--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতকে ধৰি বিশ্বজুৰি কোভিডতে ত্ৰাসৰ সৃষ্টি কৰিছিল৷ লাখ লাখ লোকৰ কোভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে৷ কোভিডৰ প্ৰতাপ কিছু কমিছিল যদিও এতিয়া পুনৰ ৰোগ বিধে মূৰ দাঙি উঠাও দেখা গৈছে৷ কোভিডৰ পৰা মুক্ত হোৱাৰ পিছতো বহুতে পোষ্ট কোভিড সমস্যাৰ মুখামুখি হ’বলগীয়া হৈছে৷ 

তেনে সমস্যাসমূহৰ ভিতৰত চুলি সৰাৰ সমস্যাও এটা বুলি স্বাস্থ্য বিজ্ঞানীসকলে নিৰ্ধাৰণ কৰিছে৷ কোভিড হোৱা বহুতেই অস্বাভাৱিকভাবে চুলি সৰাৰ সমস্যাত ভোগা দেখা গৈছে৷  বিজ্ঞানীসকলৰ মতে কৰোনা সংক্ৰমণৰ প্ৰভাৱ দীৰ্ঘ সময়ৰ বাবে শৰীৰত থাকিব পাৰে। ফলস্বৰূপে চুলিও হঠাতে সৰিবলৈ আৰম্ভ কৰিব পাৰে।

কৰোনাৰ সংক্ৰমণে শৰীৰক কেনেদৰে প্ৰভাৱান্বিত কৰে সেই বিষয়ে বিজ্ঞানীসকলৰ এতিয়াও সম্পূৰ্ণ স্পষ্ট ধাৰণা নাই। কিন্তু এই ভাইৰাছৰ সংক্ৰমণৰ পিছত এয়া স্পষ্ট হৈছে যে শৰীৰত বহু  বিসংগতিয়ে দেখা দিয়ে। চুলি সৰাও তেনে এক সমস্যা । 

 কিন্তু আপুনি এই সমস্যাটো কেনেকৈ সমাধান কৰিব? ইয়াৰ বাবে স্বাস্থ্য বিজ্ঞানীসকলে  কিছুমান নিয়ম অনুসৰণ কৰিবলৈ পৰামৰ্শ দিছে। সেইবোৰ কি চাওঁ আহক। 

খাদ্য তালিকাত পৰ্যাপ্ত লো সমৃদ্ধ খাদ্য যোগ দিয়ক। লোৱে চুলিক পুষ্টি যোগোৱাত সহায় কৰে। ফলস্বৰূপে চুলি সৰিলেও এই ধৰণৰ খাদ্যৰ প্ৰভাৱত চুলি পুনৰ গজিবলৈ আৰম্ভ কৰে৷  নিয়মীয়াকৈ বাদাম, আখৰোট, চিনাবাদাম,  সেউজীয়া পাচলি আদি খাদ্য খাব।এনে খাদ্য প্ৰদাহ-প্ৰতিৰোধী উপাদানেৰে সমৃদ্ধ। এনে খাদ্যই  চুলিৰ স্বাস্থ্য বজাই ৰাখে। ই শৰীৰক ইয়াৰ পূৰ্বৱৰ্তী স্বাভাৱিক অৱস্থালৈ সোনকালে ঘূৰি অহাত সহায় কৰে। 

শৰীৰটোক ভিতৰৰ পৰা আৰ্দ্ৰ কৰি ৰাখিবলৈ চেষ্টা কৰক। প্ৰতিদিনে পৰ্যাপ্ত পানী খাব। দিনত কমেও ৩ ৰ পৰা ৪ লিটাৰ পানী খাব। যদি উফিৰ সমস্যা হয়  সেয়া দূৰ কৰিবলৈ চেষ্টা কৰক৷ পৰ্যাপ্ত পানী খালে উফিৰ সমস্যাও ভালেখিনি দূৰ হয়৷

চুলি আৰু মূৰৰ ছাল পৰিষ্কাৰ কৰিবলৈ ছালফেট-মুক্ত চেম্পু ব্যৱহাৰ কৰিব পাৰি। চেম্পু কৰাৰ পিছতে  চুলিত তেল নাসানিব ৷যদি সমস্যাটো অত্যাধিক হয় তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওঁক। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক