--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সামাজিক মাধ্যম এক্সত প্রধানমন্ত্রী মোদীয়ে কয়, 'মোৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে সুন্দৰ বাৰ্তালাপ হ'ল।

ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্রনে বৃহস্পতিবাৰে ইউক্রেইন আৰু পশ্চিম এছিয়াৰ সংঘাতৰ শান্তিপূর্ণ সমাধানৰ প্ৰচেষ্টাৰ বিষয়ত মত বিনিময় কৰে। এই বিষয়ে সামাজিক মাধ্যম এক্সত প্রধানমন্ত্রী মোদীয়ে কয়, 'মোৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে সুন্দৰ বাৰ্তালাপ হ'ল।


আমি ইউক্রেইন আৰু পশ্চিম এছিয়াৰ সংঘাতৰ শান্তিপূর্ণ সমাধানৰ প্ৰচেষ্টাৰ বিষয়ত মত বিনিময় কৰিলোঁ।' প'ষ্টটোত মোদীয়ে আৰু কয়, 'ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা শক্তিশালী কৰাৰ আমাৰ প্ৰতিশ্রুতি পুনৰ দৃঢ় কৰিলোঁ।' ইফালে মেক্রনেও এক্সত এটা প'ষ্টত কয়, 'মই এইমাত্র প্রধানমন্ত্রী মোদীৰ সৈতে কথা পাতিলোঁ।


ইউক্রেইন আৰু ইউৰোপৰ নিৰাপত্তাৰ বাবে শক্তিশালী আশ্বাসেৰে সৈতে এক ন্যায়সংগত আৰু স্থায়ী শান্তিৰ পথৰ বাবে আমাৰ স্থিতিৰ কথা প্ৰকাশ কৰিলোঁ। আমাৰ বাণিজ্য বিষয়ত, আমি আমাৰ অৰ্থনৈতিক বিনিময় শক্তিশালী কৰাত সম্মত হ'লোঁ তথা সকলো ক্ষেত্ৰতে আমাৰ কৌশলগত অংশীদাৰিত্বৰ বাবেও মান্তি হ'লোঁ।'


যোৱা ফেব্ৰুৱাৰীত পেৰিছত অনুষ্ঠিত 'এ আই একশ্যন ছামিট'ৰ কথা উল্লেখ কৰি মেক্রনে কয়, 'পেৰিছত যোৱা ফেব্ৰুৱাৰীত অনুষ্ঠিত 'এ আই একশ্যন ছামিট'ৰ পাছত আমি দিল্লীত ২০২৬ চনত অনুষ্ঠিত হ'বলগীয়া 'এ আই ইমপেক্ট ছামিট'ৰ বাবে কাম কৰি আছোঁ।'


উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক