--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছিল ২১বছৰীয়া এগৰাকী যুৱতী। নানা বিচাৰ-খোঁচাৰ কৰিও সন্ধান লাভ কৰাটো সম্ভৱ হোৱা নাছিল যুৱতীগৰাকীৰ। যুৱতীগৰাকীয়ে প্ৰেমিকৰ সৈতে পলায়ন কৰাৰ সন্দেহ কৰিছিল পৰিয়ালৰ লোকে। কিন্তু অৱশেষত অতি ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ হ’ল যুৱতীগৰাকীৰ মৃতদেহ। উত্তৰ প্ৰদেশৰ বুদাউন জিলাৰ এখন মধুৰিয়ামৰ বাগানৰ ভিতৰত ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ।

আচৰিত কথাটো হ’ল তেওঁৰ হেণ্ডবেগত ৮৫হাজাৰ টকাও উদ্ধাৰ কৰে আৰক্ষীয়ে। ৮৫হাজাৰ টকা, আধাৰ কাৰ্ড আৰু কিছু পৰিমাণৰ গহনা উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহৰ কাষতে পৰি থকা হেণ্ডবেগত। ইয়াৰ ফলত হত্যাকাণ্ডক লৈ সৃষ্টি হৈছে গভীৰ ৰহস্যৰ। আৰক্ষীয়ে সন্দেহ কৰিছে যে, যুৱতীগৰাকী হয়তো অন’ৰ কিলিঙৰ বলি হ’ব পাৰে বা তেওঁ যাৰ সৈতে পলায়ন কৰিছিল সেইজন লোকেই হত্যা কৰি পেলাই থৈ যাব পাৰে। যুৱতীগৰাকীক ডিঙি চেপি হত্যা কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

যুৱতীগৰাকীৰ পিতৃয়ে সদৰি কৰা মতে, যুৱতীগৰাকী বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছিল। বৃহস্পতিবাৰে দেৱালীৰ প্ৰাৰ্থনাৰ পাছৰে পৰা তেওঁক বিচাৰি পোৱা নাছিল পৰিয়ালৰ লোকে। কিন্তু তেওঁ নোহোৱা হোৱাৰ খবৰ ওচৰ-চুবুৰীয়াৰ মাজত বিয়পি যাব বুলি ভাবি আৰক্ষীক পৰিয়ালৰ লোকে এই বিষয়ে অৱগত কৰা নাছিল। তেওঁলোকে নিজেই বিচাৰ-খোচাৰ কৰি থকা বুলি বুদাউনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰিছে। যুৱতীগৰাকীৰ পিতৃয়ে স্থানীয় লোকৰ হাততে তেওঁৰ কন্যাৰ মৃত্যু হোৱা বুলি আশংকা কৰিছে। ইতিমধ্যে আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে আৰু যুৱতীগৰাকীৰ মৃতদেহৰ পোষ্টমৰ্টেম কৰাৰ ব্যৱস্থা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন