--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক ২০২১ চনত ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। প্ৰায় এমাহ জেলত আছিল। শেহতীয়াকৈ এটা বঁটা লাভ কৰাৰ সময়তে শ্বাহৰুখে এই বিষয়ে মুকলিকৈ কয়। যোৱা বছৰ শ্বাহৰুখৰ তিনিওখন ছবিয়ে বক্স অফিচত চূড়ান্ত সফলতা লাভ কৰিছিল। কিন্তু একে সময়তে শ্বাহৰুখে সংবাদ মাধ্যমৰ সৈতে যোগাযোগ কমাই দিছে। বৰঞ্চ আজিকালি চচিয়েল মিডিয়াত তেওঁৰ অনুৰাগীৰ সৈতে পোনপটীয়াকৈ কথা পাতে। কিন্তু শেহতীয়াকৈ বঁটা গ্ৰহণ কৰি দিয়া ভাষণত তেওঁ জীৱনৰ কিছুমান অন্ধকাৰ সময়ৰ কথা উল্লেখ কৰে।

“যোৱা ৪-৫ বছৰৰ যাত্ৰা আমাৰ পৰিয়ালৰ বাবে যথেষ্ট ৰুক্ষ। মই জানো covid ৰ বাবে আন বহুতৰ ক্ষেত্ৰতো একেই হব লাগিব। মোৰ সকলো ছবি ফ্লপ হৈ গ’ল। আনকি বহুতে মোৰ কেৰিয়াৰ শেষ হোৱাৰ বাবে শ্ৰদ্ধাঞ্জলি লিখিছিল!''- তেওঁ কয়। শ্বাহৰুখে ধেমালিতে ছবি বিশেষজ্ঞসকলক 'ইডিয়ট' বুলি অভিহিত কৰিছিল। ইয়াৰ পিছত তেওঁ নিজৰ ব্যক্তিগত জীৱনৰ কথা ক’লে।

তেওঁ কয়- ''ব্যক্তিগত জীৱনত ক’বলৈ গ’লে কিছুমান অপ্ৰীতিকৰ আৰু আমনিদায়ক ঘটনা সংঘটিত হৈছে। কিন্তু মই এটা শিক্ষা লাভ কৰিলোঁ। মনে মনে থাকক, অতি মনে মনে কাম কৰক, নিজৰ আত্মসন্মানেৰে মনে মনে কাম কৰক। কাৰণ, বহু সময়ত যেতিয়া এনে লাগে যে জীৱনত সকলো ঠিকেই চলি আছে, তেতিয়া আপুনি বুজি নাপাব যে জীৱনে আপোনাক কেনেকৈ পৰীক্ষা কৰিব! কিন্তু এই সময় অধিক সততা আৰু আশাৰে নিজৰ কাহিনী লিখাৰ সময়।”

পোনপটীয়াকৈ নক’লেও পুত্ৰ আৰ্য্যক গ্ৰেপ্তাৰৰ কথা যে তেওঁ কৈছিল সেয়া স্পষ্ট। কৰ্ডেলিয়া ক্ৰুজ গোচৰৰ সকলো অভিযোগ অৱশ্যে পিছত আদালতে খাৰিজ কৰে আৰু এৰিয়ানক সম্পূৰ্ণ নিৰ্দোষী বুলি ধৰা পৰে। কিন্তু সেই সময়ত তেওঁ প্ৰায় এমাহ জেলত থাকিব লগা হৈছিল। বহু দুৱাৰত টোকৰ মাৰিলেও শ্বাহৰুখে পুত্ৰৰ জামিন নিশ্চিত কৰিব নোৱাৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক