--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিছলেৰীৰ এটা নমুনাত নিৰ্ধাৰিত পৰিমাণতকৈ অধিক 'ব্র'মেট' আৰু কেঞ্চাৰ ৰোগ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থ পোৱাৰ পাছতেই কেন্দ্রই এই বৃহৎ সিদ্ধান্ত লৈছে।

ডিজিটেল ডেস্ক: অগ্ৰণী খোৱাপানীৰ ব্ৰেণ্ড বিছলেৰীৰ পানীৰ নমুনাত 'অসুৰক্ষিত' বুলি পোৱাৰ বিতৰ্কৰ মাজতে কেন্দ্ৰীয় চৰকাৰে দেশজুৰি সকলো পেকেজ্ড খোৱাপানী ব্ৰেণ্ডৰ গুণগত মান পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছে। খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণে (FSSAI) বিছলেৰীৰ এটা নমুনাত নিৰ্ধাৰিত পৰিমাণতকৈ অধিক 'ব্র'মেট' আৰু কেঞ্চাৰ ৰোগ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থ পোৱাৰ পাছতেই কেন্দ্রই এই বৃহৎ সিদ্ধান্ত লৈছে। এফ এছ এছ এ আয়ে এতিয়া কেৱল বিছলেৰীয়েই নহয়, সমগ্র দেশৰ বজাৰত উপলব্ধ আন সকলো পেকেজ্ড খোৱাপানীৰ ব্ৰেণ্ডৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰিব। 


ইয়াৰ উপৰি, প্ৰতিষ্ঠিত ব্ৰেণ্ডৰ নাম আৰু লেবেল নকল কৰা কোম্পানীসমূহৰ ওপৰতো চোকা নজৰ ৰাখিব। উল্লেখযোগ্য যে বিছলেৰীৰ গোৱা প্ৰকল্পত প্ৰস্তুত কৰা খোৱাপানীৰ এটা নমুনাত নিৰ্ধাৰিত সীমাতকৈ অধিক ব্ৰ'মেট পোৱা গৈছে আৰু পৰৱৰ্তী পৰীক্ষাত 'পলিচাইক্লিক এৰ'মেটিক হাইড্র 'কাৰ্বন' ধৰা পৰিছিল আৰু যিটো হৈছে কেঞ্চাৰৰ অন্যতম কাৰক। ইয়াৰ পাছতে এফ এছ এছ এ আয়ে কোম্পানীটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাত অনুমোদন জনাইছে। 


আনহাতে, বিছলেৰী ইণ্টাৰনেশ্যনেলে এই অভিযোগ নাকচ কৰি জনাইছে যে এই বিষয়টো ২০২৫ চনৰ ছেপ্টেম্বৰ মাহৰ এটা পুৰণি নমুনাৰ সৈতে জড়িত। কোম্পানীটোৰ মতে, পৰৱৰ্তী সময়ত স্বতন্ত্ৰ পৰীক্ষাগাৰত কৰা পৰীক্ষাত পানীৰ নমুনা সম্পূৰ্ণ সুৰক্ষিত পোৱা গৈছিল। অৱশ্যে, এই বিষয়ত হোৱা তদন্তত তেওঁলোকে সম্পূর্ণ সহযোগিতা আগবঢ়াব বুলি কোম্পানীটোৱে কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশজুৰি পৰীক্ষা হ’ব পেকেজ্ড খোৱাপানীৰ নমুনা
ডিৰকসহ দুখন তৈলক্ষেত্ৰৰ চুক্তিৰ ম্যাদ ৩০ বছৰলৈ বৃদ্ধি
হেৰাই যাব নেকি অসমৰ সেউজ তৃণভূমিৰ গৌৰৱ উলুম’ৰা?
সম্পত্তিৰ বিবাদ! মাতৃ আৰু দুটা পোহনীয়া কুকুৰক গুলীয়াই হ*ত্যা; তাৰপাছত আ*ত্ম*হ*ত্যা যুৱকৰ
ৰৈ থকা স্কুল বাছত প্ৰচণ্ড খুন্দা তীব্ৰবেগী ট্ৰাক, ৪ ছাত্ৰ-ছাত্ৰীৰ থিতাতে মৃত্যু, ৩৫জন আহত
পাকিস্তানৰ সৈতে সম্পৰ্ক থকা সন্দেহযুক্ত সন্ত্ৰাসবাদীক উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ
নিটি আয়োগৰ ৰাষ্ট্ৰীয় কৰ্মশালাত ‘অভিযান হিচাপে নেতৃত্ব’ শীৰ্ষক কৰ্মযোগী সংকল্পৰ শুভাৰম্ভ কেবিনেট সচিবৰ
ভাস্বতী ভাৰতীৰ গীত ‘লাহে লাহে’ৰ ভিডিঅ’ মুকলি
দেশজুৰি খলকনি! Shazam India-ৰ শীৰ্ষস্থানত ৰিতো ৰিবাৰ ‘দিলৰুবা দিলনশী’
মধ্যপ্ৰদেশত চাঞ্চল্য! হোটেলত থকা প্ৰাপ্তবয়স্ক যুৱক-যুৱতীক ভুৱা গাঞ্জাৰ গোচৰত ফচোৱাৰ ভাবুকি; ৬ আৰক্ষী বিষয়া নিলম্বিত
মাজুলীৰ পৰ্যটন ক্ষেত্ৰখনক নতুন মাত্ৰা প্ৰদানৰ লক্ষ্য; আহি আছে দুমহলীয়া পর্যটক বাছ ‘পুষ্পক’
শোকস্তব্ধ খেৰী গাঁও; গেছ চিলিণ্ডাৰ বিস্ফোৰণত মাতৃসহ দুই কন্যাৰ কৰুণ মৃত্যু
‘‘অসমত ভগৱানতকৈও অধিক জুবিনৰ ফটো দেখা পাইছোঁ’’! অসমবাসীৰ আৱেগত আপ্লুত ভাৰত ভ্ৰমণকাৰী যুৱক তাজ আলম
২০৩৫ চনৰ ভিতৰত বিশ্বত ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা হ’ব সৰ্বাধিক