--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • স্থানীয়ভাৱে অনুসন্ধান কৰি জানিব পৰা যায় যে দীৰ্ঘদিন অসুস্থতা দেখুৱাই ছুটী ল’লেও তেওঁ আচলতে অসুস্থ নাছিল। তেওঁৰ স্বামীয়ে ঢাকাৰ এটা কোম্পানীত ব্যক্তিগত চাকৰি কৰে। সেই সূত্ৰে তেওঁ বেছিভাগ সময় ঢাকাতে থাকিছিল।

ডিজিটেল ডেস্ক: বিদ্যালয়ত অনুপস্থিতিৰে অভিলেখ গঢ়িছে এগৰাকী শিক্ষয়িত্ৰীয়ে। শিক্ষয়িত্ৰী ৰাবেয়া চুলতানাই ২০০১ চনৰ জুলাই মাহত চাকৰিত যোগদান কৰিছিল। ইয়াৰ পাছত ২৩ বছৰ ৭ মাহ পাৰ হৈ গ’ল। অথচ এই দীৰ্ঘ কৰ্মজীৱনৰ ৯ বছৰ ৭ মাহতকৈও অধিক সময় তেওঁৰ ছুটীতেই পাৰ হৈছে। অৱশ্যে কৰ্মদিৱস হিচাপে ধৰিলে প্ৰায় ১৮ বছৰেই তেওঁ বিদ্যালয়ৰ বাহিৰত আছিল। কেতিয়াবা চিকিৎসা, কেতিয়াবা প্ৰশিক্ষণ, কেতিয়াবা বিনা বেতন, কেতিয়াবা অৰ্ধবেতন, আকৌ কেতিয়াবা মাতৃত্বকালীন ছুটী—নানা অজুহাতত তেওঁ শ্ৰেণীত অনুপস্থিত আছিল। ছুটীৰ হিচাপ লৈও গুৰুতৰ অভিযোগ আছে। 


ছুটী ভোগ কৰিলেও ক্ষমতাৰ প্ৰভাৱ খটুৱাই ২ হাজাৰ ১৯৬ দিনৰ অৰ্থাৎ ছবছৰৰ তথ্য ছাৰ্ভিছ বহীত অন্তৰ্ভুক্ত হ’বলৈ দিয়া নাছিল। আনকি ছুটী মঞ্জুৰ নকৰাৰ বাবে সংশ্লিষ্ট শিক্ষা বিষয়াক নিজৰ ক্ষমতাধৰ পিতৃৰ জৰিয়তে হাৰাশাস্তি কৰাইছিল। তেওঁৰ এই উদ্ধত আচৰণত শিক্ষা বিষয়া, বিদ্যালয়ৰ শিক্ষক আৰু অভিভাৱকসকলৰ বহুতেই ভয়ত শংকিত হৈ থাকিছিল। খোদ প্ৰাথমিক শিক্ষা অধিদপ্তৰৰ তদন্ত প্ৰতিবেদন, উক্ত শিক্ষয়িত্ৰীগৰাকীৰ ছাৰ্ভিছ বহী আৰু বিদ্যালয়ৰ উপস্থিতিৰ হাজিৰা বহীৰ তথ্য বিশ্লেষণ কৰি এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। তেওঁৰ এই দীৰ্ঘ ছুটীৰ কথা শুনি সংশ্লিষ্ট বহুতেই হতবাক হৈছে। কেনেকৈ তেওঁ ইমান ছুটী পালে তাক লৈ তেওঁলোকে প্ৰশ্নও উত্থাপন কৰিছে। ৰাবেয়া চুলতানা হৈছে বাংলাদেশৰ নোৱাখালীৰ হৰিনাৰায়ণপুৰ বালিকা চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী। বাংলাদেশৰ এই খবৰ বিয়পি পৰাত নেটিজেনসকলৰ মাজত ব্যাপক চৰ্চা আৰম্ভ হৈছে।


তথ্য বিশ্লেষণ কৰি দেখা যায় শিক্ষয়িত্ৰী হিচাপে ৰাবেয়া চুলতানাই যোগদান কৰাৰ পাছত ২০০১ চনৰ ১ জুলাইৰ পৰা ২০২৫ চনৰ ২৩ ফেব্ৰুৱাৰীলৈকে ২৩ বছৰ ৭ মাহৰ কৰ্মকালত ২৯টা পৰ্যায়ত ৩ হাজাৰ ৪৮৩ দিন ছুটী ভোগ কৰে। বছৰ হিচাপে ধৰিলে তেওঁ ৯ বছৰ ৬ মাহ ১৮ দিন ছুটীত আছিল। প্ৰশিক্ষণ, চিকিৎসা, মাতৃত্বকালীন ছুটীকে ধৰি নানা অজুহাতত সৰ্বনিম্ন ১২ দিনৰ পৰা সৰ্বোচ্চ একেৰাহে ২৫১ দিন ছুটী লোৱাৰ ৰেকৰ্ড তেওঁৰ আছে। অৱশ্যে অৰ্ধবেতন আৰু বিনা বেতনতো তেওঁ ছুটী লৈছিল। কিন্তু শিক্ষাপঞ্জী অনুসৰি, সাপ্তাহিক ছুটীকে ধৰি অন্যান্য ছুটী বাদ দিলে বছৰত প্ৰায় ১৯৪ দিন চৰকাৰী প্ৰাথমিক বিদ্যালয় খোলা থাকে। শিক্ষয়িত্ৰী ৰাবেয়া চুলতানাই ভোগ কৰা ছুটীৰ সৈতে কৰ্মদিৱসৰ তুলনা কৰিলে প্ৰায় ১৮ বছৰেই তেওঁ ছুটীত আছিল।


সংশ্লিষ্টসকলে কয় যে এজন শিক্ষক বা বিষয়াৰ দীৰ্ঘদিন এনেদৰে চিকিৎসা ছুটীত থকাৰ নিয়ম নাই। কোনোবাই যদি একেৰাহে তিনি মাহ ছুটীত থাকে, তেন্তে তেওঁ অসামৰিক চিকিৎসকৰ (চিভিল ছাৰ্জন) পৰা স্বাস্থ্য প্ৰমাণপত্ৰ সংগ্ৰহ কৰিব লাগে। স্বাস্থ্য প্ৰমাণপত্ৰ পজিটিভ নহ’লে যোগদান কৰিবলৈ কোৱা হয়। আৰু দীৰ্ঘদিন অসুস্থ হৈ থাকিলে তেওঁক বাধ্যতামূলক অৱসৰলৈ পঠিওৱা হয়।


স্থানীয়ভাৱে অনুসন্ধান কৰি জানিব পৰা যায় যে দীৰ্ঘদিন অসুস্থতা দেখুৱাই ছুটী ল’লেও তেওঁ আচলতে অসুস্থ নাছিল। তেওঁৰ স্বামীয়ে ঢাকাৰ এটা কোম্পানীত ব্যক্তিগত চাকৰি কৰে। সেই সূত্ৰে তেওঁ বেছিভাগ সময় ঢাকাতে থাকিছিল। সেয়েহে চিকিৎসা প্ৰমাণপত্ৰ দেখুৱাই ছুটী লৈছিল। পাছত তেওঁক জিলা স্বাস্থ্য বিষয়াৰ পৰা স্বাস্থ্য প্ৰমাণপত্ৰ আনিবলৈ কোৱাত নানাভাৱে পলম কৰিবলৈ ধৰিলে। ইয়াৰ উপৰি তেওঁৰ দেউতাক আবুল কাশেম সেই সময়ত স্থানীয় আৱামী লীগৰ (বৰ্তমান ৰাজনৈতিক কাৰ্যকলাপ নিষিদ্ধ) ৰাজনীতিৰ সৈতে জড়িত আছিল। অঞ্চলটোত তেওঁলোকৰ পৰিয়ালৰো ভাল প্ৰভাৱ আছিল। সেই সূত্ৰে নানাভাৱে মেনেজ কৰি তেওঁ এই ছুটীসমূহ লৈছিল।


ছুটী ল’লেও ছাৰ্ভিছ বহীত নথিভুক্ত নহ’ল। চৰকাৰী কৰ্মচাৰীসকলৰ চাকৰিত যোগদানৰ পৰা অৱসৰলৈকে যাবতীয় তথ্য সংগ্ৰহৰ বাবে সকলোৰে নামত পৃথক ছাৰ্ভিছ বহী থাকে। ইয়াত পদোন্নতি, বাৰ্ষিক দৰমহা বৃদ্ধি, বদলি, অৰ্জিত ছুটীকে ধৰি সকলো ধৰণৰ ছুটীৰ হিচাপ লিপিবদ্ধ কৰা হয়। কিন্তু শিক্ষয়িত্ৰী ৰাবেয়া চুলতানাৰ ৩ হাজাৰ ৪৮৩ দিন ছুটীৰ ভিতৰত ২ হাজাৰ ১৯৬ দিনৰ হিচাপ তেওঁৰ ব্যক্তিগত ছাৰ্ভিছ বহীত নথিভুক্ত নাই। বছৰ হিচাপে ধৰিলে সেয়া ৬ বছৰ ৬ দিন।


তথ্য খুঁচৰি দেখা যায় যে ২০০৫ চনৰ ৩ ডিচেম্বৰৰ পৰা একেটা বছৰৰে ২৯ ডিচেম্বৰলৈকে ২৭ দিন, ২০১৮ চনৰ ২৩ জুনৰ পৰা ২০১৯ চনৰ ১৭ জানুৱাৰীলৈকে একেৰাহে ২০৯ দিন চিকিৎসা ছুটীত থাকিলেও সেয়া ছাৰ্ভিছ বহীত অন্তৰ্ভুক্ত হোৱা নাই। কেৱল এই দুবাৰেই নহয়, এনেদৰে আৰু ১৯টা পৰ্যায়ত তেওঁ ২ হাজাৰ ১৯৬ দিন ছুটী কটাইছে; যিটো তেওঁৰ ছাৰ্ভিছ বহীত উল্লেখ নাই।


তথ্যই আৰু কয় যে মাতৃত্বকালীন ছুটী বাবদ ভোগ কৰা ৩০৩ দিন, প্ৰশিক্ষণ বাবদ ভোগ কৰা ১২১৮ দিনৰ ভিতৰত ৮৫৩ দিন আৰু চিকিৎসা ছুটী বাবদ ভোগ কৰা ১৯৬২ দিনৰ ভিতৰত ১ হাজাৰ ৪০ দিন ছুটী তেওঁৰ ছাৰ্ভিছ বহীত এণ্ট্ৰি হোৱা নাই।


কেইগৰাকীমান প্ৰাথমিক শিক্ষা বিষয়াই কয় যে ছুটী ছাৰ্ভিছ বুক আৰু আইবাছত (iBAS) নথিভুক্ত নোহোৱাটো এক ডাঙৰ জালিয়াতি। বহু সময়ত শিক্ষক বা কোনো বিষয়াই ছাৰ্ভিছ বুকৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীৰ লগত মিলি এই জালিয়াতি কৰে। কিন্তু এয়া কোনোপধ্যেই ঠিক নহয়।


নোৱাখালী জিলা প্ৰাথমিক শিক্ষা বিষয়া ইশৰাত নাছিমা হাবীবে কয়, ‘ৰাবেয়া চুলতানাৰ বিৰুদ্ধে তদন্ত চলি আছে। তেওঁক ইতিমধ্যে শ্ব’কজ (কাৰণ দৰ্শোৱাৰ জাননী) কৰা হৈছে। 


জনপ্ৰশাসন বিশেষজ্ঞ আৰু প্ৰাক্তন অতিৰিক্ত সচিব মহম্মদ ফিৰোজ মিয়াঁই কয়, ‘এজন চৰকাৰী বিষয়াই কোনোপধ্যেই ইমান ছুটী ল’ব নোৱাৰে। সবেতন, বিনাবেতন বা মাতৃত্বকালীন—সকলো শ্ৰেণী মিলালেও চাকৰিজীৱনত ইমান ছুটী লোৱাৰ বিধান নাই। নিশ্চয় ছুটী দিবলৈ নানা অনিয়ম হৈছে। বিষয়টো লৈ উচ্চতৰ পৰ্যায়ৰ তদন্ত হোৱা উচিত।’



FOLLOW US F
POPULAR
FEATURE
TRENDY
২৩ বছৰৰ চাকৰিত ৯ বছৰ ছুটীত পাৰ কৰিলে চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে
এইবাৰ মহাকাশত পাৰমাণৱিক কৃত্ৰিম উপগ্ৰহৰ পৰিকল্পনা ৰাছিয়াৰ
শ্ৰীনগৰৰ ৭০০ বছৰ পুৰণি দুৰ্গেশ্বৰী মন্দিৰত ৩৭ বছৰৰ মূৰত পুনৰ পূজা-অৰ্চনা
দেশজুৰি পৰীক্ষা হ’ব পেকেজ্ড খোৱাপানীৰ নমুনা
ডিৰকসহ দুখন তৈলক্ষেত্ৰৰ চুক্তিৰ ম্যাদ ৩০ বছৰলৈ বৃদ্ধি
হেৰাই যাব নেকি অসমৰ সেউজ তৃণভূমিৰ গৌৰৱ উলুম’ৰা?
দেশজুৰি খলকনি! Shazam India-ৰ শীৰ্ষস্থানত ৰিতো ৰিবাৰ ‘দিলৰুবা দিলনশী’
মধ্যপ্ৰদেশত চাঞ্চল্য! হোটেলত থকা প্ৰাপ্তবয়স্ক যুৱক-যুৱতীক ভুৱা গাঞ্জাৰ গোচৰত ফচোৱাৰ ভাবুকি; ৬ আৰক্ষী বিষয়া নিলম্বিত
মাজুলীৰ পৰ্যটন ক্ষেত্ৰখনক নতুন মাত্ৰা প্ৰদানৰ লক্ষ্য; আহি আছে দুমহলীয়া পর্যটক বাছ ‘পুষ্পক’
শোকস্তব্ধ খেৰী গাঁও; গেছ চিলিণ্ডাৰ বিস্ফোৰণত মাতৃসহ দুই কন্যাৰ কৰুণ মৃত্যু
‘‘অসমত ভগৱানতকৈও অধিক জুবিনৰ ফটো দেখা পাইছোঁ’’! অসমবাসীৰ আৱেগত আপ্লুত ভাৰত ভ্ৰমণকাৰী যুৱক তাজ আলম
২০৩৫ চনৰ ভিতৰত বিশ্বত ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা হ’ব সৰ্বাধিক
'টাইম' আলোচনীত লাভলীনা
২৩ নৱেম্বৰত পুনৰ এহেজাৰ কোটি টকাৰ ঋণ ল’ব ৰাজ্য চৰকাৰে