--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভাৰ পৰা অযোগ্য ঘোষণা হোৱাৰ পিছত কাইলৈ মঙলবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিজৰ সমষ্টি ৱায়ানাড ভ্ৰমণ কৰিব,য’ত ৰাহুল গান্ধীয়ে এটা বৃহৎ ৰোডশ্ব’ অনুষ্ঠিত কৰিব।কংগ্ৰেছে তেওঁক এক উষ্ম আদৰণি জনাই শক্তিৰ প্ৰদৰ্শন কৰি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে।

উল্লেখযোগ্য যে,"মোদী" উপাধি গোচৰত দোষী সাব্যস্ত হোৱা গান্ধীৰ আবেদনৰ শুনানি অহা ১৩ এপ্ৰিলত চুৰাট আদালতত হ’ব।

গুজৰাটৰ চেছন আদালতে জামিনৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে বৰ্তমান তেওঁ জামিনত আছে। ১৩ এপ্ৰিলত এই গোচৰত দোষী সাব্যস্ত হোৱাৰ বিৰুদ্ধে তেওঁৰ আবেদনৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব আদালতে।

২৩ মাৰ্চত চুৰাটৰ নিম্ন আদালতে বিজেপিৰ বিধায়ক পূৰ্ণেশ মোডীয়ে দাখিল কৰা গোচৰত তেওঁক সমগ্ৰ মোদী সম্প্ৰদায়ক বদনাম কৰাৰ বাবে দোষী সাব্যস্ত কৰে। পৰৱৰ্তী সময়ত দোষী সাংসদসকলক লোকসভাৰ সদস্যপদ ৰখাত বাধা প্ৰদান কৰা নিয়মৰ অধীনত প্ৰাক্তন কংগ্ৰেছ সভাপতিগৰাকীক লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰা হয়।

এই অপৰাধৰ বাবে গান্ধীক সৰ্বাধিক ২ বছৰৰ কাৰাদণ্ড দিয়া হৈছিল যদিও এই আদেশৰ বিৰুদ্ধে আবেদন দাখিল কৰিবলৈ ৩০ দিনৰ বাবে শাস্তি স্থগিত ৰখা হৈছিল। যদিহে দোষী সাব্যস্ত হোৱা ৰায় বাতিল নহয় তেন্তে আগন্তুক আঠ বছৰৰ বাবে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হ’ব।













FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক