--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অগ্নিগৰ্ভ মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবেই এতিয়া দাবী উঠিছে  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ।  দুয়োগৰাকী নেতাৰ পদত্যাগৰ দাবী কৰিবলৈ সমগ্ৰ দেশৰ ৩,০০০ তকৈও অধিক সামাজিক কৰ্মী আৰু নাগৰিকে এনএপিএমৰ সৈতে মিলি  ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ওচৰত আবেদন জনাইছে।

দুমাহ ধৰি নিৰ্যাতিত হৈ থকা কুকি  মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে সমগ্ৰ দেশৰ ৩,০০০ তকৈও অধিক সমাজকৰ্মী আৰু নাগৰিকে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক আহ্বান জনোৱাৰ লগতে তেওঁ  মণিপুৰ ভ্ৰমণ কৰিবলৈও অনুৰোধ জনাইছে। 

শেহতীয়াকৈ  মণিপুৰৰ "অতি গুৰুতৰ পৰিস্থিতি"ত ৰাষ্ট্ৰপতিৰ জৰুৰী হস্তক্ষেপ বিচাৰি দেশজুৰি শ শ  সংগঠনক প্ৰতিনিধিত্ব কৰা ৩,২০০ ৰো অধিক সামাজিক কৰ্মী, শিক্ষাবিদ, শিল্পী, অৱসৰপ্ৰাপ্ত বিষয়া আৰু নাগৰিকে ৰাষ্ট্ৰপতিক অনুৰোধ জনায়। অনুৰোধ জনায়।

ৰাষ্ট্ৰপতিলৈ লিখা পত্ৰত কোৱা হৈছে যে প্ৰায় তিনি মাহ ধৰি মণিপুৰত অভূতপূৰ্ব অস্থিৰতা আৰু হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। আবেদনখনত  কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ভূমিকাক গৰিহণা দি কোৱা হৈছে  যে চৰকাৰে কেৱল স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰ কৰাত ব্যৰ্থ হোৱাই নাই ,  প্ৰকৃততে জাতিগত উত্তেজনা  আৰু সংখ্যাগৰিষ্ঠতাবাদী হিংসাত ইন্ধন যোগোৱাৰ বাবেও দায়বদ্ধ।পত্ৰ খনত স্বাক্ষৰকাৰীসকলে কয় যে এই বিফলতাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে  নৈতিক দায়িত্ব গ্ৰহণ কৰি তৎক্ষণাৎ পদত্যাগ কৰিব লাগে। 

আবেদনখনত  ৰাষ্ট্ৰপতিক সকলো নিৰ্যাতিত সম্প্ৰদায়, বিশেষকৈ জনজাতীয় মহিলাৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ আৰু অনুসূচীত জনজাতিৰ তালিকাত যাতে কোনো অসাংবিধানিক আৰু অযৌক্তিক পৰিৱৰ্তন নহয় সেয়া নিশ্চিত কৰিবলৈ আহ্বান জনোৱা হৈছে।
পত্ৰ খনত কোৱা হৈছে "ৰাজ্য আৰু আধিপত্যবাদী, পুৰুষতান্ত্ৰিক শক্তিৰ দ্বাৰা নিৰ্মম হিংসাৰ বাবে মহিলাৰ শৰীৰৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে অগ্ৰহণযোগ্য আৰু অযৌক্তিক। যি সময়ত এই হিংসাৰ বাবে বেছিভাগ জনতা আৰু আৰক্ষী পোনপটীয়াকৈ দায়ী, সেই সময়ত ক্ষমতাৰ শীৰ্ষত থকা লোকসকলৰ নিষ্ক্ৰিয়তা আৰু সহযোগৰ বিষয়তো প্ৰশ্ন উত্থাপন কৰা প্ৰয়োজন।  আনকি ৰাষ্ট্ৰীয় মহিলা আয়োগৰ দৰে প্ৰতিষ্ঠানেও দীৰ্ঘদিন ধৰি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই! এয়া  অতি দুখজনক যে  উচ্চতম ন্যায়ালয়েও বহু পলমকৈ বিষয়টোত হস্তক্ষেপ কৰিছে।"

স্বাক্ষৰকাৰীসকলে ৰাষ্ট্ৰপতিক বন আইনৰ "প্ৰতিক্ৰিয়াশীল সংশোধনী"ত সন্মতি নিদিবলৈও আহ্বান জনায়।  যিবোৰে উত্তৰ-পূব আৰু সমগ্ৰ ভাৰতৰ বনাঞ্চল আৰু বন-নিৰ্ভৰশীল সম্প্ৰদায়ৰ ওপৰত সুদূৰপ্ৰসাৰী বিৰূপ প্ৰভাৱ পেলাব।

আবেদনত স্বাক্ষৰকাৰীসকলৰ ভিতৰত আছে ড০ ৰূপেখা বাৰ্মা, মেধা পাটকাৰ, হৰ্ষ মান্দেৰ, অধ্যাপক ভাৰ্জিনিয়াছ খাখা, ৰুথ মনোৰমা, মীনা কান্দাস্বামী, ড. গেব্ৰিয়েল ডায়েট্ৰিচ, প্ৰফুল সামন্তৰা, আলিনা হোৰো, এছ.আৰ. দাৰাপুৰী, অধ্যাপক সন্দীপ পাণ্ডে, এগ্নেছ খছিং আৰু অন্যান্য বহু বিশিষ্ট ব্যক্তি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস