--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰীনা কাপুৰ আৰু ছলমান খান অভিনীত ‘বজৰংগী ভাইজান’ ছবিখন ২০১৫ চনত মুক্তি লাভ কৰিছিল। ব্যৱসায়িক সফলতাৰ ক্ষেত্ৰত হিন্দী চিনেমাৰ ইতিহাসত এক নজিৰ গঢ়ি তুলিছিল ছবিখনে। প্ৰায় ৩০০ কোটি টকাৰ ব্যৱসায় কৰে। ইয়াৰ পূৰ্বে কৰীনাই ছলমানৰ ‘ডাবাং ২’ত এটা আইটেম নৃত্য কৰিছিল। কেৱল সেয়াই নহয়, বক্স অফিচতো হিট হৈছে ছলমান-কৰিনাৰ ছবি ‘বডিগাৰ্ড’। বলীউড বেবোৱে ২০১২ চনত ছাইফ আলী খানৰ সৈতে হঠাতে বিবাহপাশত আবদ্ধ হয় যেতিয়া ছাইফ আলী খানৰ কেৰিয়াৰৰ মাজভাগত আছিল। কৰীনাই ছাইফক বিয়া কৰাত খং উঠিছিল নেকি ছলমানৰ?

ছাইফৰ সৈতে বিয়া হোৱাৰ পিছত ছলমানে অভিনেত্ৰীগৰাকীক কয়, ‘আপুনি ভুল খানক বিয়া কৰাইছে।’ কৰীনাৰ ব্যক্তিগত জীৱনতো ছলমানৰ সৈতে এক আন্তৰিক সম্পৰ্ক আছে। কেৱল ছলমানেই নহয়, আমিৰ খান আৰু শ্বাহৰুখ খানৰ সৈতে কেইবাখনো হিট ছবি দিছে কৰীনাই। বিবাহৰ বছৰত কৰীনাই ছাইফৰ সৈতে ‘এজেণ্ট বিনোদ’ ছবিত টিম আপ কৰিছিল। বাকী তিনিজন খানৰ সৈতে তেওঁৰ ছবিখন হিট হৈছিল যদিও ছাইফৰ সৈতে তেওঁৰ ছবিখন সম্পূৰ্ণ ফ্লপ হৈছিল।

ছৈফৰ বিবাহৰ পিছৰ বছৰ ২০১৩ চনত ছলমানৰ ৰিয়েলিটি শ্ব’ ‘বিগ বছ ৬’ত ‘দবাং ২’ ছবিৰ ‘ফেভিকেল ছে’ গীতটোৰ প্ৰচাৰৰ সময়ত কৰীনাই ছলমানৰ প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছিল। ছলমানে অভিনেত্ৰীগৰাকীক সুধিছে যে এই মঞ্চৰ পৰাই ছাইফক কিবা ক’ব বিচাৰে নেকি! কৰীনাই হাঁহি এটা মাৰি কয়, "হাই ছাইফ।"কৰীনাৰ চুটি উত্তৰত হতাশ হৈ ছলমানে কয়, "আপুনি ভুল খানক বিয়া কৰালে। " ধেমালি কৰাটো ছলমানৰ স্বভাৱ। কৰীনাক ধেমালিতে এই কথা ক’লে অভিনেতাজনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ