--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাজ্য চৰকাৰে সুধাকণ্ঠৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে গ্রহণ কৰা উদ্যোগৰ ভিতৰত অন্যতম হিচাপে এটা মুদ্রা প্ৰৱৰ্তন কৰি প্রচলনৰ ব্যৱস্থা ল'বলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ

ডিজিটেল ডেস্কঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে এটা এশ টকীয়া মুদ্ৰাৰ প্ৰৱৰ্তনেৰে প্রচলন কৰিব।


ৰাজ্য চৰকাৰে সুধাকণ্ঠৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে গ্রহণ কৰা উদ্যোগৰ ভিতৰত অন্যতম হিচাপে এটা মুদ্রা প্ৰৱৰ্তন কৰি প্রচলনৰ ব্যৱস্থা ল'বলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছিল।


কেন্দ্ৰীয় অর্থনৈতিক পৰিক্ৰমা বিভাগৰ উপদেষ্টা অনুপ মাটহাইয়ে সুধাকণ্ঠৰ স্মৃতিত প্ৰৱৰ্তন হ'বলগীয়া মুদ্রাটো প্রস্তুতৰ নীতি-নিয়ম যুগুত কৰি অধিসূচনা জাৰি কৰিছে। অর্থনৈতিক পৰিক্ৰমা বিভাগে জাৰি কৰা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক চিৰস্মৰণীয় কৰি ৰখাৰ অন্যতম প্রচেষ্টাৰ অংশ হিচাপে মুদ্রা প্রস্তুত সম্পকীয় অধিসূচনাখন কালিৰে পৰাই বলৱৎ হৈছে।


অহা ১৩ ছেপ্টেম্বৰত ড° ভূপেন হাজৰিকা জন্ম শতবার্ষিকীৰ অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অংশগ্রহণ কৰাৰ পূৰ্বে সুধাকণ্ঠৰ স্মৃতিত মুদ্ৰা প্ৰৱৰ্তনৰ এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে। অর্থনৈতিক পৰিক্ৰমা বিভাগে মুদ্রা আইন ২০১১-ৰ অধীনত জাৰি কৰা অধিসূচনা অনুসৰি সুধাকণ্ঠৰ স্মৃতিত প্রস্তুত হ'বলগীয়া মুদ্ৰাৰ আকাৰ হ'ব ঘূৰণীয়া আৰু ওজন হ'ব ৪৪ গ্রাম। এশ টকীয়া মুদ্রাটো হ'ব ৯৯.৯ শতাংশ বিশুদ্ধ ৰূপৰ। মুদ্ৰাৰ সন্মুখভাগত সচৰাচৰ আন মুদ্রাত থকাৰ দৰে অশোক স্তম্ভৰ লগতে 'সত্যমেব জয়তে' লিখা থাকিব আৰু বাওঁফালৰ পৰিধিত দেৱনাগৰীত 'ভাৰত', সোঁফালে 'IN-DIA' লিখা থাকিব।


বিপৰীত ফালটোত ড° ভূপেন হাজৰিকাৰ প্ৰতিমূর্তি থাকিব। মুদ্রাত প্রতিমূৰ্তিৰ ওপৰৰ পৰিধিত 'ড° ভূপেন হাজৰিকা কী জন্ম শতাব্দী' বুলি দেৱনাগৰীত আৰু তলৰ পৰিধিত ইংৰাজীত 'BIRTH CENTENARY OF DR. BHUPEN HAZARIKA' লিখা থাকিব। তলত মুদ্ৰা প্ৰৱৰ্তনৰ চন অর্থাৎ 2025 লিখা থাকিব। অর্থনৈতিক পৰিক্ৰমা বিভাগে অধিসূচনা জাৰি কৰাৰ পাছত বিশ্ববৰেণ্য শিল্পীজনৰ স্মৃতি চিৰযুগমীয়া কৰাৰ অন্যতম প্রচেষ্টা মুদ্রা প্ৰৱৰ্তনে কাৰ্যকৰী ৰূপ পোৱাটো নিশ্চিত হৈ পৰিল।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু