--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবাস্তুৰ দোষ দূৰ কৰাটো অতি প্ৰয়োজনীয় কথা। ঘৰ এটা নিৰ্মাণ কৰাৰ পিছত সেয়া যদি বাস্তুশাস্ত্ৰ অনুসৰি নিৰ্মাণ কৰা হোৱা নাই বুলি জনা যায় তেন্তে সেই ঘৰটো ভাঙি পুনৰ নতুন ঘৰ এটা সজা সম্ভব নহয়। সেয়ে বাস্তুশাস্ত্রব বিধি অনুসৰি নিৰ্মাণ নকৰা ঘৰত কেতবোৰ বিশেষ বিধি- বিধান পালন কৰি ঘৰত থকা বাস্তুদোষ নিবাৰণ কৰাৰ চেষ্টা চলাব লাগে। এইক্ষেত্ৰত কৰিব পৰা কেতবোৰ কামৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে।

যদি ঘৰৰ কোনো বীমৰ তলত বিছনা স্থাপন কৰা হয় বা খোৱা মেজ স্থাপন কৰা হয় তেন্তে এয়া মুঠেও শুভ ফলদায়ক নহয়। বীমৰ তলত বিছনা স্থাপন কৰিলে তাত নিশা শোৱা লোকৰ ভালদৰে টোপনি নহয় আৰু তেওঁ নানান ধৰণৰ চিন্তাৰে ভাৰাক্ৰান্ত হৈ পৰে। একেদৰে বীমৰ তলত যদি খোৱা মেজ স্থাপন কৰা হয় তেন্তে খোৱা-বোৱাৰ প্ৰতি মানুহৰ ৰুচি কমি যায় আৰু মানুহ অসুস্থ হৈ পৰাৰ আশংকা থাকে। কেবল ঘৰতেই নহয় কার্যালয় আদিতো যদি বীমৰ তলত কৰ্মচাৰী বহা চকী, মেজ আদি স্থাপন কৰা হয় তেন্তে তাত বহা কৰ্মচাৰীসকল নানান ধৰণৰ সমস্যাৰ সন্মুখীন হয়। 

তাত আসন গ্ৰহণ কৰা কৰ্মচাৰীসকলে সদায় নানান ধৰণৰ দুঃশ্চিন্তাত ভুগিবলগীয়া হয়। সেয়ে ঘৰৰ অথবা কাৰ্যালয়ৰ বীমৰ তলত কেতিয়াও বিছনা, চকী-মেজ, খোৱা মেজ আদি স্থাপন কৰিব নালাগে। যদি বীমৰ তলৰ পৰা সেইবোৰ আঁতৰাই পেলোৱাৰ কোনো উপায় নাথাকে তেন্তে তলৰ উপায়সমূহ অৱলম্বন কৰি বাস্তুদোষ দূৰ কৰিব পৰা যাব ।

বীমৰ দুয়োপিনে একোটাকৈ বাঁহী লগাই থলে বাস্তুদোষ দূৰ হ'ব। বীমৰ পৰা সৃষ্টি হোৱা বাস্তুদোষ দূৰ কৰাৰ একমাত্ৰ উপায় হৈছে বীমত বাঁহৰ বাঁহী লগাই থোৱা ৷

বীম টাইলাছৰ জৰিয়তে ঢাকি দিলেও বাস্তুদোষ দূৰ কৰিব পৰা যায়। বীমৰ পৰা উদ্ভৱ হোৱা বাস্তুদোষ দূৰ কৰিবলৈ বীমত সেউজীয়া ৰঙৰ গণেশৰ ছৰি বা মূৰ্তি আঁৰি থ'ব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ