--°C
Loading...
Listen to Article
2 min read
80%

 


১১/০৪/২৪, বৃহস্পতিবাৰ


মেষ ৰাশি :ব্যয়ৰ যুগ আছে । সঠিক সময়ত নিজৰ ক্ৰোধ আৰু কথাক নিয়ন্ত্ৰণ কৰক ৷ স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো মধ্যমীয়া । ধন লেনদেনৰ ক্ষেত্ৰত সতৰ্ক থাকক। পৰিয়ালৰ লোকৰ সৈতে বিতৰ্ক এৰাই চলক ৷

বৃষ ৰাশি : ফুৰ্তি মনেৰে থাকক । উপহাৰ লাভৰ যোগ । ভ্ৰমনৰ যোগ আছে । ভাগ্য সুপ্ৰসন্ন হ’ব ৷ আপুনি সফলতা লাভ কৰিব ৷ কৰ্মক্ষেত্ৰত শুভ ৷

মিথুন ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে আনন্দদায়ক আৰু শুভ । সহকৰ্মী আৰু ঊৰ্ধ্বতনৰ পৰা সহযোগিতা লাভ কৰিব ৷ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধিৰ সম্ভাৱনা আছে। পদোন্নতিৰ যোগ আছে। উপহাৰ লাভ কৰাৰ সম্ভাৱনা অধিক ৷ স্বাস্থ্য কুশলে থাকিব ।

কৰ্কট ৰাশি : ধৰ্মীয় কাম-কাজত মনোযোগ দিয়ক ৷ বিতৰ্কৰ পৰা বিৰত থাকক ৷ পৰিয়ালৰ লগত সময় কটাওক ৷ স্বাস্থ্য কুশলে থাকিব ৷ আৰ্থিক দিশত শুভ ৷ ধন লাভৰ যোগ ৷ গ্ৰহৰ প্ৰভাৱে আপোনাৰ জীৱনলৈ সুখ-শান্তি কঢ়িয়াই আনিব ৷

সিংহ ৰাশি: আজিৰ দিনটো মধ্যমীয়া । ধৰ্মীয় কাম-কাজৰ লগতে ধৰ্মীয় স্থানত ভ্ৰমণৰ যোগ আছে ৷ ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । কামত মনোযোগ দিয়ক তেতিয়াহে সফল হ’ব । সন্তানৰ কাৰণে মানসিক সমস্যাত জৰ্জৰ হৈ হ’ব পাৰে ৷

কন্যা ৰাশি : উদ্যোগ হাতত লোৱাৰ পৰিকল্পনা আছে যদি বাতিল কৰক । পদপথত বিক্ৰী কৰা খাদ্য নাখাব । তেনে খাদ্য স্বাস্থ্যৰ বাবে হানিকাৰক । খঙত নিয়ন্ত্ৰণ ৰাখক । অপ্ৰীতিকৰ পৰিস্থিতিক এৰাই চলাওক । পানীৰ পৰা সাৱধান । ব্যয়ৰ যোগ আছে।

তুলা ৰাশি : আজিৰ দিনটো শুভ । শ্বপিং কৰি ভাল পোৱা লোকসকলৰ বাবে শুভ দিন ৷ নতুন পোছাক, গহনা ক্ৰয় কৰক । শাৰীৰিক আৰু মানসিকভাৱে উজ্জীৱিত হৈ থাকিব ৷ সন্মান লাভ কৰিব ৷

বৃশ্চিক ৰাশি : ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব । শাৰীৰিক-মানসিকভাৱে উজ্জীৱিত হৈ থাকিব। ৰোগীসকল সুস্থ হৈ থাকিব । সহকৰ্মীৰ পৰা সাহাৰ্য আৰু সহযোগিতা লাভ কৰিব ৷ পুৰণি বান্ধৱীক লগ পাব পাৰে ।অসম্পূৰ্ণ হৈ থকা কাম সম্পূৰ্ণ হ’ব । আৰ্থিক লাভ হ’ব ৷ খৰচ হ্ৰাস হ’ব ৷

ধনু ৰাশি : ভ্ৰমণৰ পৰিকল্পনা থাকিলে পিচুৱাই দিয়ক । সন্তানৰ পঢ়াশুনা আৰু স্বাস্থ্যক লৈ চিন্তিত হ’ব । ক্ৰোধৰ উপৰত নিয়ন্ত্ৰণ ৰাখক আৰু বৌদ্ধিক আলোচনাৰপৰা বিৰত থাকক। শিল্পকলা আৰু সাহিত্যৰ প্ৰতি আগ্ৰহ বাঢ়িব ৷ প্ৰিয়জনৰ সৈতে ভাল সময় কটাব ৷

মকৰ ৰাশি : শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰিব পাৰে । পৰিয়ালত সংঘাত হ’ব পাৰে । মন বেয়া হৈ থাকিব ৷ সামাজিক মৰ্যাদাৰ হানি হ’ব। পানীৰপৰা সাৱধান আৰু নাৰীকেন্দ্ৰিক নেতিবাচক প্ৰভাৱৰপৰা দূৰত থাকক। দিনৰ শেষত ধ্যান কৰক।

কুম্ভ ৰাশি :সমৃদ্ধি আৰু সৌভাগ্যৰ যোগ । পদোন্নতিৰ যোগ আছে। ব্যৱসায়ৰপৰা অত্যধিক লাভাংশ পাব পাৰে । বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে সময় কটাওক । নতুন মানুহৰ সৈতে চিনাকী হ’ব পাৰে ৷ 

মীন ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে শুভ হ’ব । চৰ্দি-কাঁহ-জ্বৰ আদি ভাল হ’ব ৷ মানসিক সুখে দেখা দিব ৷ আনক সহায় কৰোতে সাৱধান হওক । আনৰ হৈ বিত্তীয় লেনদেন নকৰিব ৷ বৃহৎ ক্ষতি হোৱাৰ আশংকা আছে ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ