--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ শাৰীৰিক স্বাস্থ্যৰ বহুখিনি নিৰ্ভৰ কৰে আমাৰ মানসিক স্বাস্থ্যৰ ওপৰত। উদাহৰণস্বৰূপে, যদি আপুনি দীৰ্ঘদিন ধৰি উদ্বিগ্নতাত ভুগি থাকে তেন্তে ই শাৰীৰিক ৰোগলৈ পৰিণত হয়। কোনো সমস্যা নাথাকিলেও জ্বৰৰ লক্ষণ দেখা দিব পাৰে। আমাৰ শাৰীৰিক স্বাস্থ্যৰ বহুখিনি নিৰ্ভৰ কৰে আমাৰ মানসিক স্বাস্থ্যৰ ওপৰত। উদাহৰণস্বৰূপে, যদি আপুনি দীৰ্ঘদিন ধৰি উদ্বিগ্নতাত ভুগি থাকে তেন্তে ই শাৰীৰিক ৰোগলৈ পৰিণত হয়। কোনো সমস্যা নাথাকিলেও জ্বৰৰ লক্ষণ দেখা দিব পাৰে। 

বহুতে কিবা কাৰণত উদ্বেগ বাঢ়িলে, বা ভয় খালে জোৰেৰে উশাহ লয়। কোনোবাই বুকুত হেঁচা অনুভৱ কৰে, অস্বস্তি অনুভৱ কৰে। মূৰ ঘূৰোৱা, মূৰটো লঘু হোৱা, ঘামচি ওলোৱা, শ্বাসৰুদ্ধ হোৱা আদিও উদ্বেগজনক আক্ৰমণৰ কিছুমান লক্ষণ। আচলতে ভয় খালে মগজুৰ তেজত জৰুৰীকালীন হৰম’ন বা এড্ৰিনেলিন মিহলি হৈ থাকে। গতিকে তেজত অক্সিজেনৰ পৰিমাণ ঠিক হ’লেও তেতিয়া উশাহ লোৱাত কষ্ট পোৱাৰ অনুভৱ হ’ব। এই অৱস্থাৰ বাবে স্নায়ুতন্ত্ৰ দায়ী।

উদ্বেগজনক আক্ৰমণে শৰীৰত মানসিক চাপৰ মাত্ৰা বৃদ্ধি কৰে। ফলত তেজত ষ্ট্ৰেছ হৰম’নৰ নিঃসৰণ বাঢ়ি যায়। হৰম’নে বিভিন্ন শাৰীৰিক আৰু মানসিক পৰিৱৰ্তন ঘটায়। যাৰ ফলত কেতিয়াবা মূৰ ঘূৰোৱা, কেতিয়াবা পেশীৰ টান, দুৰ্বলতা হ’বলৈ আৰম্ভ কৰে। যদি আমি বহুদিন উদ্বিগ্নতাত ভুগি থাকোঁ, তেন্তে আমি সকলো সময়তে ভাগৰুৱা অনুভৱ কৰো। যাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে আৰু সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ লক্ষণ আৰু পৰিত্ৰাণৰ উপায় জানো আহক...

কেনে লক্ষণ দেখা দিয়ে?

• অস্বাভাৱিক উশাহ-নিশাহ
• বুকুৰ বিষ
• তীব্ৰ আতংক
• মূৰ ঘূৰোৱা বা পৰি যোৱাৰ অনুভৱ
• ঘাম ওলোৱা
• পেটৰ বিষ আৰু বমি
• গৰম অনুভৱ কৰা
• নিয়ন্ত্ৰণ হেৰুৱাই মৃত্যুৰ অনুভৱ


ইয়াৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব?

প্ৰথমতে মনত ৰখা কথাটো হ’ল এই পৰিস্থিতিত আপুনি অকলশৰীয়া নহয়। বহুতৰ কম বেছি পৰিমাণে। গতিকে এই পৰিস্থিতিত ধৈৰ্য্য ধৰাৰ বাহিৰে আন কোনো বিকল্প নাই। এই সময় নিজকে দিয়ক। আমি যেতিয়া ভয় খাওঁ তেতিয়া আমাৰ মগজুৱে তেজত অধিক এড্ৰিনেলিন নিৰ্গত কৰে, যাৰ প্ৰভাৱত এই সকলোবোৰ লক্ষণ দেখা যায়। তেজত অক্সিজেনৰ পৰিমাণ সঠিক হ’লেও তেতিয়া উশাহ লোৱাত কষ্ট পোৱাৰ অনুভৱ হ’ব।

আপুনি নিজকে কেনেকৈ চম্ভালিব?

১.যেতিয়া আপুনি অতি ভয় বা অত্যধিক উদ্বিগ্ন হয় তেতিয়া ধ্যান কৰক। এনে এজন বন্ধুৰ লগত কথা পাতক যাৰ লগত আপুনি বহুত চিন্তা ভাগ কৰিব পাৰে, যিয়ে আপোনাক বুজি পায়।

২.প্ৰাণায়াম বা নিয়মীয়া ব্যায়ামেও মানসিক উদ্বেগৰ পৰা সকাহ দিব পাৰে।

৩.ইয়াৰ বাহিৰেও আজিকালি অধিবেশনবোৰ অনলাইনত মনোৰোগ বিশেষজ্ঞৰ লগত কথা পাতি ল’ব পাৰি। মনটোক নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বুদ্ধিমানৰ কাম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক