--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সদৌ অসম ছাত্ৰ সন্থাৰ জ্যেষ্ঠ তথা জনপ্ৰিয় নেতা,  জাতীয় সংগঠনটোৰ সদ্য পদত্যাগী উপদেষ্টা উদ্দীপজ্যোতি গগৈয়ে যোগ দিব ৰাজনীতিত৷ তেওঁ কাইলৈ দুই শতাধিক সতীৰ্থৰ সৈতে অসম জাতীয় পৰিষদত যোগদান কৰিব৷ লক্ষ্যণীয় যে বিগত বিধান সভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগ লাগি জন্ম দিয়া অসম জাতীয় পৰিষদ দলটোৰ সৈতে শেহতীয়াকৈ ছাত্ৰ সন্থাৰ একাংশ শীৰ্ষ নেতাৰ দূৰত্ব বৃদ্ধি পোৱা বুলি চৰ্চা চলিছে৷ 


এনে সময়তে ছাত্ৰ সন্থাৰ উপদেষ্টা উদ্দীপজ্যোতি গগৈৰ নেতৃত্বত সংগঠনটোৰ বৃহৎ দল এটাই জাতীয় পকিষদত যোগদান কৰাটো বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ জাতীয় পৰিষদৰ সূত্ৰই জনোৱা মতে, কাইলৈ দিশৰ ১১:৩০ বজাত গুৱাহাটীৰ মাছখোৱাৰ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ'বলগীয়া এখন সভাত দলৰ সভাপতি লুৰীণজ্যোতি গগৈৰ উপস্থিতিত উদ্দীপজ্যোতি গগৈয়ে জাতীয় পৰিষদত যোগদান কৰিব৷ তেওঁৰ সৈতে ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ লগতে মহকুমা, আঞ্চলিক  আৰু বিশ্ববিদ্যালয় আছু গোটৰ আন কেইবাগৰাকী নেতা তথা কৰ্মকৰ্তাই যোগদান কৰিব জাতীয় পৰিষদত৷ এই উপলক্ষ্যে উক্ত নেতাসকলৰ প্ৰায়সকলেই আজি আহি গুৱাহাটীত উপস্থিত হৈছে৷ শিৱসাগৰ জিলাৰ বাসিন্দা উদ্দীপজ্যোতি গগৈয়ে গুৱাহাটীলৈ যাত্ৰা কৰাৰ পূৰ্বে ঢেকিয়াখোৱা বৰনামঘৰত সেৱা কৰি, চাকি-বন্তি জ্বলাই ৰাজনৈতিক জীৱনৰ যাত্ৰা  আৰম্ভ কৰে৷ তাৰ পূৰ্বে তেওঁ শিৱদৌল আৰু ৰংঘৰত সোমাই সেৱা আগবঢ়ায়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ