--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰকাৰী স্বাস্থ্যসেৱাৰ 'ফাৰ্ষ্ট লাইন অব ডিফেঞ্চ' হিচাপে অভিহিত আশা কৰ্মীসকলৰ ভৱিষ্যতক লৈ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপি চৰকাৰে৷ যোৱা ৯ আগষ্টত অসম চৰকাৰৰ কেবিনেটে এই সন্দৰ্ভত লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি আপ অসমৰ ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱাই এক বিবৃত্তিযোগে উল্লেখ কৰে যে আশা কৰ্মীক অব্যাহতি ল’বলৈ উচতাই চাকৰি বিলুপ্তিৰ ষড়যন্ত্ৰ কৰিছে বিজেপি চৰকাৰে৷ বুধবাৰে দিল্লীত অনুষ্ঠিত হোৱা অসম কেবিনেটৰ এটা সিদ্ধান্ত আছিল যে আশা আৰু আশা ছুপাভাইজৰসকলে ৬০ বছৰ বয়সৰ আগতে পদত্যাগ কৰা বা স্বেচ্ছামূলক সেৱাৰ পৰা অব্যাহতি লোৱা পৰিস্থিতিত ন্যূনতম ১০ বছৰৰ বাবে নিৰন্তৰ স্বেচ্ছামূলকভাৱে সেৱা আগবঢ়ালে ১ লাখ টকাৰ এককালীন কৃতজ্ঞতামূলক অনুদান লাভৰ বাবে যোগ্য বিবেচিত হ'ব৷ এই সিদ্ধান্ত অনুসৰি যোৱা ১৩ বছৰে ২০০০-৩০০০ টকাৰ নূন্যতম পাৰিতোষিকেৰে সেৱা আগবঢ়াই থকা সৰহসংখ্যক আশাকৰ্মীক স্বেচ্ছাই অব্যাহতি ল’বলৈ উচতাইছে চৰকাৰে৷

উল্লেখযোগ্য যে আম আদমি পাৰ্টীয়ে আশা কৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণ আৰু শ্ৰম আইন অনুসৰি নূন্যতম ১০,০০০ টকাৰ দৰমহাৰ দাবী কৰি আহিছে৷ যোৱা ১১ জুলাইত আপে এক সংবাদমেলযোগে উপৰোক্ত দাবীসমূহ উত্থাপন কৰাৰ লগতে আশা কৰ্মীসকলৰ সৈতে হোৱা অন্যায়ৰ তথ্য উদঙাইছিল৷ পৰিতাপৰ বিষয় এই যে আপ অসমৰ সজোৰ দাবী আৰু অশা কৰ্মীসকলৰ কাতৰ আহ্বানক পদে পদে উপেক্ষা কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে৷ আশা কৰ্মীসকলৰ কৰ্মচাৰী ভৱিষ্যৎ নিধিৰ প্ৰৱৰ্তন আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীত অতিশীঘ্ৰেই জোৰদাৰ আন্দোলন গঢ়ি তোলাৰ পৰিকল্পনাৰ কথা সদৰি কৰে আপ অসমে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ