--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তৃণমূল কংগ্ৰেছ, ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টি আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা সোমবাৰে প্ৰত্যাহাৰ কৰে নিৰ্বাচন আয়োগে।এক বিবৃতিত প’ল পেনেলে ঘোষণা কৰে যে তেওঁলোকে “যথাযথ প্ৰক্ৰিয়া অনুসৰণ কৰি আৰু দুটা সংসদীয় নিৰ্বাচন আৰু ২১টা ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ পৰ্যাপ্ত সুযোগ প্ৰদান” কৰাৰ পিছত তিনিটা স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় দল- এআইটিচি, চিপিআই আৰু এনচিপি-ৰ মৰ্যাদা প্ৰত্যাহাৰ কৰিছে।

ইপিনে আম আদমী পাৰ্টিয়ে ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি লাভ কৰে কাৰণ চাৰিখন ৰাজ্যত ৰাজ্যিক দল হিচাপে স্বীকৃতি লাভ কৰিছিল৷দিল্লী, গোৱা, পঞ্জাৱ আৰু শেহতীয়াকৈ গুজৰাটৰ নিৰ্বাচনৰ ওপৰত ভিত্তি কৰি আপক এই স্বীকৃতি প্ৰদান কৰা হৈছে৷

তদুপৰি নিৰ্বাচন আয়োগে কয় যে, ‘পৰৱৰ্তী নিৰ্বাচনী চক্ৰত প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি দলসমূহে পুনৰ মৰ্যাদা লাভ কৰিব পাৰে।’

বিজেপি, কংগ্ৰেছ, চিপিআই(এম), বহুজন সমাজ পাৰ্টি (বিএছপি), নেচনেল পিপলছ পাৰ্টি (এনপিপি) আৰু আপ এতিয়া ৰাষ্ট্ৰীয় দল। উল্লেখযোগ্য যে,উত্তৰ প্ৰদেশত আৰ এল ডি, অন্ধ্ৰ প্ৰদেশত বি আৰ এছ, মণিপুৰত পি ডি এ, পুডুচেৰীত পি এম কে, পশ্চিম বংগত আৰ এছ পি আৰু মিজোৰামত এম পি চিক প্ৰদান কৰা ৰাজ্যিক দলৰ মৰ্যাদা বাতিল কৰা হয়।এতিয়া এইসমূহ দল পঞ্জীয়নভুক্ত অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দল (হিচাপে থাকিব।

নাগালেণ্ডৰ লোক জনশক্তি পাৰ্টি (ৰাম বিলাস), মেঘালয়ৰ ভইচ অৱ দ্য পিপল পাৰ্টি আৰু ত্ৰিপুৰাত টিপ্ৰা মোথাই "স্বীকৃতিপ্ৰাপ্ত ৰাজ্যিক ৰাজনৈতিক দল"ৰ মৰ্যাদা প্ৰদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক