--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ গুৰুগ্ৰামত এগৰাকী বৃদ্ধাৰ বিৰুদ্ধে তিনি মহীয়া কুকুৰ পোৱালি এটাৰ ওপৰত এচিড নিক্ষেপ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰাৰ অভিযোগত পশু নিষ্ঠুৰতাৰ গোচৰ ৰুজু কৰা হৈছে।

ভাইৰেল হোৱা ঘটনাৰ চিচিটিভি ফুটেজত দেখা গৈছে যে অনিছা নামৰ মহিলাগৰাকীয়ে কুকুৰ পোৱালিটোৰ ওপৰত এচিড নিক্ষেপ কৰিবলৈ সাজু হৈছে। স্থানীয় সূত্ৰৰ মতে, কোনো প্ৰৰোচনা নকৰাকৈয়ে কুকুৰ পোৱালিটোক আক্ৰমণ কৰে ছানীয়ে।

চুবুৰীয়াই এচিড আক্ৰমণৰ বিষয়ে সতৰ্ক কৰি দিয়াৰ লগে লগে পশু অধিকাৰ কৰ্মী সুমন মিশ্ৰই সেই স্থানত উপস্থিত হৈ কুকুৰ পোৱালিটোক পশু চিকিৎসালয়লৈ লৈ যায়। লগতে মহিলাগৰাকীৰ বিৰুদ্ধে পশু নিষ্ঠুৰতাৰ অভিযোগত গোচৰ ৰুজু কৰে মিশ্ৰই।

এই অভিযোগৰ পিছতে অনিছাৰ বিৰুদ্ধে মঙলবাৰে ভাৰতীয় দণ্ডবিধিৰ ৪২৮ (প্ৰাণীক হত্যা বা অক্ষম কৰা) আৰু পশু নিষ্ঠুৰতা আইনৰ ১১ নং ধাৰাত এফআইআৰ ৰুজু কৰা হয়। আৰক্ষী বিষয়াসকলে তদন্ত চলি থকা বুলি উল্লেখ কৰি অভিযুক্তৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী