ডিজিটেল ডেস্ক: ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ইনষ্টাগ্ৰাম ৰীলক কেন্দ্ৰ কৰি খং উঠিছে বলীউড বাদশ্বাহ শ্বাহৰুখ খানৰ। ব্যৱসায়ী অনন্ত আম্বানীৰ সৈতে হোৱা এক বাৰ্তালাপৰ ভিডিঅ’ক লৈ বিভ্ৰান্তিকৰ আৰু মানহানিকৰ মন্তব্য কৰাৰ অভিযোগত কণ্টেণ্ট ক্ৰিয়েটৰ সুবিজ্ঞ শৰ্মালৈ লিগেল নটিছ প্ৰেৰণ কৰিছে অভিনেতাগৰাকীৰ আইনী দলে।
প্ৰাপ্ত তথ্য অনুসৰি, ২৩ নৱেম্বৰত প্ৰেৰণ কৰা এই আইনী জাননীত ইনষ্টাগ্ৰাম ক্ৰিয়েটৰ সুবিজ্ঞ শৰ্মাৰ এটা ভাইৰেল ৰীলক লৈ আপত্তি দৰ্শোৱা হৈছে। ৰীলটোত দেখুওৱা হৈছে যে আধ্যাত্মিক গুৰু সদগুৰুৰ এটা অনুষ্ঠানত অনন্ত আম্বানীৰ সৈতে শ্বাহৰুখ খানৰ বাৰ্তালাপ হৈছে আৰু সেই বাৰ্তালাপতে অনন্ত আম্বানীয়ে শ্বাহৰুখ খানক চুপ থাকিবলৈ ইংগিত দিছিল।
কিন্তু শ্বাহৰুখ খানৰ আইনী দলে এই দাবীক সম্পূৰ্ণ ভিত্তিহীন, বিভ্ৰান্তিকৰ আৰু মানহানিকৰ বুলি অভিহিত কৰিছে। তেওঁলোকৰ মতে, ভিডিঅ’টোৰ সৈতে দিয়া কেপচনে ঘটনাটোৰ প্ৰকৃত প্ৰসংগ বিকৃত কৰি অভিনেতাগৰাকীৰ সন্মান আৰু ৰাজহুৱা ভাবমূৰ্তিত আঘাত হানিছে।
ভাৰতীয় ন্যায় সংহিতা, ২০২৩-ৰ ৩৫৬ নং ধাৰাৰ কথা উল্লেখ কৰি প্ৰেৰণ কৰা জাননীখনত কণ্টেণ্ট ক্ৰিয়েটৰগৰাকীক কেইবাটাও নিৰ্দেশ দিয়া হৈছে। ইয়াৰ ভিতৰত আছে—
১. বিতৰ্কিত ইনষ্টাগ্ৰাম ৰীলটো তাৎক্ষণিকভাৱে আঁতৰোৱা।
২. উক্ত দাবী পুনৰ প্ৰচাৰ বা প্ৰচাৰিত কৰাৰ পৰা বিৰত থকা।
৩. ভিডিঅ’টোৰ সৈতে জড়িত বিভ্ৰান্তিকৰ কেপচন আৰু মন্তব্য আঁতৰোৱা অথবা সংশোধন কৰা।
৪. মূল ভিডিঅ’, তথ্যৰ উৎস, প্ৰকাশৰ নথি-পত্ৰ আৰু সংশ্লিষ্ট যোগাযোগৰ ৰেকৰ্ড সংৰক্ষণ কৰা।
৫. জাননী লাভ কৰাৰ ৪৮ ঘণ্টাৰ ভিতৰত নিৰ্দেশসমূহ পালন কৰাৰ লিখিত নিশ্চিতকৰণ দাখিল কৰা।
এই নিৰ্দেশসমূহ পালন নকৰিলে প্ৰযোজ্য আইনৰ অধীনত দেৱানী আৰু ফৌজদাৰী গোচৰ ৰুজু কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বুলিও জাননীখনত সকীয়াই দিয়া হৈছে।
আনহাতে, আইনী জাননী লাভ কৰাৰ পিছতে সুবিজ্ঞ শৰ্মাই আন এটা ভিডিঅ’ৰ জৰিয়তে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শ্বাহৰুখ খানৰ আপত্তিক লৈ প্ৰশ্ন উত্থাপন কৰি তেওঁ নিজৰ মন্তব্যক মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰৰ সৈতে জড়িত বুলি দাবী কৰিছে।
এই বিষয়টোৱে এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে।