--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতিগৰাকীক অপসাৰণ কৰাৰ আবেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে। ভাৰতৰ ৰাষ্ট্ৰপতিক অপসাৰণ কৰি আৱেদনকাৰীক ৰাষ্ট্ৰপতি বনাবলৈ বিচৰা আবেদনখন খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে।

দেশৰ ৰাষ্ট্ৰপতিক অপসাৰণ কৰিবলৈ দাখিল কৰা আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে। ভাৰতৰ ৰাষ্ট্ৰপতিক অপসাৰণ কৰি আৱেদনকাৰীয়ে নিজকে ৰাষ্ট্ৰপতি বনাবলৈ বিচৰা আবেদনখন খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে। কিশোৰ জে সাৱন্তই ৰাষ্ট্ৰপতিক অপসাৰণ কৰিবৰ আবেদন দাখিল কৰিছিল। তেওঁ নিজে ৰাষ্ট্ৰপতি হবৰ বাবে এই আবেদনখন দাখিল কৰিছিল। কিশোৰ জে সাৱন্তই কয় যে ২০০৪ চনৰ পৰা তেওঁক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিবলৈ দিয়া হোৱা নাই।

শুনানিৰ সময়ত ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় আৰু হিমা কোহলীৰ বিচাৰপীঠে কিশোৰ জে সাৱন্তৰ আবেদনখনক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। ন্যায়াধীশ চন্দ্ৰচুড়ে কয় যে ''তেওঁ ৰাষ্ট্ৰপতিৰ ওপৰত ইমান অপমানজনক অভিযোগ কেনেকৈ উত্থাপন কৰিছে? এই আবেদন সম্পূৰ্ণ তুচ্ছ। এয়া আইনৰ প্ৰক্ৰিয়াৰ অপব্যৱহাৰ। আবেদনখনত কৰা পৰ্যবেক্ষণসমূহ পঞ্জীয়নে ৰেকৰ্ডৰ পৰা আঁতৰাই পেলোৱা হ'ব। আমি আবেদন খাৰিজ কৰিছো। পঞ্জীয়কে সুনিশ্চিত কৰক যাতে যাতে ভৱিষ্যতে এনে আবেদন কেতিয়াও দাখিল নহয়।

একে সময়তে আবেদনকাৰীয়ে কয় যে ''ভাৰতৰ সাংবিধানিক গণতন্ত্ৰৰ মূল মূল্যবোধৰ পুনৰ ব্যাখ্যা কৰা হ’ব। মই এজন পৰিৱেশবিদ কিন্তু মোক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়া নহয়। শেহতীয়া উদাহৰণটো হ’ল শ্ৰীলংকা, য’ত সাধাৰণ নাগৰিকে ৰাষ্ট্ৰপতিৰ ঘৰত সোমাইছিল। ৰাছিয়াত কি হৈ আছে? মই গোটেই পৃথিৱীৰ বাবে কাম কৰিম, য’ত কথাবোৰ খেলিমেলি হৈ আছে। ৰাষ্ট্ৰপতিৰ ভূমিকাক পুনৰ সংজ্ঞায়িত কৰাৰ প্ৰয়োজন আছে।''







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক