--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি চহৰ-নগৰ আদিৰ লগতে বহু গাঁৱতো মাটিৰ গিলাচত চাহ খোৱাটো জনপ্ৰিয় হৈ পৰিছে। চহৰ আদিত পথৰ কাষৰ দাঁতিত  বহা চাহৰ দোকানত আজিকালি প্ৰায়ে মাটিৰ পাত্ৰত চাহ দিয়ে।  কিন্তু মাটিৰ পাত্ৰত চাহ খোৱাটো  আপোনাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী? 

বিশেষজ্ঞসকলে কৈ আহিছে যে মাটিৰ পাত্ৰত চাহ খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী।  তেওঁলোকে ইয়াৰ কেইটামান কাৰণো উল্লেখ কৰিছে। সাধাৰণতে চাহ খাবলৈ  কাঁচৰ গিলাচ, প্লাষ্টিকৰ গিলাচ আদি  ব্যৱহাৰ কৰা হয়। কিন্তু মাটিৰ পাত্ৰত চাহ ঢালিলে ইয়াৰ পুষ্টিগত মূল্য বৃদ্ধি হয়। মাটিত খনিজ পদাৰ্থ , ফছফৰাছ, লো, কেলচিয়াম, মেগনেছিয়াম আদি উপাদান থাকে।  যিবোৰ শৰীৰৰ বাবে অতি উপকাৰী। এনেবোৰ উপাদানে সোনকালে ভাগৰ নাইকিয়া হয়।

বহু লোকৰ গাখীৰ চাহ খালে  অধিক এচিডিটি হয়। মাটিৰে তৈয়াৰ কৰা পাত্ৰত ক্ষাৰকীয় গুণ থাকে। ফলস্বৰূপে মাটিৰ গিলাচত  চাহ খালেএচিডিটিৰ সম্ভাৱনা কমি যায়। যি সকলৰ হজমৰ সমস্যা আছে তেওঁলোকক প্ৰায়ে মাটিৰ গিলাচত পানী খাবলৈ পৰামৰ্শ দিয়া হয়। পোৰা মাটিৰ এটা সৰু পাত্ৰত গৰম চাহ ঢালিলে এক প্ৰকাৰৰ সুবাস ওলাই আহে। কাঁচ বা চিৰামিকৰ পাত্ৰত তেনে সুবাস নোলায়।  এই গোন্ধটোৱে চাহ খোৱাৰ আনন্দ বৃদ্ধি কৰে।

যেতিয়া গৰম চাহ প্লাষ্টিকত ঢালি দিয়া হয় তেতিয়া এক ৰাসায়নিক বিক্ৰিয়া হয়। ই শৰীৰৰ বাবে অতি ক্ষতিকাৰক। ইয়াৰ উপৰি মাটি পৰিৱেশ-অনুকূল। মাটিৰ গিলাচে প্ৰদূষণ বিয়পোৱাৰো কোনো সম্ভাৱনা নাথাকে।বিজ্ঞানীসকলৰ মতে মাটিৰ গিলাচত  চাহ খোৱাৰ ফলত শৰীৰৰ ওপৰত কোনো ক্ষতিকাৰক প্ৰভাৱ নপৰে। বৰঞ্চ প্লাষ্টিকৰ কাপত গৰম চাহ ঢালিলে  শৰীৰত একাধিক ৰাসায়নিক পদাৰ্থ প্ৰৱেশ কৰে, যি ক্ষতিকাৰক। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন