--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত মাৰ্চত ১৪ দিন বন্ধ থাকিব বেংক সেৱা৷ দেশৰ বেংকসমূহ মাৰ্চ মাহত কমেও ১৪ দিনৰ বাবে বন্ধ থাকিব। ইয়াত ৰাজহুৱা বন্ধ, আঞ্চলিক বন্ধ, দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ আৰু প্ৰতিটো দেওবাৰ অন্তৰ্ভুক্ত হৈ আছে। 

ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰবোৰে বন্ধৰ দিনবোৰ নিৰ্ধাৰণ কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকে ‘নেগোচিয়েবল ইনষ্ট্ৰুমেণ্ট
আইন’ অনুসৰি ১, ৮, ২২, ২৫, ২৬, ২৭ আৰু ২৯ মাৰ্চ বন্ধ ৰখা হৈছে। ইয়াৰ উপৰি মাহটোত পাঁচটা দেওবাৰ ৩, ১০, ১৭, ২৪ আৰু ৩১ মাৰ্চ আৰু দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ ৯ আৰু ২৩ মাৰ্চত বন্ধ থাকিব৷

মাৰ্চৰ কোনতাৰিখে কি বন্ধ?

মাৰ্চ ১: চাপচৰ কুট
মিজোৰামৰ চাপচৰ কুট পালনৰ বাবে ১ মাৰ্চ বুধবাৰে বেংকসমূহ বন্ধ থাকিব।

মাৰ্চ ৮: মহাশিৱৰাত্ৰি
ত্ৰিপুৰা, মিজোৰাম, তামিলনাডু, ছিকিম, অসম, মণিপুৰ, ইটানগৰ, ৰাজস্থান, নগালেণ্ড, পশ্চিম বংগ, নতুন দিল্লী, গোৱা, বিহাৰ আৰু মেঘালয়ৰ দৰে কিছুমান ৰাজ্যৰ বাহিৰে বেংকসমূহ বন্ধ থাকিব।

মাৰ্চ ৯: মাহৰ দ্বিতীয় শনিবাৰ

২২ মাৰ্চ: বিহাৰ দিৱস
বিহাৰ দিৱস উপলক্ষে বিহাৰত বেংক বন্ধ থাকিব।

মাৰ্চ ২৩: মাহৰ চতুৰ্থ শনিবাৰ

২৫ মাৰ্চ: হোলী (দ্বিতীয় দিন), দৌল যাত্ৰা/ধুলেতি/ধুলাণ্ডি

কৰ্ণাটক, ওড়িশা, তামিলনাডু, মণিপুৰ, কেৰালা, নগালেণ্ড, বিহাৰ আৰু শ্ৰীনগৰৰ বাহিৰে সমগ্ৰ দেশৰ বেংকসমূহ হোলী, ধুলেতি, দৌল যাত্ৰা বা ধুলাণ্ডি উপলক্ষে বন্ধ থাকিব।

২৬ মাৰ্চ: ইয়াওচাং দ্বিতীয় দিন/হোলী
ইয়াওচাঙৰ দ্বিতীয় দিন বা হোলী উপলক্ষে ওড়িশা, মণিপুৰ আৰু বিহাৰত বেংকসমূহ বন্ধ থাকিব।

২৭ মাৰ্চ: হোলী

২৭ মাৰ্চত বিহাৰত বেংকসমূহ বন্ধ থাকিব।

মাৰ্চ ২৯: গুড ফ্ৰাইডে
গুড ফ্ৰাইডেত, ত্ৰিপুৰা, অসম, ৰাজস্থান, জম্মু আৰু কাশ্মীৰ আৰু হিমাচল প্ৰদেশৰ বাহিৰে বেংকসমূহ বন্ধ থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু