--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জ্যোতিষ শাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰৰ সম্বন্ধ প্ৰাচীন সময়ৰ পৰাই বিদ্যমান। মানুহৰ জীৱনত সকলো গ্ৰহৰ শুভ-অশুভৰ প্ৰভাৱ থাকে বুলি জ্যোতিষ শাস্ত্ৰই ক’ব খোজে৷

ঘৰ এটাৰ আকৰ্ষণ শক্তিৰ প্ৰভাৱ কেৱল মানুহৰ ওপৰতে নহয় , নিৰ্জীৱ সামগ্ৰীতো পৰিব পাৰে। সেইবাবে ঘৰ এটা বনোৱাৰ পূৰ্বে আমি বাস্তু শাস্ত্ৰৰ জ্ঞান লোৱাৰ অতি প্ৰয়োজন। ঘৰখনৰ স্থিতি অনুকূল বা প্ৰতিকূল হ’লে মানুহে সেই অনুসৰি সুখ বা দুখ ভোগ কৰে। বাস্তু বিধি অনুসৰি ৮ টা দিশ আছে আৰু প্ৰত্যেকটো দিশ একোটা নিশ্চিত গ্ৰহৰ দ্বাৰা প্ৰভাৱিত হৈ থাকে। গতিকে এই গ্ৰহৰ দ্বাৰা ঘৰৰ গৰাকী তথা তেওঁৰ পৰিয়ালৰ সদস্যৰ ওপৰত প্ৰভাৱ পৰে। দিশ কেইটিৰ পৰা ঘৰখনত পৰা প্ৰভাৱৰ বিষয়ে জানো আহক-

১) সূৰ্য: ঘৰৰ প্ৰৱেশদ্বাৰ যদি পূব দিশত হয়, তেনেহ’লে এই ভৱনত সূৰ্যৰ আধিপত্য থাকে। তেজস্বিতা সূৰ্যৰ স্বভাৱ। সেইবাবে পৰিয়ালত ইয়াৰ প্ৰভাৱ পৰা স্বাভাৱিক। ঘৰৰ মুখ্য দুৱাৰ পূব ফালে হ’লে সেই ঘৰৰ সকলো লোক শ্ৰেষ্ঠ ব্যক্তিত্বৰ আৰু সমৃদ্ধিশালী হয়।

২) চন্দ্ৰ: ঘৰৰ প্ৰৱেশ দ্বাৰ বা মুখ্য দুৱাৰ যদি বায়ব্য দিশত হয়, তেনেহ’লে এনে ঘৰত চন্দ্ৰৰ আধিপত্য থাকে।

৩) মংগল: ঘৰৰ প্ৰৱেশ দ্বাৰ বা মুখ্য দুৱাৰ যদি দক্ষিণৰ দিশত হয়, তেনেহ’লে সেই ঘৰৰ স্বামীৰ মংগল হয়।

৪) বুধঃ ঘৰৰ প্ৰৱেশ দ্বাৰ বা মুখ্য দুৱাৰ যদি উত্তৰ দিশত থাকে , তেনেহ’লে সেই ঘৰত বুধৰ আধিপত্য বিৰাজমান হয়। বুধে নিজৰ প্ৰভাৱৰ দ্বাৰা গৃহস্বামীৰ ব্যক্তিত্বত বুদ্ধি-চাতুৰ্যৰ সমাহাৰ ঘটায়।

৫) বৃহস্পতি: ঘৰৰ প্ৰৱেশ দুৱাৰ ঈশান দিশত হ’লে সেই ঘৰত বৃহস্পতিৰ আধিপত্য থাকে। এনে ঘৰৰ মুখ্য ব্যক্তিজন দয়ালু , ধাৰ্মিক তথা বিচাৰশীল প্ৰকৃতিৰ হয়। আৱশ্যক হ’লে সাহসী হোৱাও দেখা যায়।

৬) শুক্ৰ: ঘৰৰ প্ৰৱেশ দ্বাৰ বা মুখ্য দুৱাৰ আগ্নেয় দিশত হ’লে, সেই ঘৰত শুক্ৰৰ আধিপত্য থাকে। এনেকুৱা ঘৰৰ মুখ্য ব্যক্তিজন বিলাসী হয়।

৭) শনি: ঘৰৰ প্ৰৱেশ দ্বাৰ বা মূল দুৱাৰ পশ্চিম দিশত থাকিলে, সেই ঘৰত শনিৰ প্ৰভাৱ থাকে। শনিৰ স্বভাৱৰ ফলস্বৰূপে ঘৰৰ মুখ্য ব্যক্তিজনৰ গম্ভীৰতা তথা বিচাৰশীলতা গুণৰ সমাৱেশ ঘটে। এনে ঘৰৰ ব্যক্তিয়ে যিকোনো কাৰ্যত হাত দিয়াৰ আগতে গভীৰভাৱে চিন্তা কৰি আগবাঢ়ে।

৮) ৰাহু: ঘৰৰ প্ৰৱেশদ্বাৰ বা মুখ্য দুৱাৰ নৈঋত দিশত হ’লে সেই ঘৰৰ অধিপতি ৰাহু হয়। এনে ঘৰৰ লোক তামসিক অৰ্থাৎ অহংকাৰী তথা ধূৰ্ত হয়। এওঁলোক খঙাল প্ৰকৃতিৰ হোৱা দেখা যায়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
৪ বছৰত ২৫ হাজাৰ একৰ ভূমি বেদখলৰ পৰা মুক্ত হ’ল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ত্রি-মুকুট অৰ্জনৰ দিশে পি এছ জি
অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতৰ মহিলা দল ঘোষণা ; অসমৰ উমা চেত্ৰীৰ স্থান লাভ
গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ
গীতে-মাতে জীপাল হ'ল কুঠৰীস্থিত ড° ভূপেন হাজৰিকাৰ পৰিত্যক্ত বাসগৃহ
পিতৃৰ তিনিটাকৈ গুলীত ঢলি পৰিল উদীয়মান টেনিছ তাৰকা, কিন্তু কিয় সংঘটিত হ'ল এই ঘটনা ?
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী
প্রধানমন্ত্রী মোদীক ট্ৰিনিডাড-টবেগোৰো সর্বোচ্চ সন্মান