--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ পাকিস্তানত নহয় ভাৰততে থাকিব বিচাৰে। ভাৰতীয় নাগৰিকত্বৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুমুৰাৰ ওচৰতো আবেদন জনাইছে সীমা হাইদৰে। ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা আবেদনত সীমাই কয় যে শচীনক বিয়া কৰাই দিয়াৰ আগতেই তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। ইয়াৰ পিছতে নেপালৰ কাঠমাণ্ডুৰ পশুপতিনাথ মন্দিৰত হিন্দু পৰম্পৰাৰে শচীনৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

সীমাই আবেদনখনত ৰোমিঅ’-জুলিয়েট আৰু লয়লা-মাজনুৰ দৰে যোৰাৰ বিষয়েও ৰাষ্ট্ৰপতিৰ আগত উল্লেখ কৰে। শচীন আৰু তেওঁৰ প্ৰেম কাহিনী ‘অমৰ’, সীমাই তাৰেই আভাস দিলে। পত্ৰখনত বলীউডৰ দুগৰাকী তাৰকাৰ নামো প্ৰকাশ পাইছে।

এপ্লিকেচনত উল্লেখ আছে বলীউডৰ অভিনেতা অক্ষয় কুমাৰৰ নাম। সীমাই দাবী কৰে যে কানাডাৰ নাগৰিকত্ব থকাৰ পিছতো অক্ষয় ভাৰতৰ নাগৰিক। কেৱল অক্ষয়েই নহয়, আবেদন পত্ৰত সীমা এক বলিউডী অভিনেত্ৰীৰ নামো সাঙুৰিছে।

সীমাই আবেদন পত্ৰত লিখিছে যে অভিনেত্ৰী আলিয়া ভাটৰো দ্বৈত নাগৰিকত্ব আছে। ভাৰতৰ নাগৰিক হোৱাৰ পিছতো আলিয়াৰ ব্ৰিটিছ নাগৰিকত্ব আছে।

সীমাৰ দাবী যে যদি অক্ষয় আৰু আলিয়াৰ দৰে তাৰকা আন দেশৰ নাগৰিক হোৱাৰ পিছতো ভাৰতত থাকিব পাৰে, তেন্তে সীমাৰ বাবেও কোনো সমস্যা হ’ব নালাগে।

সীমাই এই গোচৰৰ মৌখিক শুনানিৰ বাবে ৰাষ্ট্ৰপতিৰ ওচৰত আবেদন জনায়। সংবাদ সংস্থা পিটিআইৰ মতে, সীমাৰ হৈ আদালতত গোচৰটো যুঁজিছে অধিবক্তা এ পি সিঙে।

সীমাক লৈ বহু বিতৰ্ক চলি আছে। কিছুমানৰ মতে সীমা প্ৰেমৰ বাবেই ভাৰতলৈ অহা নাছিল। তেওঁ আচলতে পাকিস্তানী চোৰাংচোৱা।

আনকি সীমা কোনো সাধাৰণ নাৰী নহয় বুলিও সন্দেহ কৰা হৈছে। বহু গোপন কথা তেওঁৰ জীৱনত লুকাই আছে। তদন্তকাৰী সংস্থাটোৰ গোচৰীয়াই এই প্ৰকাশৰ ক্ষেত্ৰত সক্ৰিয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ