--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল : গ্ৰীষ্মকালত শীতল পানীয় হিচাপে কুঁহিয়াৰৰ ৰসৰ বিশেষ সমাদৰ দেখা যায়। ই শৰীৰলৈ পানীৰ লগতে আইৰণ, খনিজ পদাৰ্থকে ধৰি বহুতো পুষ্টিকৰ উপাদান যোগান ধৰে। কুঁহিয়াৰ মিঠা হ’লেও কিন্তু ইয়াৰ আছে স্বাস্থ্যজনিত বহুতো লাভালাভ। এই ৰস চেনি, নিমখ, নেমু আৰু বৰফ মিহলাই প্ৰস্তুত কৰা হয়। যিহেতু কুঁহিয়াৰৰ সোৱাদ মিঠা, গতিকে মধুমেহ ৰোগীয়ে এই ৰস খোৱা উপযোগী হয় নে নহয় জানো আহক।

 পুষ্টিকৰ উপাদানৰে সমৃদ্ধঃ-কুঁহিয়াৰৰ ৰসত মিঠা সম্পূৰ্ণৰূপে নাথাকে। ইয়াত ৭০ৰ পৰা ৭৫ শতাংশ পানী থাকে, ১৫ শতাংশপৰ্যন্ত আঁহ আৰু প্ৰায় ১৫ শতাংশ চেনি থাকে। কুঁহিয়াৰৰ ৰসত ফেনলিক আৰু ফ্লেভ’ইড এণ্টিঅক্সিডেন্টৰ উপৰি পটেছিয়ামো পোৱা যায়।

 কুঁহিয়াৰৰ ৰসত কিমান চেনি থাকে?

প্ৰায় ২৪০ মিলিলিটাৰ কুঁহিয়াৰৰ ৰস গ্ৰহণ কৰিলে ইয়াত চেনিৰ পৰিমাণ ৫০ গ্ৰামপৰ্যন্ত পোৱা যায়। ইয়াৰ উপৰি কেলৰি ১৮৩ আৰু আঁহ ১৩ গ্ৰামলৈকে পোৱা যায়। বিশেষজ্ঞসকলৰ মতে ২৪০ মিলিলিটাৰ কুঁহিয়াৰৰ ৰসত ৫০ গ্ৰাম অৰ্থাৎ ১২ চামুচৰ সমান। একে সময়তে আমেৰিকান হাৰ্ট এছ’চিয়েচনে কয় যে পুৰুষে সৰ্বাধিক ৯ চামুচ আৰু মহিলাই ৬ চামুচ চেনি খাব লাগে। ইয়াতকৈ বেছি চেনি খালে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। আনহাতে কুঁহিয়াৰৰ ৰসত থাকে ১২ চামুচ চেনি সমপৰিমাণৰ।

 ডায়বেটিছ ৰোগীৰ ক্ষতি কৰিব পাৰেঃ-চেনিয়ে শৰীৰত গ্লুক’জৰ মাত্ৰা বৃদ্ধিৰ কাম কৰে। ইনচুলিনৰ সঠিক অভাৱৰ বাবে গ্লুক’জ নিয়ন্ত্ৰণ বজাই ৰখা নহয়। সেইবাবেই ডায়েবেটিছ ৰোগীক চেনিযুক্ত পানীয় নাখাবলৈ পৰামৰ্শ দিয়া হয়। চেনিৰ বাবে শৰীৰত ছুগাৰৰ মাত্ৰা অতি দ্ৰুতগতিত বৃদ্ধি পাব পাৰে। সেইবাবেই ডায়বেটিছ ৰোগীয়ে কুঁহিয়াৰৰ ৰসৰ খোৱাৰ পৰা বিৰত থকা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন