--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল : গ্ৰীষ্মকালত শীতল পানীয় হিচাপে কুঁহিয়াৰৰ ৰসৰ বিশেষ সমাদৰ দেখা যায়। ই শৰীৰলৈ পানীৰ লগতে আইৰণ, খনিজ পদাৰ্থকে ধৰি বহুতো পুষ্টিকৰ উপাদান যোগান ধৰে। কুঁহিয়াৰ মিঠা হ’লেও কিন্তু ইয়াৰ আছে স্বাস্থ্যজনিত বহুতো লাভালাভ। এই ৰস চেনি, নিমখ, নেমু আৰু বৰফ মিহলাই প্ৰস্তুত কৰা হয়। যিহেতু কুঁহিয়াৰৰ সোৱাদ মিঠা, গতিকে মধুমেহ ৰোগীয়ে এই ৰস খোৱা উপযোগী হয় নে নহয় জানো আহক।

 পুষ্টিকৰ উপাদানৰে সমৃদ্ধঃ-কুঁহিয়াৰৰ ৰসত মিঠা সম্পূৰ্ণৰূপে নাথাকে। ইয়াত ৭০ৰ পৰা ৭৫ শতাংশ পানী থাকে, ১৫ শতাংশপৰ্যন্ত আঁহ আৰু প্ৰায় ১৫ শতাংশ চেনি থাকে। কুঁহিয়াৰৰ ৰসত ফেনলিক আৰু ফ্লেভ’ইড এণ্টিঅক্সিডেন্টৰ উপৰি পটেছিয়ামো পোৱা যায়।

 কুঁহিয়াৰৰ ৰসত কিমান চেনি থাকে?

প্ৰায় ২৪০ মিলিলিটাৰ কুঁহিয়াৰৰ ৰস গ্ৰহণ কৰিলে ইয়াত চেনিৰ পৰিমাণ ৫০ গ্ৰামপৰ্যন্ত পোৱা যায়। ইয়াৰ উপৰি কেলৰি ১৮৩ আৰু আঁহ ১৩ গ্ৰামলৈকে পোৱা যায়। বিশেষজ্ঞসকলৰ মতে ২৪০ মিলিলিটাৰ কুঁহিয়াৰৰ ৰসত ৫০ গ্ৰাম অৰ্থাৎ ১২ চামুচৰ সমান। একে সময়তে আমেৰিকান হাৰ্ট এছ’চিয়েচনে কয় যে পুৰুষে সৰ্বাধিক ৯ চামুচ আৰু মহিলাই ৬ চামুচ চেনি খাব লাগে। ইয়াতকৈ বেছি চেনি খালে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। আনহাতে কুঁহিয়াৰৰ ৰসত থাকে ১২ চামুচ চেনি সমপৰিমাণৰ।

 ডায়বেটিছ ৰোগীৰ ক্ষতি কৰিব পাৰেঃ-চেনিয়ে শৰীৰত গ্লুক’জৰ মাত্ৰা বৃদ্ধিৰ কাম কৰে। ইনচুলিনৰ সঠিক অভাৱৰ বাবে গ্লুক’জ নিয়ন্ত্ৰণ বজাই ৰখা নহয়। সেইবাবেই ডায়েবেটিছ ৰোগীক চেনিযুক্ত পানীয় নাখাবলৈ পৰামৰ্শ দিয়া হয়। চেনিৰ বাবে শৰীৰত ছুগাৰৰ মাত্ৰা অতি দ্ৰুতগতিত বৃদ্ধি পাব পাৰে। সেইবাবেই ডায়বেটিছ ৰোগীয়ে কুঁহিয়াৰৰ ৰসৰ খোৱাৰ পৰা বিৰত থকা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ