--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভাৰ পৰা অযোগ্য ঘোষণা হোৱাৰ পিছত কাইলৈ মঙলবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিজৰ সমষ্টি ৱায়ানাড ভ্ৰমণ কৰিব,য’ত ৰাহুল গান্ধীয়ে এটা বৃহৎ ৰোডশ্ব’ অনুষ্ঠিত কৰিব।কংগ্ৰেছে তেওঁক এক উষ্ম আদৰণি জনাই শক্তিৰ প্ৰদৰ্শন কৰি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে।

উল্লেখযোগ্য যে,"মোদী" উপাধি গোচৰত দোষী সাব্যস্ত হোৱা গান্ধীৰ আবেদনৰ শুনানি অহা ১৩ এপ্ৰিলত চুৰাট আদালতত হ’ব।

গুজৰাটৰ চেছন আদালতে জামিনৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে বৰ্তমান তেওঁ জামিনত আছে। ১৩ এপ্ৰিলত এই গোচৰত দোষী সাব্যস্ত হোৱাৰ বিৰুদ্ধে তেওঁৰ আবেদনৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব আদালতে।

২৩ মাৰ্চত চুৰাটৰ নিম্ন আদালতে বিজেপিৰ বিধায়ক পূৰ্ণেশ মোডীয়ে দাখিল কৰা গোচৰত তেওঁক সমগ্ৰ মোদী সম্প্ৰদায়ক বদনাম কৰাৰ বাবে দোষী সাব্যস্ত কৰে। পৰৱৰ্তী সময়ত দোষী সাংসদসকলক লোকসভাৰ সদস্যপদ ৰখাত বাধা প্ৰদান কৰা নিয়মৰ অধীনত প্ৰাক্তন কংগ্ৰেছ সভাপতিগৰাকীক লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰা হয়।

এই অপৰাধৰ বাবে গান্ধীক সৰ্বাধিক ২ বছৰৰ কাৰাদণ্ড দিয়া হৈছিল যদিও এই আদেশৰ বিৰুদ্ধে আবেদন দাখিল কৰিবলৈ ৩০ দিনৰ বাবে শাস্তি স্থগিত ৰখা হৈছিল। যদিহে দোষী সাব্যস্ত হোৱা ৰায় বাতিল নহয় তেন্তে আগন্তুক আঠ বছৰৰ বাবে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হ’ব।













FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য