--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তৃণমূল কংগ্ৰেছ, ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টি আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা সোমবাৰে প্ৰত্যাহাৰ কৰে নিৰ্বাচন আয়োগে।এক বিবৃতিত প’ল পেনেলে ঘোষণা কৰে যে তেওঁলোকে “যথাযথ প্ৰক্ৰিয়া অনুসৰণ কৰি আৰু দুটা সংসদীয় নিৰ্বাচন আৰু ২১টা ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ পৰ্যাপ্ত সুযোগ প্ৰদান” কৰাৰ পিছত তিনিটা স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় দল- এআইটিচি, চিপিআই আৰু এনচিপি-ৰ মৰ্যাদা প্ৰত্যাহাৰ কৰিছে।

ইপিনে আম আদমী পাৰ্টিয়ে ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি লাভ কৰে কাৰণ চাৰিখন ৰাজ্যত ৰাজ্যিক দল হিচাপে স্বীকৃতি লাভ কৰিছিল৷দিল্লী, গোৱা, পঞ্জাৱ আৰু শেহতীয়াকৈ গুজৰাটৰ নিৰ্বাচনৰ ওপৰত ভিত্তি কৰি আপক এই স্বীকৃতি প্ৰদান কৰা হৈছে৷

তদুপৰি নিৰ্বাচন আয়োগে কয় যে, ‘পৰৱৰ্তী নিৰ্বাচনী চক্ৰত প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি দলসমূহে পুনৰ মৰ্যাদা লাভ কৰিব পাৰে।’

বিজেপি, কংগ্ৰেছ, চিপিআই(এম), বহুজন সমাজ পাৰ্টি (বিএছপি), নেচনেল পিপলছ পাৰ্টি (এনপিপি) আৰু আপ এতিয়া ৰাষ্ট্ৰীয় দল। উল্লেখযোগ্য যে,উত্তৰ প্ৰদেশত আৰ এল ডি, অন্ধ্ৰ প্ৰদেশত বি আৰ এছ, মণিপুৰত পি ডি এ, পুডুচেৰীত পি এম কে, পশ্চিম বংগত আৰ এছ পি আৰু মিজোৰামত এম পি চিক প্ৰদান কৰা ৰাজ্যিক দলৰ মৰ্যাদা বাতিল কৰা হয়।এতিয়া এইসমূহ দল পঞ্জীয়নভুক্ত অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দল (হিচাপে থাকিব।

নাগালেণ্ডৰ লোক জনশক্তি পাৰ্টি (ৰাম বিলাস), মেঘালয়ৰ ভইচ অৱ দ্য পিপল পাৰ্টি আৰু ত্ৰিপুৰাত টিপ্ৰা মোথাই "স্বীকৃতিপ্ৰাপ্ত ৰাজ্যিক ৰাজনৈতিক দল"ৰ মৰ্যাদা প্ৰদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু