--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ব্যস্ততাৰে ভৰা জীৱনত নিজকে কেনেকৈ সুস্থ সৱল কৰি ৰাখিব পাৰে এই লৈ আজিৰ জনসাধাৰণ বহু পৰিমাণে সচেতন হোৱো পৰিলক্ষিত হয়৷ সম্প্ৰতি মানুহে আহাৰ আৰু জীৱনশৈলীক লৈ সচেতন হৈ পৰিছে যাতে সুস্থ জীৱনযাপন কৰিব পাৰে৷ 

কোন বিধ শাক পাচলি, ফলমূল বা আহাৰ কোন সময়ত গ্ৰহণ কৰিব, কোন বিধে শৰীৰত অধিক পুষ্টিৰ যোগান ধৰিব, নিজৰ প্ৰয়োজনীয়তা অনুসাৰে খাদ্য গ্ৰহণ কৰাৰ আভ্যাস গঢ়ি তুলিছে৷ বিশেষকৈ যিসকল লোকে ওজন কম কৰা তথা ওজনৰ ভাৰসাম্যতা বজাই ৰাখিবলৈ তেওঁলোকৰ খাদ্যৰ তালিকাত  চালাড সংযোগ কৰা দেখা যায়৷ কাৰণ সেউজীয়া শাক-পাচলিত থকা শৰীৰ বাব প্ৰয়োজনায় পুষ্টিকৰ উপাদান যেনে প্ৰ’টিন, মেগনেছিয়াম, পটাছিয়াম, কেলচিয়াম, আইৰণ আদি থাকে যিয়ে শৰীৰত শক্তি প্ৰদান কৰে। চালাড স্বাস্থ্যৰ উপকাৰীতাৰ বাবে দুপৰীয়াৰ আহাৰতে হওক বা ৰাতিৰ আহাৰৰ সৈতে চালাড খোৱাৰ প্ৰৱণতা যথেষ্ট বৃদ্ধি পাইছে।

যিহেতু সকোলো খাদ্য সকলো সময়তে গ্ৰহণ কৰা নহয় নিৰ্দিষ্ট সময় থাকে৷ গতিকে চালাড খোৱাৰো নিশ্চয় নিৰ্দিষ্ট সময় আছে৷ কেতিয়া চালাড গ্ৰহণ কৰিব লাগে? আয়ুৰ্বেদে কি কয় এই বিষয়ে?

সঠিকভাৱে চালাড গ্ৰহণ নকৰিলে হিতে বিপৰিতহে হ’ব৷ সেয়ে কেনেদৰে সঠিকভাৱে গ্ৰহণ কৰা হয় জনাটো অতি গুৰুত্বপূৰ্ণ। কেঁচা আৰু ৰন্ধা পাচলি কেতিয়াও একেলগে খাব নালাগে বুলি কয় কাৰণ  শৰীৰত দুয়োটা হজম কৰাৰ প্ৰক্ৰিয়া পৃথক।

গতিকে যদি প্ৰতিদিনে একেলগে ৰন্ধা খাদ্যৰ সৈতে চালাড গ্ৰহণ কৰে, তেনেহ’লে ই পাচন তন্ত্ৰৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। আয়ুৰ্বেদত পৰামৰ্শ অনুসৰি খাদ্য আৰু চালাড বেলেগ বেলেগ সময়ত খাব লাগে। যাতে শৰীৰৰে ভালদৰে হজম কৰিব পাৰে আৰু চালাডৰ পৰা সঠিকভৱে পুষ্টি লাভ কৰিব পাৰে। আৰু চিকিৎসকৰ মত অনুসৰি চালাড হজম কৰিবলৈ পাচন তন্ত্ৰই অধিক সময় লয় সেয়েহে ৰাতিপুৱা বা আবেলি খাদ্যৰ সৈতে চালাড খোৱাৰ পৰামৰ্শ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ