--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অহা ৬০ দিনৰ ভিতৰত এই পাৰমাণৱিক আক্ৰমণত ক্ষমতাসম্পন্ন কৃত্রিম উপগ্ৰহটো ৰাছিয়াই মহাকাশত সংস্থাপনৰ আঁচনি লোৱা বুলি প্রকাশ।

ডিজিটেল ডেস্ক: মহাকাশত সামৰিক গতিবিধি বৃদ্ধি কৰিছে বিশ্বৰ ছুপাৰ পাৱাৰ ৰাষ্ট্ৰসমূহে। ৰাছিয়া, আমেৰিকা আৰু চীন শেহতীয়াকৈ মহাকাশকেন্দ্ৰিক প্রতিযোগিতাত লিপ্ত হৈ পৰিছে। অৱশ্যে এই প্রতিযোগিতা কৃত্রিম উপগ্রহক লৈ নহয়, বিশ্বৰ যিকোনো স্থানত আক্ৰমণ কৰিব পৰাকৈ মহাকাশত সামৰিক অস্ত্র স্থাপনক লৈহে এই প্রতিযোগিতা হৈছে।


ৰাছিয়াই শীঘ্ৰেই মহাকাশত স্থাপন কৰিব পাৰমাণৱিক অস্ত্র। জার্মানিৰ বুণ্ডেছনাখৰিখটেনডিনষ্ট (বি এন ডি) চোৰাংচোৱা সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাছিয়াই অহা কিছুদিনৰ ভিতৰতে মহাকাশলৈ প্ৰেৰণ কৰিব 'স্পুটনিক-এছ' নামৰ এটা কৃত্রিম উপগ্রহ। এই কৃত্রিম উপগ্রহটোত মস্কো এলেকাত দীর্ঘ দিনৰ পৰা পাৰমাণৱিক অস্ত্ৰ স্থাপন কৰি থকা হৈছে। 


অহা ৬০ দিনৰ ভিতৰত এই পাৰমাণৱিক আক্ৰমণত ক্ষমতাসম্পন্ন কৃত্রিম উপগ্ৰহটো ৰাছিয়াই মহাকাশত সংস্থাপনৰ আঁচনি লোৱা বুলি প্রকাশ। অৱশ্যে এই তথ্যক ক্রেমলিনে অস্বীকাৰ কৰিছে। যদি এয়া সঁচা হয় তেন্তে পৃথিৱীৰ কক্ষপথ বা মহাকাশত পাৰমাণৱিক অস্ত্র স্থাপন বা পাৰমাণৱিক পৰীক্ষণৰ বিৰুদ্ধে থকা কেইবাদশক পুৰণি চুক্তি ভংগ কৰিব ৰাছিয়াই। 


ইফালে, মহাকাশৰ নিৰ্দিষ্ট কক্ষপথত আমেৰিকাইও অস্ত্র স্থাপন কৰি ৰাখিছে। যোৱা ছেপ্টেম্বৰত মার্কিন বায়ু সেনাৰ সচিব ট্রয় মেইনকে এই কথা স্বীকাৰ কৰিছিল। আনহাতে, চীনে আকৌ মহাকাশত ৪০খন স্পে'চপ্লেন সাজু কৰি ৰাখিছে। যিয়ে মাত্ৰ কেইমিনিটমানৰ ভিতৰতে বিশ্বৰ যিকোনো লক্ষ্যত আঘাত হানিব পাৰে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ মহাকাশত পাৰমাণৱিক কৃত্ৰিম উপগ্ৰহৰ পৰিকল্পনা ৰাছিয়াৰ
শ্ৰীনগৰৰ ৭০০ বছৰ পুৰণি দুৰ্গেশ্বৰী মন্দিৰত ৩৭ বছৰৰ মূৰত পুনৰ পূজা-অৰ্চনা
দেশজুৰি পৰীক্ষা হ’ব পেকেজ্ড খোৱাপানীৰ নমুনা
ডিৰকসহ দুখন তৈলক্ষেত্ৰৰ চুক্তিৰ ম্যাদ ৩০ বছৰলৈ বৃদ্ধি
হেৰাই যাব নেকি অসমৰ সেউজ তৃণভূমিৰ গৌৰৱ উলুম’ৰা?
সম্পত্তিৰ বিবাদ! মাতৃ আৰু দুটা পোহনীয়া কুকুৰক গুলীয়াই হ*ত্যা; তাৰপাছত আ*ত্ম*হ*ত্যা যুৱকৰ
নিটি আয়োগৰ ৰাষ্ট্ৰীয় কৰ্মশালাত ‘অভিযান হিচাপে নেতৃত্ব’ শীৰ্ষক কৰ্মযোগী সংকল্পৰ শুভাৰম্ভ কেবিনেট সচিবৰ
ভাস্বতী ভাৰতীৰ গীত ‘লাহে লাহে’ৰ ভিডিঅ’ মুকলি
দেশজুৰি খলকনি! Shazam India-ৰ শীৰ্ষস্থানত ৰিতো ৰিবাৰ ‘দিলৰুবা দিলনশী’
মধ্যপ্ৰদেশত চাঞ্চল্য! হোটেলত থকা প্ৰাপ্তবয়স্ক যুৱক-যুৱতীক ভুৱা গাঞ্জাৰ গোচৰত ফচোৱাৰ ভাবুকি; ৬ আৰক্ষী বিষয়া নিলম্বিত
মাজুলীৰ পৰ্যটন ক্ষেত্ৰখনক নতুন মাত্ৰা প্ৰদানৰ লক্ষ্য; আহি আছে দুমহলীয়া পর্যটক বাছ ‘পুষ্পক’
শোকস্তব্ধ খেৰী গাঁও; গেছ চিলিণ্ডাৰ বিস্ফোৰণত মাতৃসহ দুই কন্যাৰ কৰুণ মৃত্যু
‘‘অসমত ভগৱানতকৈও অধিক জুবিনৰ ফটো দেখা পাইছোঁ’’! অসমবাসীৰ আৱেগত আপ্লুত ভাৰত ভ্ৰমণকাৰী যুৱক তাজ আলম
২০৩৫ চনৰ ভিতৰত বিশ্বত ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা হ’ব সৰ্বাধিক