--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সাম্ভাৱ্য উমৈহতীয়া  প্ৰাৰ্থী বাচনিকলৈ এতিয়া বিৰোধীৰ শিবিৰত অবিৰাম চিন্তা-চৰ্চা কৰি আছে৷ এইক্ষেত্ৰত আগভাগ লোৱা মমতা বেনাৰ্জীৰ সৈতে এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰৰ শীতল যুদ্ধ এখন আৰম্ভ হৈ গৈছে৷ মমতাক চেৰাই শাৰদ পাৱাৰে বিৰোধী দলৰ বহু নেতাক ৰাষ্ট্ৰপতি পদৰ উমৈহতীয়া প্ৰাৰ্থীৰ বিষয়ত আলোচনা কৰিবলৈ ই-মেইলৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰিছে৷ ইয়াৰ মাজতে আজি তৃণমূল কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতাই  কয় যে বিগত বৰ্ষত টিএমচিত যোগদান কৰা প্ৰাক্তন বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী  যশৱন্ত সিনহাক    ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী দলৰ উমৈহতীয়া  প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পোষকতা কৰিছে মমতা বেনাৰ্জীয়ে৷ 

ইয়াৰ পূৰ্বে মমতাই এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰ, নেচনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লা আৰু পশ্চিম বংগৰ প্ৰাক্তন ৰাজ্যপাল গোপাল কৃষ্ণ গান্ধীৰ নাম প্ৰস্তাৱ কৰিছিল৷ কিন্তু তেওঁলোকৰ মাজৰে সকলোৱে মমতাৰ  অনুৰোধ  অস্বীকাৰ কৰিছিল। এনে পৰিস্থিতিত মমতাই যশৱন্ত সিনহাক বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাবে প্ৰক্ষেপ কৰাৰ কথা চিন্তা কৰিছে বুলি তৃণমূলৰ সূত্ৰই প্ৰকাশ কৰিছে৷ 

সূত্ৰটোৱে কয় ’যশৱন্ত সিনহা এতিয়া  টিএমচিৰ নেতা। গতিকে বহুতে  প্ৰস্তাৱটো কেৱল  আমাৰ ফালৰ পৰা যোৱা বুলি ভাবিব পাৰে। কিন্তু এতিয়ালৈকে তিনিৰ পৰা চাৰিটা দলে যশৱন্ত সিনহাক বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাবে ঘোষণা কৰাত  সন্মতি হৈছে’।  মঙলবাৰে বিজেপি নেতৃত্বাধীন এন ডি এৰ বিৰুদ্ধে যুটীয়া প্ৰাৰ্থী প্ৰদানৰ ক্ষেত্ৰত সহমত গঢ়ি তুলিবলৈ নতুন দিল্লীত এন চি পিৰ মুৰব্বী শৰদ পাৱাৰে আহ্বান কৰা মুখ্য বিৰোধী দলসমূহৰ এখন বৈঠকত সিনহাৰ নাম আলোচনা কৰা হ'ব বুলিও সূত্ৰটোৱে কয়৷ কাইলৈ টিএমচিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বেনাৰ্জীয়ে নতুন দিল্লীত হ’বলগীয়া বৈঠকত অংশগ্ৰহণ কৰিব৷ মমতা বেনাৰ্জীয়েও যোৱা সপ্তাহত নতুন দিল্লীত ২২ টা অ-বিজেপি দলৰ এনে বৈঠক আহ্বান কৰিছিল। 

১৭ টা বিৰোধী দলৰ নেতা  উক্ত বৈঠকত উপস্থিত  আছিল। বেনাৰ্জীৰ পচন্দ  সিনহাই দুবাৰ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল - এবাৰ ১৯৯০ চনত চন্দ্ৰ শেখৰ মন্ত্ৰীসভাত আৰু তাৰ পিছত পুনৰ বাজপেয়ী মন্ত্ৰীসভাত। তেওঁ বাজপেয়ী মন্ত্ৰীসভাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দপ্তৰৰ দায়িত্ব বহন কৰিছিল। নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰাৰ প্ৰক্ৰিয়া ১৫ জুনত আৰম্ভ হৈছে। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ২৯ জুন।ভোটগ্ৰহণ ১৮ জুলাইত আৰু ২১ জুলাইত গণনা অনুষ্ঠিত হ'ব।ইপিনে কাইলৈ শাৰদ পাৱাৰে আহ্বান জনোৱা বৈঠকত উপস্থিত নাথাকে মমতা বেনাৰ্জী। শাৰদ পাৱাৰে আগৰ বিৰোধীৰ বৈঠক খনক গুৰুত্ব নিদিয়াৰ বাবেই মমতাই পাৱাৰে আহ্বান জনোৱা বৈঠকত উপস্থিত নাথাকে বুলি ধাৰণা কৰা হৈছে৷

আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কৰিবলৈ ১৫ জুনত দিল্লীত বেনাৰ্জীয়ে আহ্বান কৰা এনে ধৰণৰ প্ৰথম খন বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে এজন উমৈহতীয়া প্ৰাৰ্থী, যি "দেশৰ গণতান্ত্ৰিক নীতি বজাই ৰাখিব", তেওঁক বিৰোধী মনোনীত ব্যক্তি হিচাপে বাছনি কৰা হ'ব।

 সভাখনত প্ৰায় ১৭ টা দল উপস্থিত আছিল। কংগ্ৰেছ, সমাজবাদী পাৰ্টি, এনচিপি, ডিএমকে, আৰজেডি আৰু বাওঁপন্থী দলসমূহৰ নেতাসকলে তৃণমূল কংগ্ৰেছৰ সৰ্বোচ্চ নেতাই আহ্বান কৰা দুঘণ্টাধৰি চলি থকা বৈঠকত অংশগ্ৰহণ কৰে, আনহাতে আপ, এছএডি, এআইএমআইএম, তেলেংগানা ৰাষ্ট্ৰ সমিতি আৰু উৰিষ্যাৰ শাসনাধিষ্ঠ বিজেডিয়ে বৈঠকত উপস্থিত নাছিল। শিৱসেনা, চিপিআই, চিপিআই(এম), চিপিআই(এমএল), নেচনেল কনফাৰেন্স, পিডিপি, জেডি(এছ), আৰএছপি, আইইউএমএল, আৰএলডি আৰু জেএমএমৰ নেতাসকল উপস্থিত আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
অসমৰ লোহিত-ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত বিৰল প্ৰজাতিৰ ঘঁৰিয়ালৰ সন্ধান
খৈৰাবাৰীত লাভ জেহাদ! হিন্দু পৰিচয় দি ডিব্ৰুগড়ৰ নাবালিকাক পলুৱাই নিলে ধুবুৰীৰ যুৱকে
উভতি নহা বাটেৰে গুচি গ’ল নানা পাটেকাৰ; শোকস্তব্ধ দেশবাসী
চীনা সামগ্ৰীত ভাৰতৰ নিৰ্ভৰশীলতা বৃদ্ধি; ভাৰতীয় ঔদ্যোগিক আমদানিৰ ৩০ শতাংশ সামগ্ৰী আহে চীনৰ পৰা
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ