--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মথাউৰিৰ ছিগা অংশৰে তীব্র গতিৰে পানী সোমাই জলমগ্ন কৰি তোলে মধ্য ছত্ৰঙৰ বিস্তীর্ণ অঞ্চল। শেহতীয়া বাঢ়নী পানীয়ে মধ্য ছত্ৰঙৰ শতাধিক পৰিয়ালৰ ঘৰ- বাৰী পানীৰে একাকাৰ কৰি তোলা পৰিলক্ষিত হয়।

ডিজিটেল ডেস্ক : গহপুৰ সম জিলাৰ ব্ৰহ্মাজান আৰু ছত্ৰং নৈৰ বাঢ়নী পানীয়ে কালি নিশাৰে পৰা বুৰাই পেলাই বিস্তীর্ণ অঞ্চল। ধাৰাসাৰ বৰষুণৰ ফলত বাঢ়নী পানীয়ে হেলেম ৰাজহ চক্ৰৰ ব্ৰহ্মাজান আৰু ছত্রং নৈৰ মথাউৰি ছিঙি কেইবাখনো গাঁও জলমগ্ন কৰি তোলাৰ লগতে খেতি পথাৰৰ যথেষ্ট ক্ষতিসাধন কৰে।


ব্ৰহ্মাজান নৈৰ মথাউৰি কালি পুৱতি নিশা দৰিয়াখাটৰ ওচৰত ছিঙি নিয়ে। ফলত ছিগা অংশৰে তীব্র গতিৰে সোমাই অহা খৰস্রোতা বাঢ়নী পানীয়ে মুহূৰ্তৰ ভিতৰতে বুৰাই পেলায় দৰিয়াখাট, মহেন্দ্ৰপুৰ, কঠাইচুক, খাটৰবাৰীকে ধৰি একাধিক গাঁও।


ৰাস্তা-ঘাট, ঘৰ-বাৰী আদি বাঢ়নী পানীৰে একাকাৰ হৈ পৰাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত। উক্ত গাঁওসমূহৰ মাজেৰে যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰাৰ ফলত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ যোৱাৰ পৰা কালি বিৰত থাকিবলগীয়া হয়।


শেহতীয়া বাঢ়নী পানীয়ে খেতি পথাৰৰ যথেষ্ট ক্ষতিসাধন কৰাৰ ফলত কৃষকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। উত্তৰাঞ্চলৰ ভোলাগুৰি চাহ বাগিচা আৰু বালিজান ফৰেষ্টৰ বিভিন্ন গাঁও বুৰাই পেলায় বাঢ়নী পানীয়ে। বহু পৰিয়ালৰ ঘৰৰ ভিতৰত পানী সোমাই যথেষ্ট অনিষ্ট সাধন কৰিছে। ইপিনে হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত মধ্য ছত্রঙতো সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। গহপুৰ পৌৰসভাৰ অন্তৰ্গত ৭ নং ৱাৰ্ডৰ মধ্য ছত্ৰঙত ছত্ৰং নৈৰ মথাউৰিৰ বহু অংশ আজি পুৱা প্রায় ৪-৩০ বজাত ছিঙি নিয়ে ছত্ৰং নৈৰ খৰস্রোতা বাঢ়নী পানীয়ে।


ফলত মথাউৰিৰ ছিগা অংশৰে তীব্র গতিৰে পানী সোমাই জলমগ্ন কৰি তোলে মধ্য ছত্ৰঙৰ বিস্তীর্ণ অঞ্চল। শেহতীয়া বাঢ়নী পানীয়ে মধ্য ছত্ৰঙৰ শতাধিক পৰিয়ালৰ ঘৰ- বাৰী পানীৰে একাকাৰ কৰি তোলা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে গহপুৰ সমজিলাৰ ব্রহ্মাজান আৰু ছত্রং নৈৰ মথাউৰি নিৰ্মাণ আৰু মেৰামতিৰ বাবে জলসম্পদ বিভাগে প্ৰতি বছৰে কোটি কোটি টকা খৰচ কৰি আহিছে যদিও ভুক্তভোগী ৰাইজে জলসম্পদ বিভাগৰ কোটিটকীয়া বান প্ৰতিৰোধ আঁচনিসমূহৰ পৰা কোনো ধৰণৰ সকাহ পোৱা নাই।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ