--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাইলছ এটা গুৰুতৰ ৰোগ। এই ৰোগৰ আন এটা নাম হ’ল অৰ্শ। অৰ্শ ৰোগত আক্ৰান্ত হ’লে কিছুমান বিশেষ খাদ্যৰ পৰা আঁতৰি থাকিব লাগে। তেতিয়াহে সমস্যাটোৰ পৰা মুক্তি পাব পাৰিব। কিছুমান বিশেষ খাদ্য খালে সমস্যাটো আৰু বেছি ভয়াৱহ হৈ পৰে। গতিকে বিশেষজ্ঞসকলে কয় যে পাইলছৰ ক্ষেত্ৰত কিছুমান বিশেষ খাদ্য পৰিহাৰ কৰিব লাগে।

পাইলছ বা অৰ্শ ৰোগত আক্ৰান্ত লোকসকলৰ প্ৰায়ে মলদ্বাৰৰ পৰা তেজ ওলাবলৈ ধৰে। তদুপৰি কিছুমান ক্ষেত্ৰত বিষো হয়। কিন্তু সকলোৰে বিষ নহয়। এই সমস্যাৰ আগতীয়া চিকিৎসাই সহজেই এই ৰোগ দূৰ কৰিব পাৰে। এনে ক্ষেত্ৰত কিছুমান খাদ্য তালিকাৰ পৰা বাদ দিব লাগে। গতিকে প্ৰতিজন ব্যক্তি এই বিষয়টোৰ প্ৰতি সচেতন হব লাগে। গতিকে জানো আহক পাইলছ হলে কি কি খাব নালাগে।

১)কাচকলঃ পাইলছ ৰোগীয়ে কাচকল খাব নালাগে। কাচকলত প্ৰচুৰ পৰিমাণে আইৰণ থাকে। আৰু সেই আইৰণে আপোনাৰ কোষ্ঠকাঠিন্য বঢ়াব পাৰে। ইফালে কোষ্ঠকাঠিন্য হ’লে পাইলছৰ সমস্যা বাঢ়ি যায়। গতিকে কাচকলৰ পৰা যিমান পাৰি দূৰত থাকক।

২)কুকুৰা মাংসঃ বেছিভাগ মানুহেই কুকুৰা মাংস খাই ভাল পায়। কিন্তু কিছুমান ক্ষেত্ৰত এই উচ্চ প্ৰটিনযুক্ত কুকুৰাৰ মাংসই সমস্যাৰ সৃষ্টি কৰিব পাৰে। কুকুৰাৰ মাংসত অদ্ৰৱণীয় আঁহ প্ৰচুৰ পৰিমাণে থাকে। অদ্ৰৱণীয় আঁহ থাকিলে সমস্যাৰ সৃষ্টি হয়। আনকি কোষ্ঠকাঠিন্যও হ’ব পাৰে, সেয়া পাইলছ ৰোগীয়ে কুকুৰা মাংস খাব নালাগে।

৩)ৰেডমিটঃ ছাগলী, ভেড়া আদিৰ মাংসক ৰেডমিট বুলি কোৱা হয়। নিয়মিতভাৱে ছাগলীৰ মাংস খালে বহু ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। ৰেডমিটতো বহুত অদ্ৰৱণীয় আঁহ থাকে। ইয়াৰ উপৰিও ইয়াত থকা চৰ্বিও এই সমস্যাৰ অন্যতম কাৰণ। এই দুটা কাৰণত পাইলছ ৰোগীয়ে ৰেডমিটৰ পৰা আঁতৰত থাকিব লাগে। 

৪)Curdled Milk বা গাখীৰৰ ছানাঃ গাখীৰৰ ছানা খোৱাটো খোৱাটো শৰীৰৰ বাবে উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে। আৰু সেই কেলচিয়াম হাড় শক্তিশালী কৰাত ফলপ্ৰসূ। কিন্তু নিয়মিতভাৱে গাখীৰৰ ছানা খালে বহু লোকৰ সমস্যা বাঢ়ি যোৱা দেখা গৈছে। আচলতে গাখীৰৰ ছানাত প্ৰায় আঁহ নাথাকে। ই কোষ্ঠকাঠিন্য বঢ়াব পাৰে।

৫) চিৰাঃ চিৰা অতি লঘু খাদ্য। এই খাদ্যই প্ৰথম অৱস্থাত শৰীৰত বিশেষ সমস্যাৰ সৃষ্টি নকৰে। কিন্তু খোৱাৰ পিছত এই খাদ্যই পেটৰ ভিতৰৰ পানী শোষণ কৰে। ইয়াৰ বাবে কোষ্ঠকাঠিন্য হোৱাৰ আশংকা থাকে। গতিকে চিৰাৰ পৰা আঁতৰত থাকিব লাগে।

এটা কথা মনত ৰখা উচিত যে এই ৰোগটো প্ৰথমে নিয়ন্ত্ৰণলৈ আনিব লাগে। অন্যথা সমস্যাটো বাঢ়ি গৈ থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ