--°C
Loading...
Listen to Article
2 min read
80%



১২/০৪/২৪, শুকুৰবাৰ

মেষ ৰাশি :  মানসিক আৰু শাৰীৰিকভাৱে সুস্থ থাকিব । আপোনাৰ বন্ধু আৰু প্ৰিয়জনক লগ পাব । আত্মীয়ৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা আছে । অধিক চিন্তা নকৰিব ।


বৃষ ৰাশি : কোনোৱে আপোনাক সমস্যাত পেলাব । আপোনাৰ মাতৃৰ  পানীলগা-কাঁহ-জ্বৰ হ’ব পাৰে । ধৰ্মীয় কাৰ্যত ব্যয় হ’ব । প্ৰিয়জনৰ লগত সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে । বন্ধু আৰু আত্মীয়-স্বজনৰ সৈতে সাক্ষাৎ হ’ব পাৰে । ঘৰুৱা পৰিৱেশ উত্‍সাহপূৰ্ণ হৈ থাকিব ৷


মিথুন ৰাশি : বন্ধুৰপৰা উপকৃত হ’ব পাৰে । নতুন ব্যক্তিৰ সৈতে বন্ধুত্ব হ’ব পাৰে । আৰ্থিক দিশত শুভ ৷ সৰুসুৰা ভ্ৰমণৰ যোগ আছে । আনৰ কামত বা বিষয়ত হেতা ওপৰা কৰাৰপৰা দূৰত থাকক। আৰ্থিক লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধানে হওক ৷

কৰ্কট ৰাশি : আপুনি নিজৰ পেছা আৰু ব্যক্তিগত বিষয়ৰ গুৰুত্বপূৰ্ণ দিশবোৰ লৈ আলোচনা কৰক। অতিৰিক্ত কামৰ হেঁচাত আপুনি ভাগৰিব পাৰে ৷ বন্ধুক লগ কৰক ৷ সৰু ভ্ৰমণৰ যোগ আছে । সামাজিক কামত ব্যস্ত থাকিব পাৰে ৷

সিংহ ৰাশি : আপুনি হয়তো উদ্বিগ্ন হৈ থাকিব পাৰে ৷ মানসিক আৰু শাৰীৰিকভাৱেও ভাগৰুৱা হৈ থাকিব । আগ্ৰাসী মনোভাৱক ক্ষান্ত কৰি ৰাখক। অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হ’ব পাৰে । কাৰ্যালয়ত আপুনি উৰ্ধতনসকলৰ সৈতে গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰক ৷

কন্যা ৰাশি: অধিবিদ্যাৰ প্ৰতি আকৃষ্ট হোৱাৰ সম্ভাৱনা আছে। কাজিয়া এৰাই চলিবলৈ কথা-বতৰাত নিয়ন্ত্ৰণ ৰাখক । আপোনাৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে । সৰু ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। 

তুলা ৰাশি: কৰ্মক্ষেত্ৰ আৰু আন বিভিন্ন ক্ষেত্ৰৰপৰা প্ৰশংসা লাভ কৰিব পাৰে । প্ৰিয়জনৰ সৈতে সাক্ষাৎ হ’ব । দাম্পত্য জীৱনত শুভ । নিজৰ কথা-বতৰা আৰু আচৰণত নিয়ন্ত্ৰণত ৰাখক। সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক। আধ্যাত্মিক কাৰ্যকলাপৰ যোগ আছে।


বৃশ্চিক ৰাশি : ব্যস্ততাপূৰ্ণ দিন । কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা আছে । আজি আপুনি অধিক মানুহক লগ পাব ৷ জ্ঞান লাভ কৰিব ৷ দাম্পত্য জীৱন সুখৰ হ’ব ৷ সামাজিক ক্ৰিয়া-কলাপ প্ৰশংসিত হ’ব। প্ৰিয়জনৰ লগত সুখৰ সময় পাৰ কৰিব ৷


ধনু ৰাশি : যি পৰিমাণ কঠোৰ পৰিশ্ৰম কৰিব, তাতকৈ কম ফল লাভ কৰিবল । আপুনি মানসিক আৰু শাৰীৰিকভাৱে কিছু সকাহ পাব পাৰে । দিনটো আপুনি বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আনন্দেৰে কটাব । আজি আপুনি ধৰ্ম আৰু দান কৰক । আৰ্থিক লাভৰ যোগ আছে ।

মকৰ ৰাশি : অত্যধিক আবেগিক হৈ নপৰিব । সম্পত্তি আৰু ভূমি সম্বন্ধীয় বিষয় এৰাই চলক । মানসিক অস্থিৰতাত ভুগিব পাৰে, স্বাস্থ্যৰ প্ৰতি চকু ৰাখক । নমনীয় হওক। সন্তানক লৈ দুশ্চিন্তাত ভুগিব । সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক।


কুম্ভ ৰাশি : নতুন পৰিকল্পনা হাতত ল’ব পাৰে ৷ গুৰুত্বপূৰ্ণ বিষয়ৰ ক্ষেত্ৰত খৰধৰকৈ কোনো সিদ্ধান্ত নল’ব । মধ্যাহ্ন অথবা সন্ধিয়াৰ পিচত পৰিস্থিতি সলনি হ’ব । আৰ্থিক দিশত দুৰ্বল । কোনোবাই আপোনাক মনত আঘাত দিব পাৰে। সম্পত্তি সম্বন্ধীয় বিষয় এৰাই চলক। আধ্যাত্মিকতাই আপোনাৰ উদ্বেগ হ্ৰাস কৰিব ।

মীন ৰাশি : অলপ ক্ষতিকাৰক হ’ব পাৰে ৷ অত্যধিক আৰ্থিক ব্যয় হ’ব পাৰে ৷ কথা কওঁতে সচেতন হওক; অপ্ৰত্যাশিত পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে । কৰ্মস্থলীত সহকৰ্মীৰ পৰা কঠোৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হ’ব পাৰে । বিভ্ৰান্ত মনত দ্বিধা উত্‍পন্ন হ’ব পাৰে ৷ সঠিক সিদ্ধান্ত লওক ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ