--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতিগৰাকীক অপসাৰণ কৰাৰ আবেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে। ভাৰতৰ ৰাষ্ট্ৰপতিক অপসাৰণ কৰি আৱেদনকাৰীক ৰাষ্ট্ৰপতি বনাবলৈ বিচৰা আবেদনখন খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে।

দেশৰ ৰাষ্ট্ৰপতিক অপসাৰণ কৰিবলৈ দাখিল কৰা আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে। ভাৰতৰ ৰাষ্ট্ৰপতিক অপসাৰণ কৰি আৱেদনকাৰীয়ে নিজকে ৰাষ্ট্ৰপতি বনাবলৈ বিচৰা আবেদনখন খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে। কিশোৰ জে সাৱন্তই ৰাষ্ট্ৰপতিক অপসাৰণ কৰিবৰ আবেদন দাখিল কৰিছিল। তেওঁ নিজে ৰাষ্ট্ৰপতি হবৰ বাবে এই আবেদনখন দাখিল কৰিছিল। কিশোৰ জে সাৱন্তই কয় যে ২০০৪ চনৰ পৰা তেওঁক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিবলৈ দিয়া হোৱা নাই।

শুনানিৰ সময়ত ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় আৰু হিমা কোহলীৰ বিচাৰপীঠে কিশোৰ জে সাৱন্তৰ আবেদনখনক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। ন্যায়াধীশ চন্দ্ৰচুড়ে কয় যে ''তেওঁ ৰাষ্ট্ৰপতিৰ ওপৰত ইমান অপমানজনক অভিযোগ কেনেকৈ উত্থাপন কৰিছে? এই আবেদন সম্পূৰ্ণ তুচ্ছ। এয়া আইনৰ প্ৰক্ৰিয়াৰ অপব্যৱহাৰ। আবেদনখনত কৰা পৰ্যবেক্ষণসমূহ পঞ্জীয়নে ৰেকৰ্ডৰ পৰা আঁতৰাই পেলোৱা হ'ব। আমি আবেদন খাৰিজ কৰিছো। পঞ্জীয়কে সুনিশ্চিত কৰক যাতে যাতে ভৱিষ্যতে এনে আবেদন কেতিয়াও দাখিল নহয়।

একে সময়তে আবেদনকাৰীয়ে কয় যে ''ভাৰতৰ সাংবিধানিক গণতন্ত্ৰৰ মূল মূল্যবোধৰ পুনৰ ব্যাখ্যা কৰা হ’ব। মই এজন পৰিৱেশবিদ কিন্তু মোক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়া নহয়। শেহতীয়া উদাহৰণটো হ’ল শ্ৰীলংকা, য’ত সাধাৰণ নাগৰিকে ৰাষ্ট্ৰপতিৰ ঘৰত সোমাইছিল। ৰাছিয়াত কি হৈ আছে? মই গোটেই পৃথিৱীৰ বাবে কাম কৰিম, য’ত কথাবোৰ খেলিমেলি হৈ আছে। ৰাষ্ট্ৰপতিৰ ভূমিকাক পুনৰ সংজ্ঞায়িত কৰাৰ প্ৰয়োজন আছে।''







FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু