--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰ অভিযানৰ বাবে ভাৰত আৰু ৰাছিয়াই চন্দ্ৰলৈ প্ৰেৰণ কৰা মহাকাশযান দুখনৰ মাজৰে এখন অৱশেষত ধ্বংসপ্ৰাপ্ত হোৱাৰ খবৰ আহিছে। ৰাছিয়াই প্ৰেৰণ কৰা লুনা ২৫ যান খন চন্দ্ৰপৃষ্ঠত ধ্বংসপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।জানিব পৰা মতে  ৰাছিয়াৰ চন্দ্ৰ  লুনা ২৫ যান খনৰ প্ৰপালচন কৌশল বিচ্যুতিৰ বাবে চন্দ্ৰপৃষ্ঠৰ সৈতে সংঘৰ্ষত পতিত হয়। 

ফলত যান খন ধ্বংসপ্ৰাপ্ত হোৱাটো প্ৰায়  নিশ্চিত হৈছে।  ৰাছিয়াৰ মহাকাশ গৱেষণা  সংস্থাই দেওবাৰে ঘোষণা কৰিছে  যে লুনা ২৫ মিছন বিষয়ৰ প্ৰাথমিক বিশ্লেষণে সূচাইছে  যে প্ৰপালচন কৌশলৰ বিসংগতিৰ বাবে   মহাকাশযানখন এক অনাকাংক্ষিত পথত সোমাই পৰে। 

ফলত চন্দ্ৰপৃষ্ঠৰ সৈতে ইয়াৰ সংঘৰ্ষ হয় আৰু যান খনৰ  ক্ষতি হয়। মস্কোৰ স্থানীয় সময় অনুসৰি  প্ৰায় ১৪:৫৭ বজাত লুনা-২৫ৰ সৈতে যোগাযোগ ব্যাহত হৈছিল।  ৰছকছমছ ষ্টেট স্পেচ কৰ্পোৰেশ্যনে ইয়াৰ অফিচিয়েল টেলিগ্ৰাম চেনেলত কয় যে যান খনৰ সন্ধান পোৱাটো এতিয়া কঠিন হৈ পৰিছে। মহাকাশ সংস্থাটোৱে লগতে কয় যে প্ৰাথমিক বিশ্লেষণৰ ফলাফল অনুসৰি চন্দ্ৰপৃষ্ঠৰ সৈতে হোৱা  সংঘৰ্ষৰ ফলত যান খন ধ্বংসপ্ৰাপ্ত হৈ  অস্তিত্বহীন হৈ পৰিছে।

 উল্লেখ্য কিছুদিন পূৰ্বে ৰাছিয়াৰ যান খনে চন্দ্ৰপৃষ্ঠৰ ছবি প্ৰেৰণ কৰিছিল। ১০ আগষ্টত ৰাছিয়াই যান খন চন্দ্ৰ অভিমুখে প্ৰেৰণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু