--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • লুৰিণজ্যোতি গগৈয়ে লগতে কয় যে কেন্দ্ৰীয় নেতা বাৰম্বাৰ অসমলৈ আহি ভাওনাৰ বচন গাই থাকিলে নহ'ব। নিৰ্বাচনৰ বাবে ভোটাৰক প্ৰলোভন দিলেই নহ'ব।

ডিজিটেল ডেস্কঃ  ২৯ আগষ্টত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উক্ত দিনটোত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ ভিতৰত আছে নৱ নিৰ্মিত ৰাজভৱন মুকলিৰ কাৰ্যসূচীও। গৃহমন্ত্ৰী অমিত শ্বাহক অসমভূমিলৈ আদৰণি অজাপ সভাপতি লুৰিণজ্যোতি গগৈৰ ।


লুৰিণজ্যোতি গগৈয়ে কয় যে গৃহমন্ত্ৰী অমিত শ্বাহক অসমলৈ আদৰণি জনাইছো কিন্তু পুনৰবাৰ অসমত আহি কেৱল মিছা প্ৰতিশ্ৰুতি দি গ'লে নহ'ব। চৰকাৰে বাংলাদেশী অসমৰ পৰা কিমান খেদিলে তাৰ হিচাপ বা শ্বেতপত্ৰ প্ৰকাশৰ দাবী জনালে গগৈয়ে। 


তেওঁ লগতে কয় যে কেন্দ্ৰীয় নেতা বাৰম্বাৰ অসমলৈ আহি ভাওনাৰ বচন গাই থাকিলে নহ'ব। নিৰ্বাচনৰ বাবে ভোটাৰক প্ৰলোভন দিলেই নহ'ব। অসমৰ জ্বলন্ত সমস্যাসমূহৰ ওপৰত গৃহমন্ত্ৰীয়ে উত্তৰ দি যাব লাগিব।


বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনখন কি কৰিলে উত্তৰ দিব লাগিব। অসম চুক্তিৰ ৬নং দফাৰ প্ৰতিবেদন সন্দৰ্ভত প্ৰধানমন্ত্ৰী , গৃহমন্ত্ৰীক জবাবদিহি অজাপৰ। অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত সদনত গৃহমন্ত্ৰীয়ে দিয়া ভাষণ প্ৰদৰ্শন অজাপৰ।


২০১৬ চনতে, "চৰাই এটাও সোমাব নোৱাৰাকৈ ভাৰত বাংলা সীমান্ত ছিল কৰিম বুলি কৈছিল গৃহমন্ত্ৰী অমিত শ্বাহে", ২১ত ৰাষ্ট্ৰীয় টেলিভিছনত পুনৰবাৰ একেখিনি কথাই কৈছিল। সীমান্ত ছিল কৰাৰ বৈঠকৰ কথা সোঁৱৰণ লুৰিণজ্যোতিৰ।


কোটি কোটি টকা খৰচ কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খন কিয় পেলায় থলে কেন্দ্ৰই ? প্ৰতীক হাজেলা যদি জগৰীয়া কিয় তেওঁক অসমৰ পৰা যাবলৈ দিয়া হ'ল ? এইবোৰ কথা উত্তৰ দিব লাগিব কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে।


অমিত শ্বাহে ৬ বছৰ পূৰ্বে অসমৰ বানপানীৰ স্থায়ী সমাধানৰ বাবে কি কৈছিল, সেই কথা দোহাৰে লুৰিণে। চেটেলাইট জৰিয়তে অসমৰ বানপানীৰ সমাধানসূত্ৰৰ কি হ'ল !


ডাঙৰ ডাঙৰ পুখুৰী খান্দি গাত পানী বোৱাই অসমৰ বানপানী নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি আছিল কেন্দ্ৰৰ।৬ জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়াকৈ দিব ? সংবাদমেলত অজাপ সভাপতিয়ে জবাবদিহি কৰে দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীক।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
ৰঙাপৰাৰ ৰাবাৰবিল গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ,হাতীয়ে ভাঙিলে চাৰিটা বাসগৃহ, আতংকিত স্থানীয় ৰাইজ
৭২ বছৰীয়া দৰা, ২৭ বছৰীয়া কইনা; জোধপুৰত হিন্দু ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ ইউক্ৰেইনৰ বাসিন্দা
গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ঘোচ লোৱাৰ অভিযোগত লাট মণ্ডলক গ্ৰেপ্তাৰ
১ নৱেম্বৰৰ পৰা দশম শ্ৰেণীৰ শিক্ষার্থীলৈ 'প্ৰেৰণা', মাহে ৩০০ টকাকৈ ছমাহ লাভ কৰিব ধন
গুৱাহাটী বিশ্ববিদ্যালয়ত পোনপ্রথমবাৰৰ বাবে এবিভিপিৰ দাবীত স্নাতক আৰু বি. টেক.ৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিলে ভোটাধিকাৰ
বানৰ কবলত গহপুৰ, বিশ্বনাথ, চাৰিদুৱাৰ, ব্ৰহ্মাজান, ছত্ৰং নৈৰ মথাউৰি ছিগি বিস্তীর্ণ অঞ্চল প্লাৱিত
আগষ্টত আই চি চিৰ শ্ৰেষ্ঠ খেলুৱৈ মহম্মদ ছিৰাজ
চিতাত মুখাগ্নি কৰাৰ পূৰ্বে জী উঠিল মহিলা! পৰিয়ালৰ মাজত হাহাকাৰ
বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ ; আজি ফাইনেলত যুঁজিব নীৰজ চোপ্ৰা আৰু আৰ্ছাদ নাদীম
ধিঙত ভয়ংকৰ দুৰ্ঘটনা! স্কুটীত প্ৰচণ্ড খুন্দা তীব্ৰবেগী ট্ৰাকৰ; ভাতৃ-ভগ্নীৰ অৱস্থা সংকটজনক
দিশা পাটানীৰ ঘৰত গুলীচালনা কৰা দুয়োজন আৰক্ষীৰ এনকাউণ্টাৰত নিহত ; গেংষ্টাৰ ৰোহিত গোদাৰাৰ ভাবুকি