--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰ অভিযানৰ বাবে ভাৰত আৰু ৰাছিয়াই চন্দ্ৰলৈ প্ৰেৰণ কৰা মহাকাশযান দুখনৰ মাজৰে এখন অৱশেষত ধ্বংসপ্ৰাপ্ত হোৱাৰ খবৰ আহিছে। ৰাছিয়াই প্ৰেৰণ কৰা লুনা ২৫ যান খন চন্দ্ৰপৃষ্ঠত ধ্বংসপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।জানিব পৰা মতে  ৰাছিয়াৰ চন্দ্ৰ  লুনা ২৫ যান খনৰ প্ৰপালচন কৌশল বিচ্যুতিৰ বাবে চন্দ্ৰপৃষ্ঠৰ সৈতে সংঘৰ্ষত পতিত হয়। 

ফলত যান খন ধ্বংসপ্ৰাপ্ত হোৱাটো প্ৰায়  নিশ্চিত হৈছে।  ৰাছিয়াৰ মহাকাশ গৱেষণা  সংস্থাই দেওবাৰে ঘোষণা কৰিছে  যে লুনা ২৫ মিছন বিষয়ৰ প্ৰাথমিক বিশ্লেষণে সূচাইছে  যে প্ৰপালচন কৌশলৰ বিসংগতিৰ বাবে   মহাকাশযানখন এক অনাকাংক্ষিত পথত সোমাই পৰে। 

ফলত চন্দ্ৰপৃষ্ঠৰ সৈতে ইয়াৰ সংঘৰ্ষ হয় আৰু যান খনৰ  ক্ষতি হয়। মস্কোৰ স্থানীয় সময় অনুসৰি  প্ৰায় ১৪:৫৭ বজাত লুনা-২৫ৰ সৈতে যোগাযোগ ব্যাহত হৈছিল।  ৰছকছমছ ষ্টেট স্পেচ কৰ্পোৰেশ্যনে ইয়াৰ অফিচিয়েল টেলিগ্ৰাম চেনেলত কয় যে যান খনৰ সন্ধান পোৱাটো এতিয়া কঠিন হৈ পৰিছে। মহাকাশ সংস্থাটোৱে লগতে কয় যে প্ৰাথমিক বিশ্লেষণৰ ফলাফল অনুসৰি চন্দ্ৰপৃষ্ঠৰ সৈতে হোৱা  সংঘৰ্ষৰ ফলত যান খন ধ্বংসপ্ৰাপ্ত হৈ  অস্তিত্বহীন হৈ পৰিছে।

 উল্লেখ্য কিছুদিন পূৰ্বে ৰাছিয়াৰ যান খনে চন্দ্ৰপৃষ্ঠৰ ছবি প্ৰেৰণ কৰিছিল। ১০ আগষ্টত ৰাছিয়াই যান খন চন্দ্ৰ অভিমুখে প্ৰেৰণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক