন উচ্চতম ন্যায়ালয়ৰ
সম্ভাব্য বান পৰিস্থিতিক লৈ পাকিস্তানক পুনৰ কৰিলে সতৰ্ক ; ভাৰতৰ মানৱীয়তাৰ বাবেই প্রাণ বাচিল ২ লক্ষ পাকিস্তানীৰ
অমিত শ্বাহক অসমলৈ আদৰণি জনাইছোঁ কিন্তু আহি কেৱল মিছা প্ৰতিশ্ৰুতি দি গ'লে নহ'ব: লুৰিণজ্যোতি গগৈ
দিল্লীৰ ২০খন মহাবিদ্যালয়ত বোমাৰ ভাবুকি, ভাবুকিপূৰ্ণ ই-মেইলে টোপনি কাঢ়িছে প্ৰশাসনৰ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা