--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত মাৰ্চত ১৪ দিন বন্ধ থাকিব বেংক সেৱা৷ দেশৰ বেংকসমূহ মাৰ্চ মাহত কমেও ১৪ দিনৰ বাবে বন্ধ থাকিব। ইয়াত ৰাজহুৱা বন্ধ, আঞ্চলিক বন্ধ, দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ আৰু প্ৰতিটো দেওবাৰ অন্তৰ্ভুক্ত হৈ আছে। 

ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰবোৰে বন্ধৰ দিনবোৰ নিৰ্ধাৰণ কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকে ‘নেগোচিয়েবল ইনষ্ট্ৰুমেণ্ট
আইন’ অনুসৰি ১, ৮, ২২, ২৫, ২৬, ২৭ আৰু ২৯ মাৰ্চ বন্ধ ৰখা হৈছে। ইয়াৰ উপৰি মাহটোত পাঁচটা দেওবাৰ ৩, ১০, ১৭, ২৪ আৰু ৩১ মাৰ্চ আৰু দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ ৯ আৰু ২৩ মাৰ্চত বন্ধ থাকিব৷

মাৰ্চৰ কোনতাৰিখে কি বন্ধ?

মাৰ্চ ১: চাপচৰ কুট
মিজোৰামৰ চাপচৰ কুট পালনৰ বাবে ১ মাৰ্চ বুধবাৰে বেংকসমূহ বন্ধ থাকিব।

মাৰ্চ ৮: মহাশিৱৰাত্ৰি
ত্ৰিপুৰা, মিজোৰাম, তামিলনাডু, ছিকিম, অসম, মণিপুৰ, ইটানগৰ, ৰাজস্থান, নগালেণ্ড, পশ্চিম বংগ, নতুন দিল্লী, গোৱা, বিহাৰ আৰু মেঘালয়ৰ দৰে কিছুমান ৰাজ্যৰ বাহিৰে বেংকসমূহ বন্ধ থাকিব।

মাৰ্চ ৯: মাহৰ দ্বিতীয় শনিবাৰ

২২ মাৰ্চ: বিহাৰ দিৱস
বিহাৰ দিৱস উপলক্ষে বিহাৰত বেংক বন্ধ থাকিব।

মাৰ্চ ২৩: মাহৰ চতুৰ্থ শনিবাৰ

২৫ মাৰ্চ: হোলী (দ্বিতীয় দিন), দৌল যাত্ৰা/ধুলেতি/ধুলাণ্ডি

কৰ্ণাটক, ওড়িশা, তামিলনাডু, মণিপুৰ, কেৰালা, নগালেণ্ড, বিহাৰ আৰু শ্ৰীনগৰৰ বাহিৰে সমগ্ৰ দেশৰ বেংকসমূহ হোলী, ধুলেতি, দৌল যাত্ৰা বা ধুলাণ্ডি উপলক্ষে বন্ধ থাকিব।

২৬ মাৰ্চ: ইয়াওচাং দ্বিতীয় দিন/হোলী
ইয়াওচাঙৰ দ্বিতীয় দিন বা হোলী উপলক্ষে ওড়িশা, মণিপুৰ আৰু বিহাৰত বেংকসমূহ বন্ধ থাকিব।

২৭ মাৰ্চ: হোলী

২৭ মাৰ্চত বিহাৰত বেংকসমূহ বন্ধ থাকিব।

মাৰ্চ ২৯: গুড ফ্ৰাইডে
গুড ফ্ৰাইডেত, ত্ৰিপুৰা, অসম, ৰাজস্থান, জম্মু আৰু কাশ্মীৰ আৰু হিমাচল প্ৰদেশৰ বাহিৰে বেংকসমূহ বন্ধ থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী