--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসৰ দিনাই ভাৰতৰ জাতীয় পতাকাক অৱমাননা কৰাৰ গোচৰত চাৰি জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে জাতীয় পতাকা পাৰি লৈ  পুৱাৰ আহাৰ পৰিৱেশন কৰাৰ অভিযোগত লোক কেইজনক গ্ৰেপ্তাৰ কৰে।গ্ৰেপ্তাৰ হোৱা  লোককেইজনৰ নাম হৈছে কুলদীপ কেচৰৱানী, তৈয়ব আনছাৰী, নানহে কুৰেছি আৰু সঞ্জয়। 


এই চাৰিজন লোকৰ  বিৰুদ্ধে প্ৰয়াগৰাজৰ হোলাগড় আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছিল। ইয়াৰ পিছতে  আৰক্ষীয়ে লোক কেইজনৰ বিৰুদ্ধে  ব্যৱস্থা গ্ৰহণ কৰে। এই ঘটনাটো স্বাধীনতা দিৱসৰ দিনা সংঘটিত হৈছিল। যেতিয়া সমগ্ৰ দেশে ভাৰতৰ ত্ৰিৰংগাক অভিবাদন জনাই আছিল,সেই সময়তে ছ'চিয়েল মিডিয়াত এখন ছবি প্ৰকাশ পাইছিল, য’ত কেইবাজনো লোকে টেবুলত জাতীয় পতাকা পাৰি খাদ্য গ্ৰহণ কৰা দেখা গৈছিল। 

ভাইৰেল ছবিখনত স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰাৰ পিছত একাংশ লোকে  ত্ৰিৰংগা পাৰি লৈ  পুৱাৰ আহাৰ খোৱা দেখা গৈছিল। ছবিখন ভাইৰেল হোৱাৰ পিছত, সচেতন লোকে  আৰক্ষী থানাত চাৰিজন লোকৰ নাম উল্লেখ কৰি  অভিযোগ দাখিল কৰিছিল। 

 ১৫ আগষ্টত হোলাগড় আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত দহিয়াৱান বজাৰত অৱস্থিত মাদ্ৰাছা গৌচিয়া ইছলামিয়া জিনতুল উলুমত স্বাধীনতা দিৱসৰ আয়োজন কৰা হৈছিল। এই সময়ছোৱাতে টেবুলত ত্ৰিৰংগা ৰাখি খাদ্য পৰিৱেশন কৰা হৈছিল। আৰক্ষীয়ে মাদ্ৰাছাৰ পৰিচালনা সমিতি   আৰু অন্যান্য অভিযুক্তৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ