--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি চহৰ-নগৰ আদিৰ লগতে বহু গাঁৱতো মাটিৰ গিলাচত চাহ খোৱাটো জনপ্ৰিয় হৈ পৰিছে। চহৰ আদিত পথৰ কাষৰ দাঁতিত  বহা চাহৰ দোকানত আজিকালি প্ৰায়ে মাটিৰ পাত্ৰত চাহ দিয়ে।  কিন্তু মাটিৰ পাত্ৰত চাহ খোৱাটো  আপোনাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী? 

বিশেষজ্ঞসকলে কৈ আহিছে যে মাটিৰ পাত্ৰত চাহ খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী।  তেওঁলোকে ইয়াৰ কেইটামান কাৰণো উল্লেখ কৰিছে। সাধাৰণতে চাহ খাবলৈ  কাঁচৰ গিলাচ, প্লাষ্টিকৰ গিলাচ আদি  ব্যৱহাৰ কৰা হয়। কিন্তু মাটিৰ পাত্ৰত চাহ ঢালিলে ইয়াৰ পুষ্টিগত মূল্য বৃদ্ধি হয়। মাটিত খনিজ পদাৰ্থ , ফছফৰাছ, লো, কেলচিয়াম, মেগনেছিয়াম আদি উপাদান থাকে।  যিবোৰ শৰীৰৰ বাবে অতি উপকাৰী। এনেবোৰ উপাদানে সোনকালে ভাগৰ নাইকিয়া হয়।

বহু লোকৰ গাখীৰ চাহ খালে  অধিক এচিডিটি হয়। মাটিৰে তৈয়াৰ কৰা পাত্ৰত ক্ষাৰকীয় গুণ থাকে। ফলস্বৰূপে মাটিৰ গিলাচত  চাহ খালেএচিডিটিৰ সম্ভাৱনা কমি যায়। যি সকলৰ হজমৰ সমস্যা আছে তেওঁলোকক প্ৰায়ে মাটিৰ গিলাচত পানী খাবলৈ পৰামৰ্শ দিয়া হয়। পোৰা মাটিৰ এটা সৰু পাত্ৰত গৰম চাহ ঢালিলে এক প্ৰকাৰৰ সুবাস ওলাই আহে। কাঁচ বা চিৰামিকৰ পাত্ৰত তেনে সুবাস নোলায়।  এই গোন্ধটোৱে চাহ খোৱাৰ আনন্দ বৃদ্ধি কৰে।

যেতিয়া গৰম চাহ প্লাষ্টিকত ঢালি দিয়া হয় তেতিয়া এক ৰাসায়নিক বিক্ৰিয়া হয়। ই শৰীৰৰ বাবে অতি ক্ষতিকাৰক। ইয়াৰ উপৰি মাটি পৰিৱেশ-অনুকূল। মাটিৰ গিলাচে প্ৰদূষণ বিয়পোৱাৰো কোনো সম্ভাৱনা নাথাকে।বিজ্ঞানীসকলৰ মতে মাটিৰ গিলাচত  চাহ খোৱাৰ ফলত শৰীৰৰ ওপৰত কোনো ক্ষতিকাৰক প্ৰভাৱ নপৰে। বৰঞ্চ প্লাষ্টিকৰ কাপত গৰম চাহ ঢালিলে  শৰীৰত একাধিক ৰাসায়নিক পদাৰ্থ প্ৰৱেশ কৰে, যি ক্ষতিকাৰক। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ