--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • লুৰিণজ্যোতি গগৈয়ে লগতে কয় যে কেন্দ্ৰীয় নেতা বাৰম্বাৰ অসমলৈ আহি ভাওনাৰ বচন গাই থাকিলে নহ'ব। নিৰ্বাচনৰ বাবে ভোটাৰক প্ৰলোভন দিলেই নহ'ব।

ডিজিটেল ডেস্কঃ  ২৯ আগষ্টত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উক্ত দিনটোত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ ভিতৰত আছে নৱ নিৰ্মিত ৰাজভৱন মুকলিৰ কাৰ্যসূচীও। গৃহমন্ত্ৰী অমিত শ্বাহক অসমভূমিলৈ আদৰণি অজাপ সভাপতি লুৰিণজ্যোতি গগৈৰ ।


লুৰিণজ্যোতি গগৈয়ে কয় যে গৃহমন্ত্ৰী অমিত শ্বাহক অসমলৈ আদৰণি জনাইছো কিন্তু পুনৰবাৰ অসমত আহি কেৱল মিছা প্ৰতিশ্ৰুতি দি গ'লে নহ'ব। চৰকাৰে বাংলাদেশী অসমৰ পৰা কিমান খেদিলে তাৰ হিচাপ বা শ্বেতপত্ৰ প্ৰকাশৰ দাবী জনালে গগৈয়ে। 


তেওঁ লগতে কয় যে কেন্দ্ৰীয় নেতা বাৰম্বাৰ অসমলৈ আহি ভাওনাৰ বচন গাই থাকিলে নহ'ব। নিৰ্বাচনৰ বাবে ভোটাৰক প্ৰলোভন দিলেই নহ'ব। অসমৰ জ্বলন্ত সমস্যাসমূহৰ ওপৰত গৃহমন্ত্ৰীয়ে উত্তৰ দি যাব লাগিব।


বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনখন কি কৰিলে উত্তৰ দিব লাগিব। অসম চুক্তিৰ ৬নং দফাৰ প্ৰতিবেদন সন্দৰ্ভত প্ৰধানমন্ত্ৰী , গৃহমন্ত্ৰীক জবাবদিহি অজাপৰ। অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত সদনত গৃহমন্ত্ৰীয়ে দিয়া ভাষণ প্ৰদৰ্শন অজাপৰ।


২০১৬ চনতে, "চৰাই এটাও সোমাব নোৱাৰাকৈ ভাৰত বাংলা সীমান্ত ছিল কৰিম বুলি কৈছিল গৃহমন্ত্ৰী অমিত শ্বাহে", ২১ত ৰাষ্ট্ৰীয় টেলিভিছনত পুনৰবাৰ একেখিনি কথাই কৈছিল। সীমান্ত ছিল কৰাৰ বৈঠকৰ কথা সোঁৱৰণ লুৰিণজ্যোতিৰ।


কোটি কোটি টকা খৰচ কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খন কিয় পেলায় থলে কেন্দ্ৰই ? প্ৰতীক হাজেলা যদি জগৰীয়া কিয় তেওঁক অসমৰ পৰা যাবলৈ দিয়া হ'ল ? এইবোৰ কথা উত্তৰ দিব লাগিব কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে।


অমিত শ্বাহে ৬ বছৰ পূৰ্বে অসমৰ বানপানীৰ স্থায়ী সমাধানৰ বাবে কি কৈছিল, সেই কথা দোহাৰে লুৰিণে। চেটেলাইট জৰিয়তে অসমৰ বানপানীৰ সমাধানসূত্ৰৰ কি হ'ল !


ডাঙৰ ডাঙৰ পুখুৰী খান্দি গাত পানী বোৱাই অসমৰ বানপানী নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি আছিল কেন্দ্ৰৰ।৬ জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়াকৈ দিব ? সংবাদমেলত অজাপ সভাপতিয়ে জবাবদিহি কৰে দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীক।




FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক