--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক ২০২১ চনত ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। প্ৰায় এমাহ জেলত আছিল। শেহতীয়াকৈ এটা বঁটা লাভ কৰাৰ সময়তে শ্বাহৰুখে এই বিষয়ে মুকলিকৈ কয়। যোৱা বছৰ শ্বাহৰুখৰ তিনিওখন ছবিয়ে বক্স অফিচত চূড়ান্ত সফলতা লাভ কৰিছিল। কিন্তু একে সময়তে শ্বাহৰুখে সংবাদ মাধ্যমৰ সৈতে যোগাযোগ কমাই দিছে। বৰঞ্চ আজিকালি চচিয়েল মিডিয়াত তেওঁৰ অনুৰাগীৰ সৈতে পোনপটীয়াকৈ কথা পাতে। কিন্তু শেহতীয়াকৈ বঁটা গ্ৰহণ কৰি দিয়া ভাষণত তেওঁ জীৱনৰ কিছুমান অন্ধকাৰ সময়ৰ কথা উল্লেখ কৰে।

“যোৱা ৪-৫ বছৰৰ যাত্ৰা আমাৰ পৰিয়ালৰ বাবে যথেষ্ট ৰুক্ষ। মই জানো covid ৰ বাবে আন বহুতৰ ক্ষেত্ৰতো একেই হব লাগিব। মোৰ সকলো ছবি ফ্লপ হৈ গ’ল। আনকি বহুতে মোৰ কেৰিয়াৰ শেষ হোৱাৰ বাবে শ্ৰদ্ধাঞ্জলি লিখিছিল!''- তেওঁ কয়। শ্বাহৰুখে ধেমালিতে ছবি বিশেষজ্ঞসকলক 'ইডিয়ট' বুলি অভিহিত কৰিছিল। ইয়াৰ পিছত তেওঁ নিজৰ ব্যক্তিগত জীৱনৰ কথা ক’লে।

তেওঁ কয়- ''ব্যক্তিগত জীৱনত ক’বলৈ গ’লে কিছুমান অপ্ৰীতিকৰ আৰু আমনিদায়ক ঘটনা সংঘটিত হৈছে। কিন্তু মই এটা শিক্ষা লাভ কৰিলোঁ। মনে মনে থাকক, অতি মনে মনে কাম কৰক, নিজৰ আত্মসন্মানেৰে মনে মনে কাম কৰক। কাৰণ, বহু সময়ত যেতিয়া এনে লাগে যে জীৱনত সকলো ঠিকেই চলি আছে, তেতিয়া আপুনি বুজি নাপাব যে জীৱনে আপোনাক কেনেকৈ পৰীক্ষা কৰিব! কিন্তু এই সময় অধিক সততা আৰু আশাৰে নিজৰ কাহিনী লিখাৰ সময়।”

পোনপটীয়াকৈ নক’লেও পুত্ৰ আৰ্য্যক গ্ৰেপ্তাৰৰ কথা যে তেওঁ কৈছিল সেয়া স্পষ্ট। কৰ্ডেলিয়া ক্ৰুজ গোচৰৰ সকলো অভিযোগ অৱশ্যে পিছত আদালতে খাৰিজ কৰে আৰু এৰিয়ানক সম্পূৰ্ণ নিৰ্দোষী বুলি ধৰা পৰে। কিন্তু সেই সময়ত তেওঁ প্ৰায় এমাহ জেলত থাকিব লগা হৈছিল। বহু দুৱাৰত টোকৰ মাৰিলেও শ্বাহৰুখে পুত্ৰৰ জামিন নিশ্চিত কৰিব নোৱাৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু