ডিজিটেল ডেস্ক: সন্ত্ৰাসবাদীৰ আতংক আৰু কাশ্মীৰী পণ্ডিতসকলৰ স্থানান্তৰৰ ফলত ছিন্ন-ভিন্ন হৈ পৰা কাশ্মীৰৰ উমৈহতীয়া সামাজিক-সাংস্কৃতিক জীৱনত পুনৰ আশাৰ এক নতুন ৰেঙণি দেখা গৈছে। শ্ৰীনগৰৰ ফতেহ কদলত অৱস্থিত প্ৰায় ৭০০ বছৰ পুৰণি শ্ৰী দুৰ্গেশ্বৰী মন্দিৰৰ দুৱাৰ পুনৰ খোল খালে। ৩৭ বছৰৰ পাছত খোল খালে মন্দিৰটো।
পুনৰ মন্দিৰত পূজা-অৰ্চনা হোৱাৰ লগতে শংখধ্বনি, ঘণ্টাধ্বনিৰে চৌপাশ গুঞ্জৰিত হৈ উঠিছে। ৰাস পূৰ্ণিমাৰ পৱিত্ৰ দিনটোত মঙলবাৰে ভক্তসকলৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰি দিয়া হয়। এই অনুষ্ঠানত শ্ৰীনগৰৰ জিলা উপায়ুক্তগৰাকীও উপস্থিত থাকে।
এসময়ত ভক্তৰ সমাগম আৰু ধৰ্মীয় কাৰ্যকলাপেৰে মুখৰিত হৈ থকা এই মন্দিৰটো সন্ত্ৰাসবাদৰ সময়ছোৱাত জনশূন্য হৈ পৰিছিল। কাশ্মীৰী পণ্ডিত পৰিয়ালসমূহৰ পলায়নৰ পাছত ইয়াৰ চোৱা-চিতা কৰিবলৈ কোনো নথকাত সময়ৰ লগে লগে মন্দিৰটো জৰাজীৰ্ণ হৈ পৰিছিল।
বৰ্তমান স্থানীয় ৰাইজ, কাশ্মীৰী পণ্ডিত সমাজ আৰু মুছলমান চুবুৰীয়াসকলৰ যৌথ প্ৰচেষ্টাত মন্দিৰটোৰ পুনৰুদ্ধাৰ সম্ভৱ হৈ উঠিছে। এই প্ৰত্যাৱৰ্তন কেৱল এটা ধৰ্মীয় স্থান পুনৰ উদ্ধাৰ হোৱাৰ কাহিনীয়েই নহয়, এয়া কাশ্মীৰৰ সেই উমৈহতীয়া ঐতিহ্যক সংৰক্ষণ কৰাৰো এক প্ৰয়াস, যি এসময়ত উপত্যকাটোৰ সামাজিক জীৱনৰ পৰিচয় আছিল।
ফতেহ কদলৰ বনা মহল্লাত অৱস্থিত এই মন্দিৰটোৰ ঠিক কাষতে এটা মছজিদ আছে। স্থানীয় জ্যেষ্ঠ লোকসকলৰ মতে, এসময়ত পুৱা মছজিদৰ পৰা আজানৰ ধ্বনি ভাহি অহাৰ লগে লগে মন্দিৰত পূজা-অৰ্চনাৰ ঘণ্টা আৰু শংখৰ ধ্বনি বাজি উঠিছিল। দুয়োটা ধৰ্মীয় স্থান ওচৰা-ওচৰিকৈ থকা সত্ত্বেও অঞ্চলটোত কেতিয়াও কোনো বিভেদ নাছিল। হিন্দু আৰু মুছলমান পৰিয়ালসমূহৰ মাজত পাৰিবাৰিক সম্পৰ্ক আছিল।
ল’ৰা-ছোৱালীয়ে একেলগে পঢ়া-শুনা কৰিছিল আৰু মানুহে ইজনে সিজনৰ সুখ-দুখৰ সমভাগী হৈছিল। কিন্তু ১৯৯০ৰ দশকত সন্ত্ৰাসবাদৰ প্ৰসাৰ আৰু কাশ্মীৰী পণ্ডিতসকলৰ ব্যাপক পলায়নে এই সমগ্ৰ সামাজিক বান্ধোনটো ধ্বংস কৰি পেলাইছিল।
বৰ্তমান পুনৰ সেই আগৰ সুদিন ঘূৰি আহিছে। কাশ্মীৰী পণ্ডিত পৰিয়ালসমূহে নিজৰ ঘৰ আৰু পূৰ্বপুৰুষৰ ধৰ্মীয় স্থানসমূহৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিব পাৰিব।
এই সমগ্ৰ অভিযানটোৰ বিশেষত্ব এয়ে আছিল যে ইয়াত স্থানীয় মুছলমান বাসিন্দাসকলেও আগভাগ লৈ সহযোগিতা আগবঢ়ায়।