--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰীনা কাপুৰ আৰু ছলমান খান অভিনীত ‘বজৰংগী ভাইজান’ ছবিখন ২০১৫ চনত মুক্তি লাভ কৰিছিল। ব্যৱসায়িক সফলতাৰ ক্ষেত্ৰত হিন্দী চিনেমাৰ ইতিহাসত এক নজিৰ গঢ়ি তুলিছিল ছবিখনে। প্ৰায় ৩০০ কোটি টকাৰ ব্যৱসায় কৰে। ইয়াৰ পূৰ্বে কৰীনাই ছলমানৰ ‘ডাবাং ২’ত এটা আইটেম নৃত্য কৰিছিল। কেৱল সেয়াই নহয়, বক্স অফিচতো হিট হৈছে ছলমান-কৰিনাৰ ছবি ‘বডিগাৰ্ড’। বলীউড বেবোৱে ২০১২ চনত ছাইফ আলী খানৰ সৈতে হঠাতে বিবাহপাশত আবদ্ধ হয় যেতিয়া ছাইফ আলী খানৰ কেৰিয়াৰৰ মাজভাগত আছিল। কৰীনাই ছাইফক বিয়া কৰাত খং উঠিছিল নেকি ছলমানৰ?

ছাইফৰ সৈতে বিয়া হোৱাৰ পিছত ছলমানে অভিনেত্ৰীগৰাকীক কয়, ‘আপুনি ভুল খানক বিয়া কৰাইছে।’ কৰীনাৰ ব্যক্তিগত জীৱনতো ছলমানৰ সৈতে এক আন্তৰিক সম্পৰ্ক আছে। কেৱল ছলমানেই নহয়, আমিৰ খান আৰু শ্বাহৰুখ খানৰ সৈতে কেইবাখনো হিট ছবি দিছে কৰীনাই। বিবাহৰ বছৰত কৰীনাই ছাইফৰ সৈতে ‘এজেণ্ট বিনোদ’ ছবিত টিম আপ কৰিছিল। বাকী তিনিজন খানৰ সৈতে তেওঁৰ ছবিখন হিট হৈছিল যদিও ছাইফৰ সৈতে তেওঁৰ ছবিখন সম্পূৰ্ণ ফ্লপ হৈছিল।

ছৈফৰ বিবাহৰ পিছৰ বছৰ ২০১৩ চনত ছলমানৰ ৰিয়েলিটি শ্ব’ ‘বিগ বছ ৬’ত ‘দবাং ২’ ছবিৰ ‘ফেভিকেল ছে’ গীতটোৰ প্ৰচাৰৰ সময়ত কৰীনাই ছলমানৰ প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছিল। ছলমানে অভিনেত্ৰীগৰাকীক সুধিছে যে এই মঞ্চৰ পৰাই ছাইফক কিবা ক’ব বিচাৰে নেকি! কৰীনাই হাঁহি এটা মাৰি কয়, "হাই ছাইফ।"কৰীনাৰ চুটি উত্তৰত হতাশ হৈ ছলমানে কয়, "আপুনি ভুল খানক বিয়া কৰালে। " ধেমালি কৰাটো ছলমানৰ স্বভাৱ। কৰীনাক ধেমালিতে এই কথা ক’লে অভিনেতাজনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু