--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৮৫ বছৰ বয়সত অদম্য সাহস দেখুৱালে মহিলাগৰাকীয়ে। দ্বিতীয় বিশ্বযুদ্ধৰ এখন বিমানত উঠি টেমছ নদীৰ ওপৰেৰে উৰি গ’ল ধীৰা চলিহা হাজৰিকা।

ডিজিটেল ডেস্ক : অসমৰ প্ৰথমগৰাকী মহিলা পাইলট ধীৰা চলিহা হাজৰিকাই আকৌ এবাৰ আকাশত উৰুৱালে বিমান।  ধীৰা চলিহা হাজৰিকাই ১৯৬১ চনত প্ৰথমবাৰৰ বাবে আকাশত উৰুৱাইছিল বিমান। ৬০ বছৰৰো অধিক সময়ৰ পাছত পুনৰবাৰ আকাশলৈ উৰা মাৰিলে ধীৰা চলিহা হাজৰিকা। 


৮৫ বছৰ বয়সত অদম্য সাহস দেখুৱালে মহিলাগৰাকীয়ে। দ্বিতীয় বিশ্বযুদ্ধৰ এখন বিমানত উঠি টেমছ নদীৰ ওপৰেৰে উৰি গ’ল ধীৰা চলিহা হাজৰিকা।


ব্ৰিটিছ এয়াৰৱেজৰ প্ৰাক্তন পাইলট কেপ্তেইন জন টাৱেলৰ সৈতে তেওঁৰ আইকনিক য়েল্ল টাইগাৰ মথ জি-এএনএফএম বিমানখনত উৰা মাৰিছিল ধীৰা চলিহা হাজৰিকাই। যিখন বিমানক হলীউডৰ দ্য কিংছ স্পীচ আৰু থাণ্ডাৰবাৰ্ডছৰ দৰে ছবিত দেখা গৈছিল।


ব্ৰিটেইনৰ অন্যতম ঐতিহাসিক আৰু পৰিচিত বিমানবন্দৰ হোৱাইট ৱালথাম বিমানবন্দৰৰ ককপিটৰ পৰা নামি তেওঁ কয়, “এয়া একেবাৰে আচৰিত আছিল, মোৰ উৰণৰ দিনবোৰৰ স্মৃতিবোৰ মনলৈ উভতি আহিছিল। শেষবাৰৰ বাবে টাইগাৰ মথ উৰাজাহাজত উঠি মই অসমৰ সেউজীয়া আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰে উৰি গৈছিলোঁ আৰু আজি মই ইংলেণ্ডৰ ৰোলিং ফিল্ড আৰু টেমছ নদীৰ ওপৰত আছিলো।”


ধীৰা চলিহা-হাজৰিকাই ১৯৫৯ চনৰ পৰা ১৯৬২ চনলৈ অসম ফ্লাইং ক্লাবত টাইগাৰ মথ আৰু পুষ্পক উৰুৱাইছিল আৰু ১৯৬১ চনত পাইলট’ছ এ লাইচেন্স লাভ কৰিছিল।৬৪ বছৰৰ পাছতো তেওঁৰ হৃদয়খন আকাশৰ বাবে স্পন্দন কৰে। বৰ্তমান তেওঁ উৰণ যাত্ৰাক লৈ আত্মজীৱনী লিখি আছে।


উল্লেখ্য যে ধীৰা চলিহা-হাজৰিকাই ২০১৭ চনত 'প্ৰাগ প্ৰেৰণা এৱাৰ্ড' লাভ কৰিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ