--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কংগ্ৰেছ দলৰ সভাপতি ৰাহুল গান্ধী। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নাতিৰ লগতে তেওঁৰ আইতাক আছিল ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী। ৰাহুলৰ পিতৃ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী। মাতৃ ছোনিয়া গান্ধীৰ লগতে তেওঁৰ সৰু ভগ্নী প্ৰিয়ংকা গান্ধীও এগৰাকী সক্ৰিয় ৰাজনীতিবিদ। ২০০৪ চনত ৰাহুলৰ ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল। প্ৰথম লোকসভা নিৰ্বাচনত তেওঁ পিতৃৰ সমষ্টি উত্তৰ প্ৰদেশৰ আমেঠীৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। 

২০০৬ চনৰ ২৪ ছেপ্টেম্বৰত তেওঁ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি লাভ কৰে। ৰাহুলে ডেহৰাডুনতে কটায় তেওঁৰ স্কুলীয়া জীৱন, পৰৱৰ্তী সময়ত দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজ, হাৰ্ভাৰ্ড কলেজ আৰু ফ্ল’ৰিডাৰ ৰ’লিন্স কলেজৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে ৰাহুলে। ৰাহুলে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ট্ৰিনিটী কলেজৰ পৰা ডেভেলপমেণ্ট ষ্টাডীজত এমফিল ডিগ্ৰীও লাভ কৰিছিল। ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে এটা ব্যক্তিগত খণ্ডৰ হৈ কাম কৰিছিল ৰাহুলে। বৰ্তমান তেওঁ আমেঠী লোকসভা সমষ্টিৰ সাংসদ সদস্য ৰাহুল গান্ধী।

ৰাজনৈতিক জীৱনত ভৰি দিয়াৰ পাছৰে পৰা নানা সংঘাট আৰু সংগ্ৰামৰ মাজেদি দিন অতিবাহিত কৰিবলগীয়া হৈছে ৰাহুল গান্ধীয়ে। ৰাজনৈতিক দৃষ্টিভংগীৰ পৰা তেওঁৰ পৰিয়ালৰ আছে বিশেষ খ্যাতি। পিছে পূৰ্বপূৰুষে দি যোৱা আদৰ্শক নৱৰূপ দিবলৈ যাওঁতে কেনেবাকৈ উজুটি খাইছে নেকি ৰাহুল গান্ধী? তাক লৈ হয় তুমুল চৰ্চা। কংগ্ৰেছৰ শেহতীয়া সামগ্ৰিক প্ৰেক্ষাপটৰ বাবে যেন দোষী একমাত্ৰ ৰাহুল গান্ধীয়েই! ৰাহুল গান্ধীৰ বাবেই হেনো অতীত হ’বলৈ ওলাইছে কংগ্ৰেছ! এনে কেতবোৰ প্ৰসংগ এতিয়া ভাৰতবৰ্ষৰ ৰাজনৈতিক জগতৰ তেনেই চিনাকি ছবি হৈ পৰিছে।

বিভিন্ন সময়ত নানা বিতৰ্কৰ সন্মুখীন হ’বলগীয়া হৈছে ৰাহুল গান্ধীয়ে। নানা জনৰ নানা উপহাস সহ্য কৰিয়ো বিৰোধী পক্ষৰ প্ৰতি আপোচবিহীন নীতি গ্ৰহণ কৰি আহিছে ৰাহুল গান্ধীয়ে। সময়ে সময়ে বলিষ্ঠ কন্ঠ হৈ থিয় দিয়া ৰাহুল গান্ধী বিৰোধীৰ বাবে আজিও এটা বিগ ফেক্টৰ!

হাড়ে-হিমজুৱে এগৰাকী কংগ্ৰেছী নেতা ৰাহুল গান্ধীৰ বিয়াৰ প্ৰসংগক লৈয়ো নানা গুজৱ শুনিবলৈ পোৱা যায়। এবাৰ কথা প্ৰসংগত কেতিবয়া বিয়া কৰাব বুলি সোধা প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীয়ে কৈছিল- কংগ্ৰেছ পাৰ্টীৰ সৈতে মোৰ বিয়া হৈ গৈছে। ৰাহুলৰ এই কথাবোৰ বহুতে মনোৰঞ্জৰ আঁহিলা হিচাপে ধৰি ল’লেও কিন্তু ৰাহুলে কোৱা বহু কথাৰ মাজতে থাকি যায় অৰ্থপূৰ্ণ বহু কথা!

স্বাধীনতাৰ ৰঙীন স্বপ্ন বুকুত কঢ়িঅয়াই লৈ ফুৰা দলটোৰ সাময়িক স্থিতিয়ে লজ্জানত কৰিছে সকলোকে। সাধাৰণ জনৰ পৰা পুঁজিপটি গৰাকীলৈ মাত্ৰ একেটাই প্ৰশ্ন- কি হ’ব কংগ্ৰেছৰ? কি হ’ব ৰাহুল গান্ধীৰ ভৱিষ্যত ৰাজনৈতিক কেৰিয়াৰ? লোকৰ উপহাসক আওকাণ কৰি ৰাজীৱ পুত্ৰই একেটা সময়তে চলাই নিব পাৰিবনে জীৱন আৰু ৰাজনীতি? এনেকৈ আৰু কিমান দিন যুঁজিব ৰাহুল গান্ধীয়ে? সেই কথাবোৰ সময়তহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ