--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মথাউৰিৰ ছিগা অংশৰে তীব্র গতিৰে পানী সোমাই জলমগ্ন কৰি তোলে মধ্য ছত্ৰঙৰ বিস্তীর্ণ অঞ্চল। শেহতীয়া বাঢ়নী পানীয়ে মধ্য ছত্ৰঙৰ শতাধিক পৰিয়ালৰ ঘৰ- বাৰী পানীৰে একাকাৰ কৰি তোলা পৰিলক্ষিত হয়।

ডিজিটেল ডেস্ক : গহপুৰ সম জিলাৰ ব্ৰহ্মাজান আৰু ছত্ৰং নৈৰ বাঢ়নী পানীয়ে কালি নিশাৰে পৰা বুৰাই পেলাই বিস্তীর্ণ অঞ্চল। ধাৰাসাৰ বৰষুণৰ ফলত বাঢ়নী পানীয়ে হেলেম ৰাজহ চক্ৰৰ ব্ৰহ্মাজান আৰু ছত্রং নৈৰ মথাউৰি ছিঙি কেইবাখনো গাঁও জলমগ্ন কৰি তোলাৰ লগতে খেতি পথাৰৰ যথেষ্ট ক্ষতিসাধন কৰে।


ব্ৰহ্মাজান নৈৰ মথাউৰি কালি পুৱতি নিশা দৰিয়াখাটৰ ওচৰত ছিঙি নিয়ে। ফলত ছিগা অংশৰে তীব্র গতিৰে সোমাই অহা খৰস্রোতা বাঢ়নী পানীয়ে মুহূৰ্তৰ ভিতৰতে বুৰাই পেলায় দৰিয়াখাট, মহেন্দ্ৰপুৰ, কঠাইচুক, খাটৰবাৰীকে ধৰি একাধিক গাঁও।


ৰাস্তা-ঘাট, ঘৰ-বাৰী আদি বাঢ়নী পানীৰে একাকাৰ হৈ পৰাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত। উক্ত গাঁওসমূহৰ মাজেৰে যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰাৰ ফলত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ যোৱাৰ পৰা কালি বিৰত থাকিবলগীয়া হয়।


শেহতীয়া বাঢ়নী পানীয়ে খেতি পথাৰৰ যথেষ্ট ক্ষতিসাধন কৰাৰ ফলত কৃষকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। উত্তৰাঞ্চলৰ ভোলাগুৰি চাহ বাগিচা আৰু বালিজান ফৰেষ্টৰ বিভিন্ন গাঁও বুৰাই পেলায় বাঢ়নী পানীয়ে। বহু পৰিয়ালৰ ঘৰৰ ভিতৰত পানী সোমাই যথেষ্ট অনিষ্ট সাধন কৰিছে। ইপিনে হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত মধ্য ছত্রঙতো সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। গহপুৰ পৌৰসভাৰ অন্তৰ্গত ৭ নং ৱাৰ্ডৰ মধ্য ছত্ৰঙত ছত্ৰং নৈৰ মথাউৰিৰ বহু অংশ আজি পুৱা প্রায় ৪-৩০ বজাত ছিঙি নিয়ে ছত্ৰং নৈৰ খৰস্রোতা বাঢ়নী পানীয়ে।


ফলত মথাউৰিৰ ছিগা অংশৰে তীব্র গতিৰে পানী সোমাই জলমগ্ন কৰি তোলে মধ্য ছত্ৰঙৰ বিস্তীর্ণ অঞ্চল। শেহতীয়া বাঢ়নী পানীয়ে মধ্য ছত্ৰঙৰ শতাধিক পৰিয়ালৰ ঘৰ- বাৰী পানীৰে একাকাৰ কৰি তোলা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে গহপুৰ সমজিলাৰ ব্রহ্মাজান আৰু ছত্রং নৈৰ মথাউৰি নিৰ্মাণ আৰু মেৰামতিৰ বাবে জলসম্পদ বিভাগে প্ৰতি বছৰে কোটি কোটি টকা খৰচ কৰি আহিছে যদিও ভুক্তভোগী ৰাইজে জলসম্পদ বিভাগৰ কোটিটকীয়া বান প্ৰতিৰোধ আঁচনিসমূহৰ পৰা কোনো ধৰণৰ সকাহ পোৱা নাই।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ