--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাজ্য চৰকাৰে সুধাকণ্ঠৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে গ্রহণ কৰা উদ্যোগৰ ভিতৰত অন্যতম হিচাপে এটা মুদ্রা প্ৰৱৰ্তন কৰি প্রচলনৰ ব্যৱস্থা ল'বলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ

ডিজিটেল ডেস্কঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে এটা এশ টকীয়া মুদ্ৰাৰ প্ৰৱৰ্তনেৰে প্রচলন কৰিব।


ৰাজ্য চৰকাৰে সুধাকণ্ঠৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে গ্রহণ কৰা উদ্যোগৰ ভিতৰত অন্যতম হিচাপে এটা মুদ্রা প্ৰৱৰ্তন কৰি প্রচলনৰ ব্যৱস্থা ল'বলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছিল।


কেন্দ্ৰীয় অর্থনৈতিক পৰিক্ৰমা বিভাগৰ উপদেষ্টা অনুপ মাটহাইয়ে সুধাকণ্ঠৰ স্মৃতিত প্ৰৱৰ্তন হ'বলগীয়া মুদ্রাটো প্রস্তুতৰ নীতি-নিয়ম যুগুত কৰি অধিসূচনা জাৰি কৰিছে। অর্থনৈতিক পৰিক্ৰমা বিভাগে জাৰি কৰা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক চিৰস্মৰণীয় কৰি ৰখাৰ অন্যতম প্রচেষ্টাৰ অংশ হিচাপে মুদ্রা প্রস্তুত সম্পকীয় অধিসূচনাখন কালিৰে পৰাই বলৱৎ হৈছে।


অহা ১৩ ছেপ্টেম্বৰত ড° ভূপেন হাজৰিকা জন্ম শতবার্ষিকীৰ অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অংশগ্রহণ কৰাৰ পূৰ্বে সুধাকণ্ঠৰ স্মৃতিত মুদ্ৰা প্ৰৱৰ্তনৰ এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে। অর্থনৈতিক পৰিক্ৰমা বিভাগে মুদ্রা আইন ২০১১-ৰ অধীনত জাৰি কৰা অধিসূচনা অনুসৰি সুধাকণ্ঠৰ স্মৃতিত প্রস্তুত হ'বলগীয়া মুদ্ৰাৰ আকাৰ হ'ব ঘূৰণীয়া আৰু ওজন হ'ব ৪৪ গ্রাম। এশ টকীয়া মুদ্রাটো হ'ব ৯৯.৯ শতাংশ বিশুদ্ধ ৰূপৰ। মুদ্ৰাৰ সন্মুখভাগত সচৰাচৰ আন মুদ্রাত থকাৰ দৰে অশোক স্তম্ভৰ লগতে 'সত্যমেব জয়তে' লিখা থাকিব আৰু বাওঁফালৰ পৰিধিত দেৱনাগৰীত 'ভাৰত', সোঁফালে 'IN-DIA' লিখা থাকিব।


বিপৰীত ফালটোত ড° ভূপেন হাজৰিকাৰ প্ৰতিমূর্তি থাকিব। মুদ্রাত প্রতিমূৰ্তিৰ ওপৰৰ পৰিধিত 'ড° ভূপেন হাজৰিকা কী জন্ম শতাব্দী' বুলি দেৱনাগৰীত আৰু তলৰ পৰিধিত ইংৰাজীত 'BIRTH CENTENARY OF DR. BHUPEN HAZARIKA' লিখা থাকিব। তলত মুদ্ৰা প্ৰৱৰ্তনৰ চন অর্থাৎ 2025 লিখা থাকিব। অর্থনৈতিক পৰিক্ৰমা বিভাগে অধিসূচনা জাৰি কৰাৰ পাছত বিশ্ববৰেণ্য শিল্পীজনৰ স্মৃতি চিৰযুগমীয়া কৰাৰ অন্যতম প্রচেষ্টা মুদ্রা প্ৰৱৰ্তনে কাৰ্যকৰী ৰূপ পোৱাটো নিশ্চিত হৈ পৰিল।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ