--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চোৰে সকলো চুৰি কৰি নিলে যদিও এটা ৰাষ্ট্ৰীয় বঁটা ঘূৰাই দিলে। ৰাষ্ট্ৰীয় বঁটা বিজয়ী তামিল চলচ্চিত্ৰ পৰিচালক মণিকন্দনৰ মাদুৰাইৰ বাসগৃহ ভাঙি চোৰে নগদ ধন, গহনা আৰু পদক চুৰি কৰি পলায়ন কৰে। অৱশ্যে শেহতীয়াকৈ তেওঁলোকে পৰিচালকজনৰ সকলো পদক আৰু বঁটা ঘূৰাই দি তেওঁৰ ওচৰত ক্ষমা বিচাৰিলে।

উচিলামপট্টিৰ পৰিচালকৰ ঘৰৰ প্ৰৱেশদ্বাৰত প্লাষ্টিকৰ বেগত এখন হাতে লিখা চিঠিসহ পদক কেইটা এৰি থৈ যায় চোৰে। সেই পদকসমূহৰ ভিতৰত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটাও আছিল। চিঠিখনত লিখা আছিল, "ছাৰ, আমাক ক্ষমা কৰক, আপোনাৰ কষ্টৰ ফল আপোনাৰ লগতে থাকিব। " অৱশ্যে যোৱা ৮ ফেব্ৰুৱাৰীত মণিকন্দনৰ ঘৰৰ পৰা চুৰি হোৱা মুঠ ১ লাখ টকাৰ নগদ ধন আৰু সোণ ঘূৰাই নিদিলে চোৰে।

আৰক্ষীৰ মতে, অচিনাক্ত ব্যক্তিয়ে মণিকন্দনৰ দুৱাৰ ভাঙি তেওঁৰ ঘৰত প্ৰৱেশ কৰে। চুৰিৰ সময়ত মণিকন্দন আৰু তেওঁৰ পৰিয়াল সকলো চেন্নাইত আছিল। উচিলামপট্টি আৰক্ষী থানাত এই ঘটনাত গোচৰ ৰুজু কৰা হৈছে, ইতিমধ্যে আৰক্ষীয়ে চোৰৰ সন্ধান আৰম্ভ কৰিছে।

মণিকন্দনৰ প্ৰথম ছবি ‘কাকা মুত্তাই’ প্ৰযোজনা কৰিছিল ভেট্ৰিমৰণে। ছবিখন মূলতঃ বস্তিত বাস কৰা দুটা ল’ৰা-ছোৱালীৰ ওপৰত আধাৰিত, যাৰ জীৱনৰ একমাত্ৰ ইচ্ছা হৈছে পিজ্জাৰ সোৱাদ লোৱা। ২০১৪ চনৰ টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনৰ প্ৰিমিয়াৰ হৈছিল। পিছলৈ তেওঁ ‘কুত্ৰম কাৰ্ডনৈ’ আৰু ‘আনন্দবন কট্টলাই’ আদি চিনেমা পৰিচালনা কৰে।

‘কদৈচি বিভাছয়ী’ৰ বাবে তেওঁ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। বৰ্তমান মণিকন্দনে ডিজনী প্লাছ হটষ্টাৰৰ বাবে বিজয় সেঠুপতি অভিনীত এখন ৱেব ছিৰিজ পৰিচালনা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু