--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসৰ দিনাই ভাৰতৰ জাতীয় পতাকাক অৱমাননা কৰাৰ গোচৰত চাৰি জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে জাতীয় পতাকা পাৰি লৈ  পুৱাৰ আহাৰ পৰিৱেশন কৰাৰ অভিযোগত লোক কেইজনক গ্ৰেপ্তাৰ কৰে।গ্ৰেপ্তাৰ হোৱা  লোককেইজনৰ নাম হৈছে কুলদীপ কেচৰৱানী, তৈয়ব আনছাৰী, নানহে কুৰেছি আৰু সঞ্জয়। 


এই চাৰিজন লোকৰ  বিৰুদ্ধে প্ৰয়াগৰাজৰ হোলাগড় আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছিল। ইয়াৰ পিছতে  আৰক্ষীয়ে লোক কেইজনৰ বিৰুদ্ধে  ব্যৱস্থা গ্ৰহণ কৰে। এই ঘটনাটো স্বাধীনতা দিৱসৰ দিনা সংঘটিত হৈছিল। যেতিয়া সমগ্ৰ দেশে ভাৰতৰ ত্ৰিৰংগাক অভিবাদন জনাই আছিল,সেই সময়তে ছ'চিয়েল মিডিয়াত এখন ছবি প্ৰকাশ পাইছিল, য’ত কেইবাজনো লোকে টেবুলত জাতীয় পতাকা পাৰি খাদ্য গ্ৰহণ কৰা দেখা গৈছিল। 

ভাইৰেল ছবিখনত স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰাৰ পিছত একাংশ লোকে  ত্ৰিৰংগা পাৰি লৈ  পুৱাৰ আহাৰ খোৱা দেখা গৈছিল। ছবিখন ভাইৰেল হোৱাৰ পিছত, সচেতন লোকে  আৰক্ষী থানাত চাৰিজন লোকৰ নাম উল্লেখ কৰি  অভিযোগ দাখিল কৰিছিল। 

 ১৫ আগষ্টত হোলাগড় আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত দহিয়াৱান বজাৰত অৱস্থিত মাদ্ৰাছা গৌচিয়া ইছলামিয়া জিনতুল উলুমত স্বাধীনতা দিৱসৰ আয়োজন কৰা হৈছিল। এই সময়ছোৱাতে টেবুলত ত্ৰিৰংগা ৰাখি খাদ্য পৰিৱেশন কৰা হৈছিল। আৰক্ষীয়ে মাদ্ৰাছাৰ পৰিচালনা সমিতি   আৰু অন্যান্য অভিযুক্তৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস