--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সদৌ অসম ছাত্ৰ সন্থাৰ জ্যেষ্ঠ তথা জনপ্ৰিয় নেতা,  জাতীয় সংগঠনটোৰ সদ্য পদত্যাগী উপদেষ্টা উদ্দীপজ্যোতি গগৈয়ে যোগ দিব ৰাজনীতিত৷ তেওঁ কাইলৈ দুই শতাধিক সতীৰ্থৰ সৈতে অসম জাতীয় পৰিষদত যোগদান কৰিব৷ লক্ষ্যণীয় যে বিগত বিধান সভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগ লাগি জন্ম দিয়া অসম জাতীয় পৰিষদ দলটোৰ সৈতে শেহতীয়াকৈ ছাত্ৰ সন্থাৰ একাংশ শীৰ্ষ নেতাৰ দূৰত্ব বৃদ্ধি পোৱা বুলি চৰ্চা চলিছে৷ 


এনে সময়তে ছাত্ৰ সন্থাৰ উপদেষ্টা উদ্দীপজ্যোতি গগৈৰ নেতৃত্বত সংগঠনটোৰ বৃহৎ দল এটাই জাতীয় পকিষদত যোগদান কৰাটো বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ জাতীয় পৰিষদৰ সূত্ৰই জনোৱা মতে, কাইলৈ দিশৰ ১১:৩০ বজাত গুৱাহাটীৰ মাছখোৱাৰ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ'বলগীয়া এখন সভাত দলৰ সভাপতি লুৰীণজ্যোতি গগৈৰ উপস্থিতিত উদ্দীপজ্যোতি গগৈয়ে জাতীয় পৰিষদত যোগদান কৰিব৷ তেওঁৰ সৈতে ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ লগতে মহকুমা, আঞ্চলিক  আৰু বিশ্ববিদ্যালয় আছু গোটৰ আন কেইবাগৰাকী নেতা তথা কৰ্মকৰ্তাই যোগদান কৰিব জাতীয় পৰিষদত৷ এই উপলক্ষ্যে উক্ত নেতাসকলৰ প্ৰায়সকলেই আজি আহি গুৱাহাটীত উপস্থিত হৈছে৷ শিৱসাগৰ জিলাৰ বাসিন্দা উদ্দীপজ্যোতি গগৈয়ে গুৱাহাটীলৈ যাত্ৰা কৰাৰ পূৰ্বে ঢেকিয়াখোৱা বৰনামঘৰত সেৱা কৰি, চাকি-বন্তি জ্বলাই ৰাজনৈতিক জীৱনৰ যাত্ৰা  আৰম্ভ কৰে৷ তাৰ পূৰ্বে তেওঁ শিৱদৌল আৰু ৰংঘৰত সোমাই সেৱা আগবঢ়ায়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু