--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ কেইদিনমান আগতে এটা ডাঙৰ ৰঙালাওৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এইবাৰ সংবাদ শিৰোনাম দখল কৰিছে এটা আলু ই। পথাৰৰ পৰা শস্য চপাবলৈ গৈ হতচকিত কৃষকদম্পতি। বিশাল আয়তনৰ এটা আলুক লৈ যথেষ্ট কৌতুহলৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। প্ৰায় ৮ কিঃগ্ৰাঃ ওজনৰ এই আলুটোৱে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। এইটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ আলু বুলিও দাবী নিউজিলেণ্ডৰ কৃষক দম্পতীৰ। জানিবলৈ পোৱা মতে, নিউজিলেণ্ডৰ হেমিল্টনৰ খেতিয়ক দম্পতী কলিন আৰু ডোনা ক্ৰেগ-ব্ৰাউনে খেতিপথাৰত কাম কৰি আছিল।

মাটি খনন কৰি থাকোতে হঠাতে কলিনৰ কোৰত এটা বস্তু লাগি ধৰে। বস্তুটো নো কি? মাটি খনন কৰি বস্তুটো উঠোৱাৰ পাছত কৃষক দম্পতিয়ে বৃহদাকাৰৰ আলুটো দেখিবলৈ পায়! ডোনাই কয়, ‘আমি বিশ্বাস কৰিব পৰা নাছিলো যে এইটো এটা আলু! দেখিবলৈ একা বেঁকা, ক'লা, বৃহদাকাৰ। ফাৰ্ম গেৰেজলৈ নি ওজন কৰাত আলুটিৰ ওজন প্ৰায় ৭.৯ কিলোগ্ৰাম আছিল। কলিন আৰু ডোনা ক্ৰেগ-ব্ৰাউন দম্পতীয়ে দাবী কৰে যে, তেওঁলোকৰ পথাৰৰ পৰা লাভ কৰা এই আলুটো পৃথিৱীৰ আটাইতকৈ বৃহদাকাৰ আলু হিচাপে স্বীকৃতি দিব পাৰি। কিয়নো গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ মতে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ আলুটোৰ ওজন এতিয়ালৈকে ৫ কিঃগ্ৰাঃতকৈ কম। অৱশ্যে, নিউজিলেণ্ডৰ দম্পতীহালে গিনিছ কৰ্তৃপক্ষক তেওঁলোকৰ পথাৰৰ পৰা লাভকৰা ডাঙৰ আলুৰ সৰ্বাধিক ওজন চিনাক্ত কৰিবলৈ আনুষ্ঠানিক আবেদন জনাইছে। গিনিছ কৰ্তৃপক্ষই এতিয়ালৈকে এই সন্দৰ্ভত তেওঁলোকৰ সিদ্ধান্তৰ কোনো প্ৰতিবেদন দিয়া নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক