--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘিউ এবিধ আয়ুৰ্বেদিক গুণেৰে ভৰপূৰ খাদ্য। ঘিউ স্বাস্থ্যৰ বাবে উপকাৰী হয় যদিও ঘিউৰ অত্যধিক ব্যৱহাৰ স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক হ’ব পাৰে। আজিৰ প্ৰতিবেদনত কোনসমূহ ৰোগীয়ে ঘিউ সেৱন কৰিব নালাগে সেই সম্পৰ্কে উল্লেখ কৰা হ’ব। ভাৰতীয় পাকঘৰত ঘিউৰ বিশেষ গুৰুত্ব আছে। পূজা হওক বা আমাৰ দৈনন্দিন খাদ্যত ঘিউ বহুলভাৱে ব্যৱহাৰ কৰা হয়। আয়ুৰ্বেদৰ মতে ঘিউৰ নিজস্ব বিশেষ গুৰুত্ব আছে। দৈনিক ঘিউ খালে বহু ধৰণৰ ৰোগৰ পৰা হাত সাৰিব পাৰি। দেশী ঘিউ পাচনতন্ত্ৰৰ বাবে অতি উপকাৰী হোৱাই নহয়, কোষ্ঠকাঠিন্যৰ দৰে সমস্যাতো সকাহ দিয়ে। সামগ্ৰিকভাৱে কথাটো হ’ল ঘিউ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু আপুনি জানেনে যে ঘিউ কিছুমান মানুহৰ বাবে অতি বিপদজনক। বিশেষকৈ এই ৰোগত আক্ৰান্ত লোকৰ বাবে ঘিউ অতি বিপজ্জনক বুলি প্ৰমাণিত হয়।

এই ৰোগসমূহ তলত উল্লেখ কৰা হ’ল-

কলেষ্ট’ৰেল ৰোগ

ঘিউত প্ৰচুৰ পৰিমাণে চৰ্বি থাকে। যাৰ বাবে ইয়াৰ অধিক পৰিমাণে খালে কলেষ্টেৰল বহু পৰিমাণে বৃদ্ধি পায়। বেছিকৈ ঘিউ খোৱাৰ ফলত শিৰা বন্ধ হোৱাৰ সমস্যা বৃদ্ধি পায়। একে সময়তে তেজৰ চলাচল বন্ধ হ’বলৈ ধৰে। ইয়াৰ সমান্তৰালকৈ হৃদৰোগৰ আশংকাও বৃদ্ধি পায়।

পেটৰ লগত জড়িত ৰোগ

যিসকল লোকৰ পেটৰ কোনো ধৰণৰ সমস্যা বা ৰোগ আছে তেওঁলোকে ঘিউ খাব নালাগে। কাৰণ ইয়াৰ ফলত হজম শক্তিও নষ্ট হ’ব পাৰে। লগতে যদি কোনো ব্যক্তিৰ বদহজম, গেছ বা পেটৰ সমস্যা আছে তেন্তে ঘিউ একেবাৰে খাব নালাগে।

চৰ্দি, কাহ বা জ্বৰ হ’লে

স্বাস্থ্য বিশেষজ্ঞ বা আয়ুৰ্বেদৰ মতে চৰ্দি, কাহ বা জ্বৰৰ লগত জড়িত সমস্যা থকা লোকে ঘিউ খাব নালাগে। ঘিউ খালে কফ আৰু জ্বৰ বাঢ়িবও পাৰে।

গৰ্ভৱতী মহিলা

গৰ্ভৱতী মহিলাই ঘিউ খাব লাগে। কিন্তু গৰ্ভৱতী মহিলাই যদি বেছিকৈ ঘিউ খায় তেন্তে যকৃতৰ লগত জড়িত ৰোগ আৰু সংক্ৰমণৰ সম্ভাৱনা বাঢ়ি যায়। ই মহিলা আৰু শিশু উভয়ৰে বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে।

যকৃতৰ ৰোগত আক্ৰান্ত ৰোগী

যকৃতৰ ৰোগত আক্ৰান্ত ৰোগীয়ে ন্যূনতম পৰিমাণৰ ঘিউ খাব লাগে। কাৰণ এই ফেটি এচিডৰ সমস্যা বাঢ়িব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু