--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতকে ধৰি বিশ্বজুৰি কোভিডতে ত্ৰাসৰ সৃষ্টি কৰিছিল৷ লাখ লাখ লোকৰ কোভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে৷ কোভিডৰ প্ৰতাপ কিছু কমিছিল যদিও এতিয়া পুনৰ ৰোগ বিধে মূৰ দাঙি উঠাও দেখা গৈছে৷ কোভিডৰ পৰা মুক্ত হোৱাৰ পিছতো বহুতে পোষ্ট কোভিড সমস্যাৰ মুখামুখি হ’বলগীয়া হৈছে৷ 

তেনে সমস্যাসমূহৰ ভিতৰত চুলি সৰাৰ সমস্যাও এটা বুলি স্বাস্থ্য বিজ্ঞানীসকলে নিৰ্ধাৰণ কৰিছে৷ কোভিড হোৱা বহুতেই অস্বাভাৱিকভাবে চুলি সৰাৰ সমস্যাত ভোগা দেখা গৈছে৷  বিজ্ঞানীসকলৰ মতে কৰোনা সংক্ৰমণৰ প্ৰভাৱ দীৰ্ঘ সময়ৰ বাবে শৰীৰত থাকিব পাৰে। ফলস্বৰূপে চুলিও হঠাতে সৰিবলৈ আৰম্ভ কৰিব পাৰে।

কৰোনাৰ সংক্ৰমণে শৰীৰক কেনেদৰে প্ৰভাৱান্বিত কৰে সেই বিষয়ে বিজ্ঞানীসকলৰ এতিয়াও সম্পূৰ্ণ স্পষ্ট ধাৰণা নাই। কিন্তু এই ভাইৰাছৰ সংক্ৰমণৰ পিছত এয়া স্পষ্ট হৈছে যে শৰীৰত বহু  বিসংগতিয়ে দেখা দিয়ে। চুলি সৰাও তেনে এক সমস্যা । 

 কিন্তু আপুনি এই সমস্যাটো কেনেকৈ সমাধান কৰিব? ইয়াৰ বাবে স্বাস্থ্য বিজ্ঞানীসকলে  কিছুমান নিয়ম অনুসৰণ কৰিবলৈ পৰামৰ্শ দিছে। সেইবোৰ কি চাওঁ আহক। 

খাদ্য তালিকাত পৰ্যাপ্ত লো সমৃদ্ধ খাদ্য যোগ দিয়ক। লোৱে চুলিক পুষ্টি যোগোৱাত সহায় কৰে। ফলস্বৰূপে চুলি সৰিলেও এই ধৰণৰ খাদ্যৰ প্ৰভাৱত চুলি পুনৰ গজিবলৈ আৰম্ভ কৰে৷  নিয়মীয়াকৈ বাদাম, আখৰোট, চিনাবাদাম,  সেউজীয়া পাচলি আদি খাদ্য খাব।এনে খাদ্য প্ৰদাহ-প্ৰতিৰোধী উপাদানেৰে সমৃদ্ধ। এনে খাদ্যই  চুলিৰ স্বাস্থ্য বজাই ৰাখে। ই শৰীৰক ইয়াৰ পূৰ্বৱৰ্তী স্বাভাৱিক অৱস্থালৈ সোনকালে ঘূৰি অহাত সহায় কৰে। 

শৰীৰটোক ভিতৰৰ পৰা আৰ্দ্ৰ কৰি ৰাখিবলৈ চেষ্টা কৰক। প্ৰতিদিনে পৰ্যাপ্ত পানী খাব। দিনত কমেও ৩ ৰ পৰা ৪ লিটাৰ পানী খাব। যদি উফিৰ সমস্যা হয়  সেয়া দূৰ কৰিবলৈ চেষ্টা কৰক৷ পৰ্যাপ্ত পানী খালে উফিৰ সমস্যাও ভালেখিনি দূৰ হয়৷

চুলি আৰু মূৰৰ ছাল পৰিষ্কাৰ কৰিবলৈ ছালফেট-মুক্ত চেম্পু ব্যৱহাৰ কৰিব পাৰি। চেম্পু কৰাৰ পিছতে  চুলিত তেল নাসানিব ৷যদি সমস্যাটো অত্যাধিক হয় তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওঁক। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু