--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ পাকিস্তানত নহয় ভাৰততে থাকিব বিচাৰে। ভাৰতীয় নাগৰিকত্বৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুমুৰাৰ ওচৰতো আবেদন জনাইছে সীমা হাইদৰে। ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা আবেদনত সীমাই কয় যে শচীনক বিয়া কৰাই দিয়াৰ আগতেই তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। ইয়াৰ পিছতে নেপালৰ কাঠমাণ্ডুৰ পশুপতিনাথ মন্দিৰত হিন্দু পৰম্পৰাৰে শচীনৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

সীমাই আবেদনখনত ৰোমিঅ’-জুলিয়েট আৰু লয়লা-মাজনুৰ দৰে যোৰাৰ বিষয়েও ৰাষ্ট্ৰপতিৰ আগত উল্লেখ কৰে। শচীন আৰু তেওঁৰ প্ৰেম কাহিনী ‘অমৰ’, সীমাই তাৰেই আভাস দিলে। পত্ৰখনত বলীউডৰ দুগৰাকী তাৰকাৰ নামো প্ৰকাশ পাইছে।

এপ্লিকেচনত উল্লেখ আছে বলীউডৰ অভিনেতা অক্ষয় কুমাৰৰ নাম। সীমাই দাবী কৰে যে কানাডাৰ নাগৰিকত্ব থকাৰ পিছতো অক্ষয় ভাৰতৰ নাগৰিক। কেৱল অক্ষয়েই নহয়, আবেদন পত্ৰত সীমা এক বলিউডী অভিনেত্ৰীৰ নামো সাঙুৰিছে।

সীমাই আবেদন পত্ৰত লিখিছে যে অভিনেত্ৰী আলিয়া ভাটৰো দ্বৈত নাগৰিকত্ব আছে। ভাৰতৰ নাগৰিক হোৱাৰ পিছতো আলিয়াৰ ব্ৰিটিছ নাগৰিকত্ব আছে।

সীমাৰ দাবী যে যদি অক্ষয় আৰু আলিয়াৰ দৰে তাৰকা আন দেশৰ নাগৰিক হোৱাৰ পিছতো ভাৰতত থাকিব পাৰে, তেন্তে সীমাৰ বাবেও কোনো সমস্যা হ’ব নালাগে।

সীমাই এই গোচৰৰ মৌখিক শুনানিৰ বাবে ৰাষ্ট্ৰপতিৰ ওচৰত আবেদন জনায়। সংবাদ সংস্থা পিটিআইৰ মতে, সীমাৰ হৈ আদালতত গোচৰটো যুঁজিছে অধিবক্তা এ পি সিঙে।

সীমাক লৈ বহু বিতৰ্ক চলি আছে। কিছুমানৰ মতে সীমা প্ৰেমৰ বাবেই ভাৰতলৈ অহা নাছিল। তেওঁ আচলতে পাকিস্তানী চোৰাংচোৱা।

আনকি সীমা কোনো সাধাৰণ নাৰী নহয় বুলিও সন্দেহ কৰা হৈছে। বহু গোপন কথা তেওঁৰ জীৱনত লুকাই আছে। তদন্তকাৰী সংস্থাটোৰ গোচৰীয়াই এই প্ৰকাশৰ ক্ষেত্ৰত সক্ৰিয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে