--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছিল ২১বছৰীয়া এগৰাকী যুৱতী। নানা বিচাৰ-খোঁচাৰ কৰিও সন্ধান লাভ কৰাটো সম্ভৱ হোৱা নাছিল যুৱতীগৰাকীৰ। যুৱতীগৰাকীয়ে প্ৰেমিকৰ সৈতে পলায়ন কৰাৰ সন্দেহ কৰিছিল পৰিয়ালৰ লোকে। কিন্তু অৱশেষত অতি ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ হ’ল যুৱতীগৰাকীৰ মৃতদেহ। উত্তৰ প্ৰদেশৰ বুদাউন জিলাৰ এখন মধুৰিয়ামৰ বাগানৰ ভিতৰত ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ।

আচৰিত কথাটো হ’ল তেওঁৰ হেণ্ডবেগত ৮৫হাজাৰ টকাও উদ্ধাৰ কৰে আৰক্ষীয়ে। ৮৫হাজাৰ টকা, আধাৰ কাৰ্ড আৰু কিছু পৰিমাণৰ গহনা উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহৰ কাষতে পৰি থকা হেণ্ডবেগত। ইয়াৰ ফলত হত্যাকাণ্ডক লৈ সৃষ্টি হৈছে গভীৰ ৰহস্যৰ। আৰক্ষীয়ে সন্দেহ কৰিছে যে, যুৱতীগৰাকী হয়তো অন’ৰ কিলিঙৰ বলি হ’ব পাৰে বা তেওঁ যাৰ সৈতে পলায়ন কৰিছিল সেইজন লোকেই হত্যা কৰি পেলাই থৈ যাব পাৰে। যুৱতীগৰাকীক ডিঙি চেপি হত্যা কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

যুৱতীগৰাকীৰ পিতৃয়ে সদৰি কৰা মতে, যুৱতীগৰাকী বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছিল। বৃহস্পতিবাৰে দেৱালীৰ প্ৰাৰ্থনাৰ পাছৰে পৰা তেওঁক বিচাৰি পোৱা নাছিল পৰিয়ালৰ লোকে। কিন্তু তেওঁ নোহোৱা হোৱাৰ খবৰ ওচৰ-চুবুৰীয়াৰ মাজত বিয়পি যাব বুলি ভাবি আৰক্ষীক পৰিয়ালৰ লোকে এই বিষয়ে অৱগত কৰা নাছিল। তেওঁলোকে নিজেই বিচাৰ-খোচাৰ কৰি থকা বুলি বুদাউনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰিছে। যুৱতীগৰাকীৰ পিতৃয়ে স্থানীয় লোকৰ হাততে তেওঁৰ কন্যাৰ মৃত্যু হোৱা বুলি আশংকা কৰিছে। ইতিমধ্যে আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে আৰু যুৱতীগৰাকীৰ মৃতদেহৰ পোষ্টমৰ্টেম কৰাৰ ব্যৱস্থা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক