--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ শাৰীৰিক স্বাস্থ্যৰ বহুখিনি নিৰ্ভৰ কৰে আমাৰ মানসিক স্বাস্থ্যৰ ওপৰত। উদাহৰণস্বৰূপে, যদি আপুনি দীৰ্ঘদিন ধৰি উদ্বিগ্নতাত ভুগি থাকে তেন্তে ই শাৰীৰিক ৰোগলৈ পৰিণত হয়। কোনো সমস্যা নাথাকিলেও জ্বৰৰ লক্ষণ দেখা দিব পাৰে। আমাৰ শাৰীৰিক স্বাস্থ্যৰ বহুখিনি নিৰ্ভৰ কৰে আমাৰ মানসিক স্বাস্থ্যৰ ওপৰত। উদাহৰণস্বৰূপে, যদি আপুনি দীৰ্ঘদিন ধৰি উদ্বিগ্নতাত ভুগি থাকে তেন্তে ই শাৰীৰিক ৰোগলৈ পৰিণত হয়। কোনো সমস্যা নাথাকিলেও জ্বৰৰ লক্ষণ দেখা দিব পাৰে। 

বহুতে কিবা কাৰণত উদ্বেগ বাঢ়িলে, বা ভয় খালে জোৰেৰে উশাহ লয়। কোনোবাই বুকুত হেঁচা অনুভৱ কৰে, অস্বস্তি অনুভৱ কৰে। মূৰ ঘূৰোৱা, মূৰটো লঘু হোৱা, ঘামচি ওলোৱা, শ্বাসৰুদ্ধ হোৱা আদিও উদ্বেগজনক আক্ৰমণৰ কিছুমান লক্ষণ। আচলতে ভয় খালে মগজুৰ তেজত জৰুৰীকালীন হৰম’ন বা এড্ৰিনেলিন মিহলি হৈ থাকে। গতিকে তেজত অক্সিজেনৰ পৰিমাণ ঠিক হ’লেও তেতিয়া উশাহ লোৱাত কষ্ট পোৱাৰ অনুভৱ হ’ব। এই অৱস্থাৰ বাবে স্নায়ুতন্ত্ৰ দায়ী।

উদ্বেগজনক আক্ৰমণে শৰীৰত মানসিক চাপৰ মাত্ৰা বৃদ্ধি কৰে। ফলত তেজত ষ্ট্ৰেছ হৰম’নৰ নিঃসৰণ বাঢ়ি যায়। হৰম’নে বিভিন্ন শাৰীৰিক আৰু মানসিক পৰিৱৰ্তন ঘটায়। যাৰ ফলত কেতিয়াবা মূৰ ঘূৰোৱা, কেতিয়াবা পেশীৰ টান, দুৰ্বলতা হ’বলৈ আৰম্ভ কৰে। যদি আমি বহুদিন উদ্বিগ্নতাত ভুগি থাকোঁ, তেন্তে আমি সকলো সময়তে ভাগৰুৱা অনুভৱ কৰো। যাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে আৰু সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ লক্ষণ আৰু পৰিত্ৰাণৰ উপায় জানো আহক...

কেনে লক্ষণ দেখা দিয়ে?

• অস্বাভাৱিক উশাহ-নিশাহ
• বুকুৰ বিষ
• তীব্ৰ আতংক
• মূৰ ঘূৰোৱা বা পৰি যোৱাৰ অনুভৱ
• ঘাম ওলোৱা
• পেটৰ বিষ আৰু বমি
• গৰম অনুভৱ কৰা
• নিয়ন্ত্ৰণ হেৰুৱাই মৃত্যুৰ অনুভৱ


ইয়াৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব?

প্ৰথমতে মনত ৰখা কথাটো হ’ল এই পৰিস্থিতিত আপুনি অকলশৰীয়া নহয়। বহুতৰ কম বেছি পৰিমাণে। গতিকে এই পৰিস্থিতিত ধৈৰ্য্য ধৰাৰ বাহিৰে আন কোনো বিকল্প নাই। এই সময় নিজকে দিয়ক। আমি যেতিয়া ভয় খাওঁ তেতিয়া আমাৰ মগজুৱে তেজত অধিক এড্ৰিনেলিন নিৰ্গত কৰে, যাৰ প্ৰভাৱত এই সকলোবোৰ লক্ষণ দেখা যায়। তেজত অক্সিজেনৰ পৰিমাণ সঠিক হ’লেও তেতিয়া উশাহ লোৱাত কষ্ট পোৱাৰ অনুভৱ হ’ব।

আপুনি নিজকে কেনেকৈ চম্ভালিব?

১.যেতিয়া আপুনি অতি ভয় বা অত্যধিক উদ্বিগ্ন হয় তেতিয়া ধ্যান কৰক। এনে এজন বন্ধুৰ লগত কথা পাতক যাৰ লগত আপুনি বহুত চিন্তা ভাগ কৰিব পাৰে, যিয়ে আপোনাক বুজি পায়।

২.প্ৰাণায়াম বা নিয়মীয়া ব্যায়ামেও মানসিক উদ্বেগৰ পৰা সকাহ দিব পাৰে।

৩.ইয়াৰ বাহিৰেও আজিকালি অধিবেশনবোৰ অনলাইনত মনোৰোগ বিশেষজ্ঞৰ লগত কথা পাতি ল’ব পাৰি। মনটোক নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বুদ্ধিমানৰ কাম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু