--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৮৫ বছৰ বয়সত অদম্য সাহস দেখুৱালে মহিলাগৰাকীয়ে। দ্বিতীয় বিশ্বযুদ্ধৰ এখন বিমানত উঠি টেমছ নদীৰ ওপৰেৰে উৰি গ’ল ধীৰা চলিহা হাজৰিকা।

ডিজিটেল ডেস্ক : অসমৰ প্ৰথমগৰাকী মহিলা পাইলট ধীৰা চলিহা হাজৰিকাই আকৌ এবাৰ আকাশত উৰুৱালে বিমান।  ধীৰা চলিহা হাজৰিকাই ১৯৬১ চনত প্ৰথমবাৰৰ বাবে আকাশত উৰুৱাইছিল বিমান। ৬০ বছৰৰো অধিক সময়ৰ পাছত পুনৰবাৰ আকাশলৈ উৰা মাৰিলে ধীৰা চলিহা হাজৰিকা। 


৮৫ বছৰ বয়সত অদম্য সাহস দেখুৱালে মহিলাগৰাকীয়ে। দ্বিতীয় বিশ্বযুদ্ধৰ এখন বিমানত উঠি টেমছ নদীৰ ওপৰেৰে উৰি গ’ল ধীৰা চলিহা হাজৰিকা।


ব্ৰিটিছ এয়াৰৱেজৰ প্ৰাক্তন পাইলট কেপ্তেইন জন টাৱেলৰ সৈতে তেওঁৰ আইকনিক য়েল্ল টাইগাৰ মথ জি-এএনএফএম বিমানখনত উৰা মাৰিছিল ধীৰা চলিহা হাজৰিকাই। যিখন বিমানক হলীউডৰ দ্য কিংছ স্পীচ আৰু থাণ্ডাৰবাৰ্ডছৰ দৰে ছবিত দেখা গৈছিল।


ব্ৰিটেইনৰ অন্যতম ঐতিহাসিক আৰু পৰিচিত বিমানবন্দৰ হোৱাইট ৱালথাম বিমানবন্দৰৰ ককপিটৰ পৰা নামি তেওঁ কয়, “এয়া একেবাৰে আচৰিত আছিল, মোৰ উৰণৰ দিনবোৰৰ স্মৃতিবোৰ মনলৈ উভতি আহিছিল। শেষবাৰৰ বাবে টাইগাৰ মথ উৰাজাহাজত উঠি মই অসমৰ সেউজীয়া আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰে উৰি গৈছিলোঁ আৰু আজি মই ইংলেণ্ডৰ ৰোলিং ফিল্ড আৰু টেমছ নদীৰ ওপৰত আছিলো।”


ধীৰা চলিহা-হাজৰিকাই ১৯৫৯ চনৰ পৰা ১৯৬২ চনলৈ অসম ফ্লাইং ক্লাবত টাইগাৰ মথ আৰু পুষ্পক উৰুৱাইছিল আৰু ১৯৬১ চনত পাইলট’ছ এ লাইচেন্স লাভ কৰিছিল।৬৪ বছৰৰ পাছতো তেওঁৰ হৃদয়খন আকাশৰ বাবে স্পন্দন কৰে। বৰ্তমান তেওঁ উৰণ যাত্ৰাক লৈ আত্মজীৱনী লিখি আছে।


উল্লেখ্য যে ধীৰা চলিহা-হাজৰিকাই ২০১৭ চনত 'প্ৰাগ প্ৰেৰণা এৱাৰ্ড' লাভ কৰিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ