--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এই ডিজিটেল যুগত মোবাইল আৰু ডেস্কটপৰ ব্যৱহাৰ বহুত বৃদ্ধি পাইছে, কিন্তু এইবোৰে আমাৰ জীৱনটোক যিমানেই সহজ কৰি তুলিছে সিমানেই আমাৰ স্বাস্থ্যৰো ক্ষতি কৰিছে। বিশেষকৈ চকুৰ স্বাস্থ্যৰ বাবে এই গেজেটবোৰ অতি বিপদজনক বুলি প্ৰমাণিত হৈছে। তেওঁলোকৰ স্ক্ৰীণ লাইটে আমাৰ চকুৰ ক্ষতি কৰে। ইয়াৰ ফলত আমাৰ চকু দুৰ্বল হৈ পৰে আৰু দৈনিক চকু জ্বলা-পোৰা আৰু খজুৱতি আদি সমস্যা হয়। চকুৰ দৃষ্টিশক্তি দুৰ্বল হোৱাৰ সম্ভাৱনাও বৃদ্ধি পাইছে। এনে অৱস্থাত আমি এনেবোৰ বস্তু আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে, যিবোৰে চকু সুস্থ কৰি ৰখাৰ লগতে দৃষ্টিশক্তি অটুট ৰখাত সহায় কৰে।

 ১. আমলখিঃ-চকুৰ বাবে আমলখি ভাল উৎস। আমলখিত থকা ভিটামিন-‘চি’ প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ ফলত চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায়। আমলখিৰ পৰা তৈয়াৰী বস্তু যেনে-আমলা পাউদাৰ, আচাৰ চকুৰ বাবে অতি উপকাৰী। সেয়েহে দৈনিক খাদ্য তালিকাত আমলখি অন্তৰ্ভুক্ত কৰিব লাগে।

 ২. সেউজীয়া শাক-পাচলিঃ-সেউজীয়া শাক-পাচলি চকুৰ বাবে অতি উপকাৰী। এইবোৰত ভিটামিন-এ (কেৰটিন), ভিটামিন-‘চি’ আৰু ভিটামিন-‘বি’ পোৱা যায়। সেউজীয়া শাক-পাচলিত থকা এন্টি-অক্সিডেন্ট, আইৰন আৰু লুটিন আদি উপাদানে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে।

 ৩. এভোকেডোঃ-এভোকেডোত প্ৰচুৰ পৰিমাণে ভিটামিন-ই থাকে। ইয়াৰ সেৱনে চকুৰ ৰেটিনা শক্তিশালী কৰি তুলিব আৰু বৃদ্ধ বয়সলৈকে আপোনাৰ চকু সুস্থ হৈ থাকিব।

 ৪. বিলাহীঃ-বিলাহীত বিটা-কেৰটিন থাকে, যিয়ে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে। বিলাহীত থকা ভিটামিন-এ চকুৰ বাবে অতি উপকাৰী।

 ৫. সাগৰীয় খাদ্যঃ-বহুতো সাগৰীয় খাদ্যই চকু সুস্থ কৰি তোলে। টুনা, ছালমন আৰু ট্ৰাউটৰ দৰে সাগৰীয় খাদ্যই ৰেটিনা শক্তিশালী কৰে। এই মাছবোৰত DHA নামৰ এবিধ ফেটি এচিড পোৱা যায়, যিয়ে ৰেটিনাৰ শক্তি বৃদ্ধি কৰে আৰু চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে।

 ৬. ছাইট্ৰাছ ফ্ৰুটঃ-কমলা, নেমু, জামু আৰু অমিতাত ভিটামিন-চি আৰু চাইট্ৰিক এচিড প্ৰচুৰ পৰিমাণে পোৱা যায়। ভিটামিন-চি চকুৰ বাবে উপকাৰী।

 ৭) ড্ৰাইফ্ৰুট- ড্ৰাইফ্ৰুট যেনে-আলমণ্ড, আখৰোটে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে। ড্ৰাইফ্ৰুট দৈনিক সেৱন কৰিব লাগে। ইয়াৰ ফলত চকু সুস্থ হৈ থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ