--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মহাদেৱৰ ১২টা জ্যোতিৰ্লিংগ ১২টা ৰাশিৰ সৈতে সম্পৰ্কিত। ৰাশি অনুযায়ী জ্যোতিৰ্লিংগ পূজা কৰিলে শুভ ফল পোৱা যায়। সেয়েহে আপোনাৰ ৰাশি অনুযায়ী কোনটো জ্যোতিৰ্লিংগ পূজা কৰিব লাগে জানি লওক।

১. মেষঃ-সোমনাথ জ্যোতিৰ্লিংগ গুজৰাটৰ সৌৰাষ্ট্ৰত অৱস্থিত। ইয়াক পৃথিৱীৰ প্ৰথম জ্যোতিৰ্লিংগ বুলি ধৰা হয়। চন্দ্ৰদেৱে ইয়াক প্ৰতিষ্ঠা কৰিছিল বুলি কোৱা হয়। মেষ ৰাশিৰ লোকে যদি পঞ্চমৃতেৰে সোমনাথ জ্যোতিৰ্লিংগক পূজা কৰে তেন্তে চন্দ্ৰ আৰু শিৱৰ আশীৰ্বাদ লাভ কৰে।

২. বৃষঃ–মল্লিকাৰ্জুন জ্যোতিৰ্লিংগ অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণ নদীৰ পাৰত শ্ৰীশৈল নামৰ পৰ্বতত অৱস্থিত। যদি বৃষ ৰাশিৰ লোকে মল্লিকাৰ্জুন জ্যোতিৰ্লিংগত পূজা কৰিলে শুভ ফল লাভ কৰে।

৩. মিথুনঃ–মহাকালেশ্বৰ জ্যোতিৰ্লিংগ মধ্যপ্ৰদেশৰ উজ্জয়িনত অৱস্থিত। এইটোৱেই একমাত্ৰ দক্ষিণমুখী জ্যোতিৰ্লিংগ। মিথুন ৰাশিৰ লোকে মহাকালেশ্বৰৰ ধ্যান কৰি ‘ওম নমঃ ভাগৱতে ৰুদ্ৰায়’ মন্ত্ৰ জপ কৰিলে অকাল মৃত্যুৰ ভয় কেতিয়াও নাথাকে।

৪. কৰ্কটঃ–ওমকাৰেশ্বৰ জ্যোতিৰ্লিংগ মধ্যপ্ৰদেশৰ ইন্দোৰৰ ওচৰত অৱস্থিত। কৰ্কট ৰাশিৰ লোকে এই জ্যোতিৰ্লিংগক পূজা আৰু ধ্যান কৰিলে শুভ ফল লাভ কৰিব।

৫. সিংহঃ–সকলো জ্যোতিৰ্লিংগৰ ভিতৰত শ্ৰী বৈদ্যনাথ শিৱলিংগই নৱম স্থান লাভ কৰিছে। এই জ্যোতিৰ্লিংগ সিংহ ৰাশিৰ লগত সম্পৰ্কিত। সিংহ ৰাশিৰ লোকে বাবা বৈদ্যনাথ জ্যোতিৰ্লিংগক পূজা কৰিলে ব্যৱসায়, পৰিয়াল, ৰাজনীতি বা স্বাস্থ্যৰ লগত জড়িত সকলো সমস্যা দূৰ হয়।

৬. কন্যাঃ–এই জ্যোতিৰ্লিংগ মহাৰাষ্ট্ৰৰ পুণে জিলাৰ সহ্যাদ্ৰি নামৰ পৰ্বতত অৱস্থিত। কন্যা ৰাশিৰ লোকে ভীমশংকৰ জ্যোতিৰ্লিংগক পূজা কৰি গাখীৰ আৰু ঘিউৰে গা ধুৱাই, তেন্তে ভীমশংকৰ সন্তুষ্ট হৈ আশীৰ্বাদ প্ৰদান কৰে।

৭. তুলাঃ–তামিলনাডু ৰাজ্যৰ ৰামনাথ পুৰাণ নামৰ স্থানত অৱস্থিত ৰামেশ্বৰ জ্যোতিৰ্লিংগ তুলা ৰাশিৰ সৈতে সম্পৰ্কিত। তুলা ৰাশিৰ লোকে ৰামেশ্বৰ জ্যোতিৰ্লিংগত পূজা কৰিলে বিবাহিত জীৱন সুখকৰ হয়।

৮. বৃশ্চিকঃ–বৃশ্চিক লোকে গুজৰাটৰ দ্বাৰকা জিলাত অৱস্থিত নাগেশ্বৰ জ্যোতিৰ্লিংগক পূজা কৰাটো শুভ।

৯. ধনুঃ–উত্তৰ প্ৰদেশৰ বাৰাণসীত অৱস্থিত কাশী বিশ্বনাথ জ্যোতিৰ্লিংগ ধনু ৰাশিৰ সৈতে সম্পৰ্কিত।এই ৰাশিৰ লোকে কাশী বিশ্বনাথ জ্যোতিৰ্লংগত পূজা কৰিলে শুভ ফল লাভ কৰিব।

১০. মকৰঃ–মকৰ ৰাশিৰ লোকে ত্ৰিম্বকেশ্বৰ জ্যোতিৰ্লিংগক পূজা কৰিব লাগে। এই জ্যোতিৰ্লিংগ নাছিক চহৰত অৱস্থিত।

১১. কুম্ভঃ–উত্তৰাখণ্ডত অৱস্থিত কেদাৰনাথ জ্যোতিৰ্লিংগ কুম্ভ ৰাশিৰ সৈতে সম্পৰ্কিত। কুম্ভ ৰাশি জাতক-জাতিকাসকলে কেদাৰনাথ শিৱলিংগক পঞ্চমৃতেৰে স্নান কৰোৱাৰ পাছত পদুম ফুল আৰু ধতুৰা ফুল অৰ্পণ কৰিলে শুভ ফল লাভ কৰিব।

১২. মীনঃ– মীন ৰাশিৰ লোকসকলে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত অৱস্থিত ঘুষ্মেশ্বৰ জ্যোতিৰ্লিংগক পূজা কৰিব লাগে। এই জ্যোতিৰ্লিংগ দ্বাদশ জ্যোতিৰ্লিংগ হিচাপে বিখ্যাত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক