--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নাচি ভাল পায়নে? বহু মানুহৰ বাবে নৃত্য এক নিচা আৰু বহুতে এইক্ষেত্ৰখনক পেচা হিচাপে বাচি লয়। যদি আপুনি কোনো কষ্টকৰ ব্যায়াম নকৰে বা ব্যায়াম কৰিবলৈ মন নাযায় তেন্তে নৃত্য হব আপোনাৰ কাৰণে সৰ্বশ্ৰেষ্ঠ আৰু আটাইতকৈ উপভোগ্য ফিটনেছ ব্যায়াম। নৃত্যই শাৰিৰীক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ উন্নতিতো বহু গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। নৃত্য হৈছে এক দৈহিক কচৰৎ৷ নৃত্যৰ আছে বহু উপকাৰী লাভালাভ। জানো আহক কি কি। 

১) নৃত্যই তেজ চলাচল ভাল কৰে।

২)নৃত্যই মন ভাল ৰখাত সহায় কৰে।

৩)ই আপোনাৰ শক্তি আৰু ভাৰসাম্য উন্নত কৰে। 

৪)নৃত্যৰ শাৰীৰিক অংগী-ভংগীয়ে পেশী সক্ৰিয় কৰি তোলে। 

৫)দেহৰ গঠন উন্নত কৰাত সহায় কৰে ।

৬)নৃত্যই মানসিক চাপ একেবাৰে নাইকিয়া কৰাত সহায় কৰে৷ ই উদ্বেগ আৰু হতাশা আঁতৰাই ৰাখে আৰু আপোনাৰ নিজস্বতা বৃদ্ধিত সহায় কৰে । 

৭)ই আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে। শক্তিশালী আৰু স্বাস্থ্যৱান হৃদযন্ত্ৰ বাবে নৃত্য অতি কাৰ্যকৰী। 

৮)হৃদযন্ত্ৰত নিয়মীয়া নৃত্যৰ অভ্যাসে আপোনাৰ হৃদস্পন্দনৰ হাৰ সন্তুলিত কৰে। 

৯)ই ওজন হ্ৰাস কৰাত সহায় কৰে। 

১০) আপোনাৰ কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰে।

যদি আপুনি ওজন হ্ৰাস কৰিবলৈ চেষ্টা কৰি আছে আৰু জিম যাবলৈ বেয়া পায় নতুবা সময়ৰ অভাৱ তেন্তে নৃত্য হৈছে আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ বিকল্প জুম্বা, এৰোবিক্স আৰু চালছা হৈছে সকলো ধৰণৰ নৃত্যযুক্ত ব্যায়াম। এইধৰণৰ নৃত্য দ্ৰুত গতিত কৰা হয় যাৰ ফলত ঘাম নিঃসৰিত হয়, ইয়ে ওজন হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ লগতে নৃত্য হৈছে এক প্ৰকাৰৰ এৰোবিক ব্যায়াম। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক