--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নেমু হৈছে টেঙাজাতীয় এবিধ ৰসাল ফল। যিয়ে কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, স্বাস্থ্যকো বহু ধৰণে উপকৃত কৰে। বহু লোকে নেমুক কেৱল ৰসখিনিহে ব্যৱহাৰ কৰে। কিন্তু আপুনি জানি আচৰিত হ’ব যে নেমুৰ ৰসৰ সমানে ইয়াৰ বাকলিও আছে বহুতো উপকাৰী গুণ।

নেমুৰ বাকলিত ভিটামিন আৰু খনিজ পদার্থ প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ উপৰি ভিটামিন-চি, কেলছিয়াম, মেগনেছিয়াম, আদিৰে গুণেৰে পৰিপূৰ্ণ নেমু বাকলি।সেয়েহে জানো আহক নেমু বাকলিৰ উপকাৰসমূহ। 

 নেমুৰ বাকলিৰ লাভালাভসমূহ হৈছে-

* ছালৰ বাবে অত্যন্ত উপকাৰী হোৱাৰ উপৰি নেমুৰ বাকলিয়ে মৃত ছাল আঁতৰোৱাৰ লগতে ছালৰ বৰণ উন্নত কৰাত যথেষ্ট সহায় কৰে। নেমুৰ বাকলি ছালত ঘঁহি অলপ সময়ৰ পাছত গৰম পানীৰে ধুই পেলাব। এনে কৰিলে ছালৰ বাহিৰৰ স্তৰত জমা হোৱা ময়লা আঁতৰ হয় লগতে খজুৱতি আৰু শালমইনাৰ দৰে সমস্যাও দূৰ হয়।

 * নখ পৰিষ্কাৰ কৰে-

নেমুৰ বাকলি নখত ঘঁহিলে এই সমস্যাৰ পৰা আপোনাক উপকৃত কৰিব পাৰে। নেমুৰ অম্লীয় গুণে আপোনাৰ পৰিৱৰ্তিত নখৰ ৰং উজ্জ্বল কৰাত সহায় কৰে। প্ৰথমে নখবোৰ গৰম পানীত ১০ মিনিটৰ বাবে ডুবাই ৰাখি নখবোৰ এতিয়া সতেজ নেমুৰ বাকলিৰে ২০ৰ পৰা ৩০ ছেকেণ্ডৰ বাবে ঘঁহি দি ধুই পেলাৱক। এইদৰে দিনত দুবাৰকৈ এই প্ৰক্ৰিয়াটো কৰিলে সুফল পাব।

 * পৰুৱাৰ উৎপাতৰ পৰা ৰক্ষা পাবলৈ-

পৰুৱাৰ উৎপাৰৰ পৰা ৰক্ষা পাবলৈ নেমুৰ বাকলিৰে আপুনি পাকঘৰ বা ঘৰৰ অন্যান্য স্থানবোৰ মচিব পাৰে। এনেদৰে কেইটামানদিন কৰাৰ পাছত আপুনি নিশ্চয়কৈ পৰুৱাৰ উৎপাতৰ পৰা ৰক্ষা পৰিব।

 * কীট-পতংগৰ পৰা ৰক্ষা পৰিবলৈ-

নেমুৰ বাকলি সৰু সৰুকৈ কাটি কীট-পতংগ আৰু পৰুৱা পৰা ৰক্ষা পৰিবলৈ খিৰিকী প্ৰৱেশ দুৱাৰ বা যিকোনো পৰুৱা ওলোৱা ফাকত ৰাখক। কেইদিনমানৰ পাছত দেখিব পৰুৱাবোৰ সেই স্থান অহা বন্ধ হৈ পৰিছে।

 * ঘৰ পৰিষ্কাৰ কৰাত নেমুৰ বাকলি-

ঘৰ পৰিষ্কাৰ কৰিবলৈ নেমুৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। ই খিৰিকীৰ আইনা আৰু অন্যান্য ঘৰুৱা সামগ্রী পৰিষ্কাৰ কৰাত বিশেষভাৱে কাৰ্য্কৰী। এমুঠি পৰিষ্কাৰ চফ (পানমচালা) আৰু কটা নেমুৰ বাকলি এটা জাৰত ৰাখি তাত বগা ভিনেগাৰ মিলাই ঢাকনিখন বন্ধ কৰি জাৰটো ২ বা ৩ সপ্তাহৰ বাবে ৰ’দত ৰাখক। মাজে মাজে এই জাৰটো লৰাই দিয়ক। এতিয়া মিশ্রণটো চেকি লৈ পৰিষ্কাৰ স্প্ৰে বটলত ভৰাই দিয়ক। ইয়াৰে আপুনি যিকোনো বস্তু পৰিষ্কাৰ কৰিবলৈ এই ঘৰুৱা নেমু স্প্রে ব্যৱহাৰ কৰিব পাৰে। 

 * মাইগ্ৰেনৰ পৰা মুক্তি-

নেমুৰ বাকলি ৰ’দত দি শুকাই ইয়াৰ পেষ্ট তৈয়াৰ কৰক। এতিয়া এই পেষ্টটো কঁপালত দিলে বিষৰ পৰা সোনকালে ৰক্ষা পৰিব। 

 * নেমু বাকলিৰ চাহ-

নেমু বাকলি নেমু চাহ তৈয়াৰ কৰিবলৈও ব্যৱহাৰ কৰিব পাৰি। যিহেতু নেমুক ভিটামিন-চি আৰু এন্টিঅক্সিডেন্টৰ উৎস বুলি গণ্য কৰা হয়। নেমুৰ বাকলিৰে পৰা তৈয়াৰ কৰা চাহে আপোনাক কেৱল মাত্ৰ ভাল সোৱাদেই নহয়, স্বাস্থ্যৰ বাবে অতি উপকাৰী। নেমুৰ বাকলি চাহ তৈয়াৰ কৰিবলৈ ১টা ডাঙৰ চামুচ মিহিকে কটা নেমুৰ বাকলি একাপ পানীত উতলাওক। এতিয়া ১০ মিনিটৰ বাবে ঢাকি ৰাখি চাকনিৰে চাকি পানীখিনি মৌৰ সৈতে একেলগে ভালদৰে লৰাওক। ইয়াৰ পাছত সেৱন কৰক। ই আপোনাক বহু স্বাস্থ্যৰ ক্ষেত্ৰত বহুতো সহায় কৰিব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী