--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তথ্য অনুসৰি ৰাজ্যত জলসিঞ্চন বিভাগৰ মুঠ ৩,৯১৩খন প্রকল্প আঁচনি আছে যদিও ইয়াৰে ১,৫৮৫খন আঁচনিয়েই অকামিলা হৈ আছে।

ডিজিটেল ডেস্ক : হাতীত পৰিণত হৈছে ৰাজ্যৰ জলসিঞ্চন বিভাগটো। যি সময়ত ৰাজ্যত খৰাং পৰিস্থিতিৰ উদ্ভৱ হৈছে, সেই সময়ত জলসিঞ্চন বিভাগটোৱে প্রায় ৮৪ শতাংশ ভূমিতে পানী যোগান ধৰিব পৰা নাই। অথচ প্রতিবছৰে জলসিঞ্চনৰ নামত কোটি কোটি টকা ব্যয় কৰা হয়। খোদ ৰাজ্য চৰকাৰে প্ৰকাশ কৰা তথ্য মতেই অসমৰ সৰ্বমুঠ খেতি কৰা মাটিৰ পৰিমাণ ৩৪.৮৮ লাখ হেক্টৰ।


ইয়াৰ ভিতৰত বছৰি খেতি কৰা ভূমিৰ পৰিমাণ হ'ল ২৮.৬২ লাখ হেক্টৰ। কিন্তু জলসিঞ্চন বিভাগৰ আঁচনিয়ে মাত্র ১১.০৩ লাখ হেক্টৰ কৃষিভূমিহে জলসিঞ্চনৰ আওতালৈ আনিবলৈ সক্ষম হৈছে। ইয়াৰে আকৌ মাত্র ৫.৫০ লাখ হেক্টৰ কৃষিভূমিতহে জলসিঞ্চন বিভাগৰ আঁচনিৰ জৰিয়তে যোগান ধৰা হয়।


বাকী অঞ্চলত আঁচনি থাকিলেও কৃষকে পানী নাপায়। তথ্য অনুসৰি ৰাজ্যত জলসিঞ্চন বিভাগৰ মুঠ ৩,৯১৩খন প্রকল্প আঁচনি আছে যদিও ইয়াৰে ১,৫৮৫খন আঁচনিয়েই অকামিলা হৈ আছে। সকলোতকৈ ডাঙৰ কথা যে অসমত ১৯৭৪ চনতে গঠন কৰা হৈছিল জলসিঞ্চন বিভাগটো। কিন্তু ৫০ বছৰ অতিক্ৰম কৰিও বিভাগটোৱে ১৫ শতাংশ কৃষি ভূমিতো পানী যোগানৰ ব্যৱস্থা কৰিব নোৱাৰিলে। কেন্দ্ৰীয় কৃষি মন্ত্র্যালয়ে প্রকাশ কৰা ২০২২-২৩ বৰ্ষৰ বাৰ্ষিক প্রতিবেদন অনুসৰি অসমৰ মাত্র ১৪ শতাংশ কৃষিভূমিতহে জলসিঞ্চনৰ ব্যৱস্থা আছে। ইয়াৰ বিপৰীতে পঞ্জাবত ৯৮.১ শতাংশ, হাৰিয়ানাত ৮৭.৬ শতাংশ, অন্ধ প্রদেশত ৬৩.৯ শতাংশ, বিহাৰত ৬৩.৪ শতাংশ, তামিলনাডুত ৬৩.১ শতাংশ, পশ্চিম বংগত ৪৮.২ শতাংশ, গুজৰাটত ৪৪.৭ শতাংশ, মধ্য প্রদেশত ৪৪.৫ শতাংশ, উত্তৰাখণ্ডত ৪২ শতাংশ আৰু ওড়িশাত ৩৩.৬ শতাংশ ভূমিত জলসিঞ্চনৰ ব্যৱস্থা আছে।


ইফালে, জলসিঞ্চনৰ সুব্যৱস্থা থকাৰ বাবেই পঞ্জাবে দেশৰ মুঠ উৎপাদিত ধানৰ ১১.৬ শতাংশ উৎপাদন কৰাৰ বিপৰীতে অসমে উৎপাদন কৰে মাত্র ১.৭ শতাংশ ধানহে। এনে পৰিস্থিতিত চলিত বৰ্ষত যদি ৰাজ্যত খৰাং পৰিস্থিতি অব্যাহত থাকে, তেনেহ'লে সাধাৰণ কৃষকৰ কি গতি হ'ব সেয়া সহজে অনুমেয়। কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰিয়েই যোৱা ডেৰ মাহত অসমত স্বাভাৱিক বৰষুণৰ পৰিমাণতকৈ ৩৯ শতাংশ বৰষুণ হ্রাস পাইছে। কিন্তু দুর্ভাগ্যৰ কথা যে চৰকাৰী হিতাধিকাৰী আঁচনি ৰূপায়ণত গুৰুত্ব দিয়া ৰাজ্য চৰকাৰখনে খেতিপথাৰত পানী দিয়াৰ কথা চিন্তা কৰিবলৈকে সময় নোপোৱা হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ