--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চোৰে সকলো চুৰি কৰি নিলে যদিও এটা ৰাষ্ট্ৰীয় বঁটা ঘূৰাই দিলে। ৰাষ্ট্ৰীয় বঁটা বিজয়ী তামিল চলচ্চিত্ৰ পৰিচালক মণিকন্দনৰ মাদুৰাইৰ বাসগৃহ ভাঙি চোৰে নগদ ধন, গহনা আৰু পদক চুৰি কৰি পলায়ন কৰে। অৱশ্যে শেহতীয়াকৈ তেওঁলোকে পৰিচালকজনৰ সকলো পদক আৰু বঁটা ঘূৰাই দি তেওঁৰ ওচৰত ক্ষমা বিচাৰিলে।

উচিলামপট্টিৰ পৰিচালকৰ ঘৰৰ প্ৰৱেশদ্বাৰত প্লাষ্টিকৰ বেগত এখন হাতে লিখা চিঠিসহ পদক কেইটা এৰি থৈ যায় চোৰে। সেই পদকসমূহৰ ভিতৰত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটাও আছিল। চিঠিখনত লিখা আছিল, "ছাৰ, আমাক ক্ষমা কৰক, আপোনাৰ কষ্টৰ ফল আপোনাৰ লগতে থাকিব। " অৱশ্যে যোৱা ৮ ফেব্ৰুৱাৰীত মণিকন্দনৰ ঘৰৰ পৰা চুৰি হোৱা মুঠ ১ লাখ টকাৰ নগদ ধন আৰু সোণ ঘূৰাই নিদিলে চোৰে।

আৰক্ষীৰ মতে, অচিনাক্ত ব্যক্তিয়ে মণিকন্দনৰ দুৱাৰ ভাঙি তেওঁৰ ঘৰত প্ৰৱেশ কৰে। চুৰিৰ সময়ত মণিকন্দন আৰু তেওঁৰ পৰিয়াল সকলো চেন্নাইত আছিল। উচিলামপট্টি আৰক্ষী থানাত এই ঘটনাত গোচৰ ৰুজু কৰা হৈছে, ইতিমধ্যে আৰক্ষীয়ে চোৰৰ সন্ধান আৰম্ভ কৰিছে।

মণিকন্দনৰ প্ৰথম ছবি ‘কাকা মুত্তাই’ প্ৰযোজনা কৰিছিল ভেট্ৰিমৰণে। ছবিখন মূলতঃ বস্তিত বাস কৰা দুটা ল’ৰা-ছোৱালীৰ ওপৰত আধাৰিত, যাৰ জীৱনৰ একমাত্ৰ ইচ্ছা হৈছে পিজ্জাৰ সোৱাদ লোৱা। ২০১৪ চনৰ টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনৰ প্ৰিমিয়াৰ হৈছিল। পিছলৈ তেওঁ ‘কুত্ৰম কাৰ্ডনৈ’ আৰু ‘আনন্দবন কট্টলাই’ আদি চিনেমা পৰিচালনা কৰে।

‘কদৈচি বিভাছয়ী’ৰ বাবে তেওঁ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। বৰ্তমান মণিকন্দনে ডিজনী প্লাছ হটষ্টাৰৰ বাবে বিজয় সেঠুপতি অভিনীত এখন ৱেব ছিৰিজ পৰিচালনা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ