--°C
Loading...
Listen to Article
2 min read
80%



১২/০৪/২৪, শুকুৰবাৰ

মেষ ৰাশি :  মানসিক আৰু শাৰীৰিকভাৱে সুস্থ থাকিব । আপোনাৰ বন্ধু আৰু প্ৰিয়জনক লগ পাব । আত্মীয়ৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা আছে । অধিক চিন্তা নকৰিব ।


বৃষ ৰাশি : কোনোৱে আপোনাক সমস্যাত পেলাব । আপোনাৰ মাতৃৰ  পানীলগা-কাঁহ-জ্বৰ হ’ব পাৰে । ধৰ্মীয় কাৰ্যত ব্যয় হ’ব । প্ৰিয়জনৰ লগত সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে । বন্ধু আৰু আত্মীয়-স্বজনৰ সৈতে সাক্ষাৎ হ’ব পাৰে । ঘৰুৱা পৰিৱেশ উত্‍সাহপূৰ্ণ হৈ থাকিব ৷


মিথুন ৰাশি : বন্ধুৰপৰা উপকৃত হ’ব পাৰে । নতুন ব্যক্তিৰ সৈতে বন্ধুত্ব হ’ব পাৰে । আৰ্থিক দিশত শুভ ৷ সৰুসুৰা ভ্ৰমণৰ যোগ আছে । আনৰ কামত বা বিষয়ত হেতা ওপৰা কৰাৰপৰা দূৰত থাকক। আৰ্থিক লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধানে হওক ৷

কৰ্কট ৰাশি : আপুনি নিজৰ পেছা আৰু ব্যক্তিগত বিষয়ৰ গুৰুত্বপূৰ্ণ দিশবোৰ লৈ আলোচনা কৰক। অতিৰিক্ত কামৰ হেঁচাত আপুনি ভাগৰিব পাৰে ৷ বন্ধুক লগ কৰক ৷ সৰু ভ্ৰমণৰ যোগ আছে । সামাজিক কামত ব্যস্ত থাকিব পাৰে ৷

সিংহ ৰাশি : আপুনি হয়তো উদ্বিগ্ন হৈ থাকিব পাৰে ৷ মানসিক আৰু শাৰীৰিকভাৱেও ভাগৰুৱা হৈ থাকিব । আগ্ৰাসী মনোভাৱক ক্ষান্ত কৰি ৰাখক। অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হ’ব পাৰে । কাৰ্যালয়ত আপুনি উৰ্ধতনসকলৰ সৈতে গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰক ৷

কন্যা ৰাশি: অধিবিদ্যাৰ প্ৰতি আকৃষ্ট হোৱাৰ সম্ভাৱনা আছে। কাজিয়া এৰাই চলিবলৈ কথা-বতৰাত নিয়ন্ত্ৰণ ৰাখক । আপোনাৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে । সৰু ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। 

তুলা ৰাশি: কৰ্মক্ষেত্ৰ আৰু আন বিভিন্ন ক্ষেত্ৰৰপৰা প্ৰশংসা লাভ কৰিব পাৰে । প্ৰিয়জনৰ সৈতে সাক্ষাৎ হ’ব । দাম্পত্য জীৱনত শুভ । নিজৰ কথা-বতৰা আৰু আচৰণত নিয়ন্ত্ৰণত ৰাখক। সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক। আধ্যাত্মিক কাৰ্যকলাপৰ যোগ আছে।


বৃশ্চিক ৰাশি : ব্যস্ততাপূৰ্ণ দিন । কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা আছে । আজি আপুনি অধিক মানুহক লগ পাব ৷ জ্ঞান লাভ কৰিব ৷ দাম্পত্য জীৱন সুখৰ হ’ব ৷ সামাজিক ক্ৰিয়া-কলাপ প্ৰশংসিত হ’ব। প্ৰিয়জনৰ লগত সুখৰ সময় পাৰ কৰিব ৷


ধনু ৰাশি : যি পৰিমাণ কঠোৰ পৰিশ্ৰম কৰিব, তাতকৈ কম ফল লাভ কৰিবল । আপুনি মানসিক আৰু শাৰীৰিকভাৱে কিছু সকাহ পাব পাৰে । দিনটো আপুনি বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আনন্দেৰে কটাব । আজি আপুনি ধৰ্ম আৰু দান কৰক । আৰ্থিক লাভৰ যোগ আছে ।

মকৰ ৰাশি : অত্যধিক আবেগিক হৈ নপৰিব । সম্পত্তি আৰু ভূমি সম্বন্ধীয় বিষয় এৰাই চলক । মানসিক অস্থিৰতাত ভুগিব পাৰে, স্বাস্থ্যৰ প্ৰতি চকু ৰাখক । নমনীয় হওক। সন্তানক লৈ দুশ্চিন্তাত ভুগিব । সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক।


কুম্ভ ৰাশি : নতুন পৰিকল্পনা হাতত ল’ব পাৰে ৷ গুৰুত্বপূৰ্ণ বিষয়ৰ ক্ষেত্ৰত খৰধৰকৈ কোনো সিদ্ধান্ত নল’ব । মধ্যাহ্ন অথবা সন্ধিয়াৰ পিচত পৰিস্থিতি সলনি হ’ব । আৰ্থিক দিশত দুৰ্বল । কোনোবাই আপোনাক মনত আঘাত দিব পাৰে। সম্পত্তি সম্বন্ধীয় বিষয় এৰাই চলক। আধ্যাত্মিকতাই আপোনাৰ উদ্বেগ হ্ৰাস কৰিব ।

মীন ৰাশি : অলপ ক্ষতিকাৰক হ’ব পাৰে ৷ অত্যধিক আৰ্থিক ব্যয় হ’ব পাৰে ৷ কথা কওঁতে সচেতন হওক; অপ্ৰত্যাশিত পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে । কৰ্মস্থলীত সহকৰ্মীৰ পৰা কঠোৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হ’ব পাৰে । বিভ্ৰান্ত মনত দ্বিধা উত্‍পন্ন হ’ব পাৰে ৷ সঠিক সিদ্ধান্ত লওক ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে