--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰকাৰী স্বাস্থ্যসেৱাৰ 'ফাৰ্ষ্ট লাইন অব ডিফেঞ্চ' হিচাপে অভিহিত আশা কৰ্মীসকলৰ ভৱিষ্যতক লৈ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপি চৰকাৰে৷ যোৱা ৯ আগষ্টত অসম চৰকাৰৰ কেবিনেটে এই সন্দৰ্ভত লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি আপ অসমৰ ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱাই এক বিবৃত্তিযোগে উল্লেখ কৰে যে আশা কৰ্মীক অব্যাহতি ল’বলৈ উচতাই চাকৰি বিলুপ্তিৰ ষড়যন্ত্ৰ কৰিছে বিজেপি চৰকাৰে৷ বুধবাৰে দিল্লীত অনুষ্ঠিত হোৱা অসম কেবিনেটৰ এটা সিদ্ধান্ত আছিল যে আশা আৰু আশা ছুপাভাইজৰসকলে ৬০ বছৰ বয়সৰ আগতে পদত্যাগ কৰা বা স্বেচ্ছামূলক সেৱাৰ পৰা অব্যাহতি লোৱা পৰিস্থিতিত ন্যূনতম ১০ বছৰৰ বাবে নিৰন্তৰ স্বেচ্ছামূলকভাৱে সেৱা আগবঢ়ালে ১ লাখ টকাৰ এককালীন কৃতজ্ঞতামূলক অনুদান লাভৰ বাবে যোগ্য বিবেচিত হ'ব৷ এই সিদ্ধান্ত অনুসৰি যোৱা ১৩ বছৰে ২০০০-৩০০০ টকাৰ নূন্যতম পাৰিতোষিকেৰে সেৱা আগবঢ়াই থকা সৰহসংখ্যক আশাকৰ্মীক স্বেচ্ছাই অব্যাহতি ল’বলৈ উচতাইছে চৰকাৰে৷

উল্লেখযোগ্য যে আম আদমি পাৰ্টীয়ে আশা কৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণ আৰু শ্ৰম আইন অনুসৰি নূন্যতম ১০,০০০ টকাৰ দৰমহাৰ দাবী কৰি আহিছে৷ যোৱা ১১ জুলাইত আপে এক সংবাদমেলযোগে উপৰোক্ত দাবীসমূহ উত্থাপন কৰাৰ লগতে আশা কৰ্মীসকলৰ সৈতে হোৱা অন্যায়ৰ তথ্য উদঙাইছিল৷ পৰিতাপৰ বিষয় এই যে আপ অসমৰ সজোৰ দাবী আৰু অশা কৰ্মীসকলৰ কাতৰ আহ্বানক পদে পদে উপেক্ষা কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে৷ আশা কৰ্মীসকলৰ কৰ্মচাৰী ভৱিষ্যৎ নিধিৰ প্ৰৱৰ্তন আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীত অতিশীঘ্ৰেই জোৰদাৰ আন্দোলন গঢ়ি তোলাৰ পৰিকল্পনাৰ কথা সদৰি কৰে আপ অসমে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু