--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাইলছ এটা গুৰুতৰ ৰোগ। এই ৰোগৰ আন এটা নাম হ’ল অৰ্শ। অৰ্শ ৰোগত আক্ৰান্ত হ’লে কিছুমান বিশেষ খাদ্যৰ পৰা আঁতৰি থাকিব লাগে। তেতিয়াহে সমস্যাটোৰ পৰা মুক্তি পাব পাৰিব। কিছুমান বিশেষ খাদ্য খালে সমস্যাটো আৰু বেছি ভয়াৱহ হৈ পৰে। গতিকে বিশেষজ্ঞসকলে কয় যে পাইলছৰ ক্ষেত্ৰত কিছুমান বিশেষ খাদ্য পৰিহাৰ কৰিব লাগে।

পাইলছ বা অৰ্শ ৰোগত আক্ৰান্ত লোকসকলৰ প্ৰায়ে মলদ্বাৰৰ পৰা তেজ ওলাবলৈ ধৰে। তদুপৰি কিছুমান ক্ষেত্ৰত বিষো হয়। কিন্তু সকলোৰে বিষ নহয়। এই সমস্যাৰ আগতীয়া চিকিৎসাই সহজেই এই ৰোগ দূৰ কৰিব পাৰে। এনে ক্ষেত্ৰত কিছুমান খাদ্য তালিকাৰ পৰা বাদ দিব লাগে। গতিকে প্ৰতিজন ব্যক্তি এই বিষয়টোৰ প্ৰতি সচেতন হব লাগে। গতিকে জানো আহক পাইলছ হলে কি কি খাব নালাগে।

১)কাচকলঃ পাইলছ ৰোগীয়ে কাচকল খাব নালাগে। কাচকলত প্ৰচুৰ পৰিমাণে আইৰণ থাকে। আৰু সেই আইৰণে আপোনাৰ কোষ্ঠকাঠিন্য বঢ়াব পাৰে। ইফালে কোষ্ঠকাঠিন্য হ’লে পাইলছৰ সমস্যা বাঢ়ি যায়। গতিকে কাচকলৰ পৰা যিমান পাৰি দূৰত থাকক।

২)কুকুৰা মাংসঃ বেছিভাগ মানুহেই কুকুৰা মাংস খাই ভাল পায়। কিন্তু কিছুমান ক্ষেত্ৰত এই উচ্চ প্ৰটিনযুক্ত কুকুৰাৰ মাংসই সমস্যাৰ সৃষ্টি কৰিব পাৰে। কুকুৰাৰ মাংসত অদ্ৰৱণীয় আঁহ প্ৰচুৰ পৰিমাণে থাকে। অদ্ৰৱণীয় আঁহ থাকিলে সমস্যাৰ সৃষ্টি হয়। আনকি কোষ্ঠকাঠিন্যও হ’ব পাৰে, সেয়া পাইলছ ৰোগীয়ে কুকুৰা মাংস খাব নালাগে।

৩)ৰেডমিটঃ ছাগলী, ভেড়া আদিৰ মাংসক ৰেডমিট বুলি কোৱা হয়। নিয়মিতভাৱে ছাগলীৰ মাংস খালে বহু ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। ৰেডমিটতো বহুত অদ্ৰৱণীয় আঁহ থাকে। ইয়াৰ উপৰিও ইয়াত থকা চৰ্বিও এই সমস্যাৰ অন্যতম কাৰণ। এই দুটা কাৰণত পাইলছ ৰোগীয়ে ৰেডমিটৰ পৰা আঁতৰত থাকিব লাগে। 

৪)Curdled Milk বা গাখীৰৰ ছানাঃ গাখীৰৰ ছানা খোৱাটো খোৱাটো শৰীৰৰ বাবে উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে। আৰু সেই কেলচিয়াম হাড় শক্তিশালী কৰাত ফলপ্ৰসূ। কিন্তু নিয়মিতভাৱে গাখীৰৰ ছানা খালে বহু লোকৰ সমস্যা বাঢ়ি যোৱা দেখা গৈছে। আচলতে গাখীৰৰ ছানাত প্ৰায় আঁহ নাথাকে। ই কোষ্ঠকাঠিন্য বঢ়াব পাৰে।

৫) চিৰাঃ চিৰা অতি লঘু খাদ্য। এই খাদ্যই প্ৰথম অৱস্থাত শৰীৰত বিশেষ সমস্যাৰ সৃষ্টি নকৰে। কিন্তু খোৱাৰ পিছত এই খাদ্যই পেটৰ ভিতৰৰ পানী শোষণ কৰে। ইয়াৰ বাবে কোষ্ঠকাঠিন্য হোৱাৰ আশংকা থাকে। গতিকে চিৰাৰ পৰা আঁতৰত থাকিব লাগে।

এটা কথা মনত ৰখা উচিত যে এই ৰোগটো প্ৰথমে নিয়ন্ত্ৰণলৈ আনিব লাগে। অন্যথা সমস্যাটো বাঢ়ি গৈ থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক