--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমাৰ দেশৰ চৰকাৰী বিদ্যালয়সমূহে বিভিন্ন কাৰণত প্ৰায়ে একাধিক প্ৰশ্নৰ সন্মুখীন হয়। বিদ্যালয়সমূহে প্ৰায়ে দুৰ্বল শৈক্ষিক প্ৰদৰ্শন আৰু অস্বাস্থ্যকৰ মধ্যাহ্ন ভোজনৰ বাবে শিৰোনাম দখল কৰে। যাৰ ফলত বিভিন্ন অভিভাৱকৰ সাধাৰণতে বিদ্যালয়খনৰ প্ৰতি নেতিবাচক মনোভাৱ থাকে। আনকি বহুতে নিজৰ সন্তানক ব্যক্তিগত বিদ্যালয়ত নামভৰ্তি কৰে। কিন্তু, আজিৰ সাম্প্ৰতিক প্ৰতিবেদনত আমি আপোনালোকৰ আগত এনে এখন বিদ্যালয়ৰ প্ৰসংগ দাঙি ধৰিম যিখন বিদ্যালয়ৰ বিষয়ে জানি সকলোকে আচৰিত কৰি তুলিব।

গুজৰাটত অৱস্থিত বিদ্যালয়খনৰ একাধিক সুবিধা আৰু সেৱাই ব্যক্তিগত বিদ্যালয়সমূহকো প্ৰতিদ্বন্দ্বিতা কৰিব। সেই বিদ্যালয়ত বিজ্ঞানৰ দৰে কঠিন বিষয়বোৰ ছাত্ৰ-ছাত্ৰীয়ে ভালদৰে বুজিবলৈ সহায়ক হোৱাকৈ বিশেষ আৰ্হি প্ৰস্তুত কৰা হয়। আনকি বিদ্যালয়ৰ অধ্যক্ষই নিজেই চাফাই কৰে যাতে সকলোকে সচেতন হয়।

আমি উপস্থাপন কৰা চৰকাৰী বিদ্যালয়খন গুজৰাটৰ ৰাজকোট জিলাৰ এখন সৰু গাঁৱত অৱস্থিত। এই বিদ্যালয়ৰ অধ্যক্ষ গিৰীশ বাভলীয়া। ২০১৮ চনৰ পৰাই তেওঁ সেই বিদ্যালয়খনৰ দায়িত্ব লৈছে। জানিব পৰা মতে গিৰিশে বিজ্ঞানৰ দৰে কঠিন বিষয়বোৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সহজ কৰি তোলাৰ এক অনন্য উপায় বিচাৰি উলিয়াইছে। কেৱল সেয়াই নহয়, জাবৰ-যোঠৰ ব্যৱহাৰ কৰি তেওঁ বিভিন্ন মডেলো বনাইছিল। এই আৰ্হিসমূহৰ জৰিয়তে গিৰিশে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ব্যৱহাৰিক পাঠ প্ৰদান কৰে। যাৰ যোগেদি কঠিন বিষয়বোৰ ছাত্ৰ-ছাত্ৰীসকলে সহজে আয়ত্ত কৰে।

অধ্যক্ষই নিজেই বিদ্যালয়খন চাফা কৰে: এই প্ৰসংগত গিৰিশে প্ৰতিদিনে প্ৰতিটো শ্ৰেণীকোঠালৈ গৈ ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনাত সহায় কৰে। তদুপৰি স্কুলখন পৰিষ্কাৰ কৰি ৰাখিবলৈ তেওঁ নিজেই চাফাই কাম কৰে। ইয়াৰ সৈতে জড়িত এখন ছবি ইতিমধ্যে ছচিয়েল‌ মিডিয়াত ভাইৰেল হৈ পৰিছে। 

জানিব পৰা মতে গিৰিশে এই চৰকাৰী বিদ্যালয়খন চলোৱাত বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে। আনকি, বিদ্যালয়ৰ পুঁজিত ধনৰ অভাৱত তেওঁ বিদ্যালয়খন পৰিষ্কাৰ কৰি ৰাখিবলৈ ছুইপাৰসকলৰ দৈনিক দৰমহাও দিব নোৱাৰে। এনে অৱস্থাত তেওঁ নিজেই বিদ্যালয়ৰ শ্ৰেণীকোঠা, কৰিডৰ, বাথৰুম চাফা কৰে। সৰ্বোপৰি এই কামৰ বাবে তেওঁ নিৰ্ধাৰিত সময়ৰ ২ ঘণ্টা আগতে বিদ্যালয়ত উপস্থিত হয় ।

ইফালে গিৰিশ চৰকাৰী বিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাম কৰাৰ বাবে বিভিন্ন ধৰণৰ ঠাট্টা-মস্কৰাৰ সন্মুখীন হয়। কিন্তু গিৰিশে সেই কথাবোৰলৈ বিশেষ গুৰুত্ব নিদিয়ে। কাৰণ বিদ্যালয়খন সঠিকভাৱে চলোৱাটো তেওঁৰ কৰ্তব্য বুলি তেওঁ বিশ্বাস কৰে। লগতে জনা যায় যে গিৰীশ বাভালিয়াই তেওঁৰ কাৰ্যকালত এদিনো ছুটী লোৱা নাই বুলি জানিব পাৰি। তদুপৰি তেওঁৰ অভিনৱ পদ্ধতিৰ পাঠদান পদ্ধতিয়েও ছাত্ৰ-ছাত্ৰীক আকৰ্ষিত কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু